তাৰ্কিক বৰাৰ ভাতৃক বিহাৰত গ্ৰেপ্তাৰ

তাৰ্কিক বৰাৰ ভাতৃক বিহাৰত গ্ৰেপ্তাৰ

ৰঙিলী বাৰ্ত্তাসেৱা- অনলাইন ট্ৰেডিঙৰ ঘটনাৰে জড়িতৰ অভিযোগত সম্প্ৰতি পলাই থকা তাৰ্কিক বৰাৰ ভাতৃক গ্ৰেপ্তাৰ। বিহাৰৰ পৰা গ্ৰেপ্তাৰ কৰা হ’ল তাৰ্কিক বৰাৰ ভাতৃক অম্লান বৰাক। বিহাৰৰ মুজ্জাফৰপুৰত গ্রেপ্তাৰ কৰিছে অভিযুক্ত তাৰ্কিকৰ ভাতৃক। উল্লেখযোগ্য যে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙৰ তথ্যৰ ভিত্তিত অম্লানক গ্রেপ্তাৰ কৰিছে বিহাৰ আৰক্ষীয়ে। সন্ধিয়া ধৃত অম্লানসহ আৰক্ষীৰ দলটো আহি পাব গুৱাহাটী।এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে অম্লানৰ ম’বাইল ফোনৰ লোকেশ্যনৰ ভিত্তিত সন্ধান পাইছিল অসম আৰক্ষীয়ে। সম্পৰ্কীয় ভায়েক অম্লানে তাৰ্কিক আৰু চুমি বৰাক পলায়ন কৰাৰ ক্ষেত্ৰত বিশেষভাৱে সহায় কৰিছিল। গুৱাহাটীৰ ঘোঁৰামাৰাত ঘৰ ধৃত অম্লান বৰাৰ।