তুমি চাগে….
তুমি চাগে ৰৈ আছা
বঁকিয়াইদি আহি থকা ক’লী ছাগলীজনীৰ
এড়ালডাল খামুচি ধৰি যোৱাৰ কথা ভাৱি
কোনোবা পথাৰৰ চেঁচা বাটটোত।
তুমি চাগে ভাৱি আছা
পথাৰৰ নৰাবোৰ বিশৃংখল হৈ পৰি থকা
দেখি তাৰ ওপৰেৰে পাৰ হোৱা
ধুমুহা এজাকৰ কথা
তুমি চাগে জানিছাই
শীতৰ চেঁচা চাদৰে মেৰাই ধৰা গধুলিটোত
মই নাই
তোমাৰ মুখলৈ কেৰাহিকৈ চাই ক’বলৈ
ঘৰত কোনো নাই নি
এই চিকিমিকি সময়ত অকলে যে আহিছা
তুমি চাগে বুজি উঠিছা
ৰহঢলা পথাৰৰ নিজান আলিত
সুহুৰি বজাবলৈ এতিয়া বহু বেলি হ’ল
আজিলৈ মই যাব নোৱাৰিম
পাৰিলে কাইলৈ যাম
তুমি চাগে সজোৰে আঁজুৰি আনিছা
বতাহে উৰুৱাই যোৱা তোমাৰ কমলা ৰঙৰ
ফুটফুটীয়া দোপাত্তাখন আৰু পুনৰ গঢ়ি দিছা
তাৰ ভাঁজবোৰ।
তুমি চাগে কাণৰ কাষত আলফুলে গুজি দিছা
তোমাৰ বতাহে ঢৌ খেলোৱা অলকানন্দা
কুঁৱলীয়ে ফুল বছা তোমাৰ বাউলী চুলি
তুমি চাগে আজিও ৰৈ আছিলা
ছাগলীজনী অনাৰ ছলেৰে
শীতৰ সন্ধিয়াবোৰ মিঠা কথাৰে উমাল কৰিবলৈ
ল’ছালিবোৰে চেংগুটি খেলা আলিটোৰ কাষত
তুমি চাগে আজিও যাবাগৈ
অভিমানৰ পেৰাটো সামৰি
অপেক্ষাৰ অন্ত পেলাই
আকৌ এবাৰ লগ পোৱাৰ আশাৰে।
তুমি চাগে নৈ এখন
সেয়ে উটুৱাই লৈ যোৱা অপ্ৰাপ্তিৰ সকলো বেদনা
আৰু ধোৱাই যোৱা মোৰ শেলুৱৈ ধৰা হৃদয়ৰ
অগাদেৱা ভাৱনা।
নাৰ্চছাছ কাশ্যপ