তুমি অহাৰ বাটত শেৱালিয়ে দলিছা পাৰে – ছেলিমা বেগম

তুমি অহাৰ বাটত শেৱালিয়ে দলিছা পাৰে
ছেলিমা বেগম, নগাঁও
ঋতু ৰাণী শৰৎ তুমি অহাৰ বাটত
 শেৱালিয়ে দলিছা পাৰে,
শৰৎ কেৱল ঋতু নহয় ই
আনন্দ উৎসৱৰ মেলা।
শৰৎ ঋতুত শেৱালি ফুলৰ
 গোন্ধ আমোলমোল।
শৰতৰ আগমনৰ বাৰ্তা পায়
শেৱালিয়ে দলিছা পাৰি
স্বাগতম জনাই ঋতু ৰাণীক ।
শেৱালিয়ে লাজৰ উৰনি টানি
ৰৈ আছে চোতালত সন্ধিয়া
সময়ত শৰতৰ ৰাতি অতি
বিতোপন শেৱালি অবিহনে
শৰতৰ ৰাতি আধৰুৱা।
শেৱালিয়ে শৰতৰ লগত
আলিংগন কৰে ওৰে ৰাতি
দোকমোকালি সূৰ্য দেৱতাৰ
দৰ্শন নকৰি দলিছা পাৰি শুই
পৰে মাটিৰ বুকুত আহঃ কি যে
মিঠা মিঠা শেৱালি তোমাৰ
অপূৰ্ব ৰূপ লাৱণ্য ।
স্নিগ্ধ জোনাকত তোমাক বিচাৰে
ৰাধা কৃষ্ণ গোপীসকলৰ লগত লৈ
শেৱালি ফুলৰ সৌন্দৰ্য উপভোগ কৰিবলৈ।
শেৱালি তুমি নেকি শৰতৰ প্ৰেয়সী ?
 ভাল লাগে শৰৎ ঋতুত শেৱালি
তোমাক পায় শৰৎ আহিলে
তুমি আহিবা শৰতৰ বাটত
 দলিছা পাৰি দিবলৈ।