তৃতীয়-চতুৰ্থবৰ্গৰ ৮৩৫টা পদত বাছনিকৃত প্ৰাৰ্থীক নিযুক্তি প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ ৰাজ্য চৰকাৰৰ

তৃতীয়-চতুৰ্থবৰ্গৰ ৮৩৫টা পদত বাছনিকৃত প্ৰাৰ্থীক নিযুক্তি প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ ৰাজ্য চৰকাৰৰ

ৰঙিলী বাৰ্ত্তাসেৱা- মুখ্যমন্ত্রী ড° হিমস্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত ৰাজ্যিক কেবিনেটৰ সিদ্ধান্ত তৃতীয়-চতুৰ্থ বৰ্গত নিযুক্তি দিয়া হ’ব বাছনিকৃত প্ৰাৰ্থীক। ৰাজ্যিক নিযুক্তি আয়োগৰ অধীনত তৃতীয়-চতুৰ্থ বৰ্গৰ পদৰ বাবে বাছনিকৃত ৮৩৫ প্ৰাৰ্থীক নিযুক্তি দিয়াৰ সিদ্ধান্ত লৈছে ৰাজ্য চৰকাৰে। তৃতীয় বৰ্গৰ পদত ১৯৮গৰাকীয়ে আৰু চতুৰ্থবৰ্গৰ পদত ৬৩৭ গৰাকীয়ে নিযুক্তি লাভ কৰিব। কেবিনেট বৈঠকৰ অন্তত এক সংবাদ মেলত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই সেই বিষয়ে সদৰী কৰি কয় যে যোৱা মাহত অসম চৰকাৰে ৪৪,৭০৩ গৰাকীক নিযুক্তি পত্ৰ প্ৰদান কৰে। ইয়াৰে ২৬,০০০ গৰাকীক তৃতীয় আৰু চতুৰ্থবৰ্গৰ পদত নিযুক্তি নিয়া হয়। তৃতীয়বর্গৰ নিয়োগ আয়োগ আৰু চতুৰ্থ বৰ্গৰ নিয়োগ আয়োগে নিযুক্তিৰ বাবে বাছনি কৰাসকলৰ একাংশই দুই-তিনিটা পদত বাছনি হোৱাৰ লগতে আন পদৰ বাবেও বাছনি হোৱাত কিছু পদ খালী হৈ ৰয় । ইয়াৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰে নিয়োগ আয়োগৰ পৰীক্ষাত ইতিমধ্যে নিযুক্তি লাভ কৰাসকলৰ সৈতে সমানে কাট অফ নম্বৰ লাভ কৰা তৃতীয়বৰ্গৰ ক্ষেত্ৰত ১৯৮গৰাকী আৰু চতুৰ্থবৰ্গৰ ক্ষেত্ৰত ৬৩৭ গৰাকীক নিযুক্তি-পত্ৰ প্ৰদানৰ বাবে কেবিনেটে অনুমোদন জনায়। যোৱা মাহত হোৱা নিযুক্তিৰ সময়ত সমানে কাট অফ নম্বৰ লাভ কৰিলেও বয়সত কনিষ্ঠ হোৱা বাবেই তেওঁলোকৰ পৰিৱৰ্তে একেই নম্বৰ লাভ কৰা জ্যেষ্ঠজনক নিযুক্তিৰ বাবে বাছনি কৰা হৈছিল। এতিয়া পদ খালী হৈ পৰাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকক নিযুক্তিৰ বাবে বাছনি কৰা হৈছে। আনহাতে অহা ৩০ জুন আৰু ১ জুলাইত গীনিজ বুক অৱ ৰেক’ৰ্ডছত অংশ লোৱা ঢুলীয়া,বিহুৱতীক জিলা জিলাই বেংক একাউণ্টযোগে মুখ্যমন্ত্ৰী-মন্ত্ৰীৰ উপস্থিতিত প্ৰমাণ পত্ৰসহ ২৫ হাজাৰকৈ টকা প্ৰদান কৰা হ’ব বুলিও কেবিনেটত সিদ্ধান্ত লোৱা হয়।