তিনিদিনীয়া কাৰ্যসূচীৰে কলাক্ষেত্ৰত যোগ মহোৎসৱ
দিছপুৰ,ৰঙিলী বাৰ্ত্তাসেৱা- মানসিক শক্তি আৰু নিৰাময় জীৱন অটুট ৰাখিবলৈ মানুহৰ জীৱনত যোগ আৰু ধ্যানৰ অতি প্রয়োজন। এনে উদ্দেশ্যৰে আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত যোগ মহোৎসৱ আৰম্ভ হৈছে। হাৰ্টফুলনেছ ইনষ্টিটিউট, শ্ৰী ৰামচন্দ্ৰ মিছন আৰু সাংস্কৃতিক মন্ত্ৰালয় আৰু ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সহযোগত আয়োজিত এই অনুষ্ঠানৰ শুভাৰম্ভ কৰে ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সঞ্চালক মিনাক্ষী দাস নাথে । সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ অতিৰিক্ত সচিব মনিদীপা বৰকটকীয়ে অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে উপস্থিত থাকি কয় যে কর্মক্ষেত্ৰত জড়িত প্ৰতিগৰাকী ব্যক্তিৰ বাবে প্ৰত্যেকটো দিনেই প্ৰত্যাহ্বান হৈ পৰিছে। মানসিক চাপে আমাৰ জীৱন যাত্ৰা ব্যাহত কৰি তুলিছে। হাৰ্টফুলনেছ আৰু শ্ৰীৰামচন্দ্ৰ মিছনে গ্ৰহণ কৰা এই পদক্ষেপ নিসন্দেহে কৃতজ্ঞতাৰ পাত্ৰ৷ প্ৰথম দিনাৰ যোগ মহোৎসৱৰ কাৰ্যসূচী হিচাপে যোগ প্রশিক্ষকে প্রাণায়াম, আসন আৰু মুদ্ৰাৰ অনুশীলন কৰি দেখুৱায় আৰু উপস্থিত অভ্যাগতকো চেষ্টা কৰিবৰ বাবে আহ্বান জনায় ৷