তামুলপুৰৰ পৰাই আৰম্ভ হওক অসমৰ ক্ৰীড়া বিপ্লৱ- দেবর্ষি গৌতম

তামুলপুৰৰ পৰাই আৰম্ভ হওক অসমৰ ক্ৰীড়া বিপ্লৱ

      বি টি আৰৰ অধীনস্থ তামুলপুৰত অনুষ্ঠিত হৈছে চতুৰ্থ এছিয়ান খো খো প্ৰতিযোগিতা। ভাৰতীয় খো খো ফেডাৰেচনৰ তত্বাৱধানত তথা অসম খো খো ফেডাৰেচনৰ উদ্যোগত আৰু তামুলপুৰ জিলা ক্ৰীড়া সংস্থাৰ সহযোগত এই আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা খন অনুষ্ঠিত হৈছে। প্ৰতিযোগিতা আয়োজক দেশ ভাৰতৰ উপৰিও অংশগ্ৰহণকাৰী দেশসমূহ হৈছে নেপাল, ভূটান, বাংলাদেশ, দক্ষিণ কোৰিয়া, ইৰাণ, মালয়েছিয়া, ইৰাক, পাকিস্থান, ছিংগাপুৰ, শ্ৰীলংকা আদি। এই প্ৰতিযোগিতাখনত পুৰুষ আৰু মহিলা উভয় শাখাতে প্ৰায় বাৰ খন দেশৰ প্ৰায় ৮০০ গৰাকী খেলুৱৈ অংশগ্ৰহণ কৰিছে। অসমত যিকোনো আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা অনুষ্ঠিত হলেই সেইয়া প্ৰায়ে আমি গুৱাহাটী মহানগৰীত অনুষ্ঠিত হোৱা দেখা পাওঁ। কিন্তু এই ধাৰা সলনি কৰি মহানগৰীৰ পৰিবৰ্তে আন্তঃৰাষ্ট্ৰীয় খো খো প্ৰতিযোগিতা খন তামুলপুৰৰ দৰে গাঁৱলীয়া পৰিবেশত অনুষ্ঠিত কৰিবলৈ লোৱা সিদ্ধান্তই এক নজিৰ সৃষ্টি কৰিব বুলি সকলোৱে আশা কৰিছে। অতি নিম্ন আন্তঃগাঁথনিৰ বাবে গাঁওৰ পৰিৱেশত অনুশীলন কৰি নিজৰ ক্ৰীড়াক পেছা হিচাপে লৈ আগবাঢ়ি যাব নোৱাৰি বুলি ভবা যুৱ প্ৰজন্মৰ লৰা ছোৱালীবোৰে হয়তো এইখন প্ৰতিযোগিতাৰ পৰা কিছু প্ৰেৰণা লাভ কৰিব। ক্ৰীড়াৰ জৰিয়তেও যে নিজৰ পেশাদাৰী জীৱন আগবঢ়াই লৈ যাব পাৰি এই কথা কিছু পৰিমানে হলেও এই আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা খনে প্ৰমাণ কৰিবলৈ সক্ষম হব। আশা অবিহনে মানুহৰ জীৱন একেবাৰে শূন্য গতিকে সকলোৱে আশা কৰিব যে মহানগৰীৰ পৰিবৰ্তে তামুলপুৰৰ দৰে গ্ৰাম্য এলেকাত এখন আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা অনুষ্ঠিত কৰাই এক আশাৰ প্ৰদীপ প্ৰজ্জ্বলিত কৰিব। অসমৰ বিভিন্ন চুকে কোনে লুকাই থকা প্ৰতিভা সমূহক উলিয়াই অনাৰ ক্ষেত্ৰত এনেধৰণৰ আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা সমূহে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। এক সম্ভাৱনাহীন পৰিৱেশৰ সন্মুখীন হোৱা বাবে যুৱ প্ৰজন্মৰ যুৱক যুৱতী সকলে প্ৰতিভা থকা সত্বেও ক্ৰীড়া জগতৰ পৰা আঁতৰি গৈ অন্য পেছাক এক সুৰক্ষিত পেছা হিচাপে গ্ৰহণ কৰা আমি বিভিন্ন সময়ত দেখিবলৈ পাই আহিছোঁ। তামুলপুৰৰ পৰাই আৰম্ভ হওক অসমৰ ক্ৰীড়া ক্ষেত্ৰত এক নতুন বিপ্লৱ। সৃষ্টি হওক নতুন নতুন অসমীয়া খেলুৱৈৰ আৰু জিলিকাই তোলক অসম আৰু অসমীয়াৰ নাম বিশ্বৰ বুকুত।

                      দেবর্ষি গৌতম
                       বনগাঁও