তামিলনাডুত ৩১,০০০ কোটিতকৈও অধিক মূল্যৰ ১১ টা প্ৰকল্প উদ্বোধন কৰে প্ৰধানমন্ত্ৰী মোডীয়ে

তামিলনাডুত ৩১,০০০ কোটিতকৈও অধিক মূল্যৰ ১১ টা প্ৰকল্প উদ্বোধন কৰে প্ৰধানমন্ত্ৰী মোডীয়ে

ৰঙিলী বাৰ্ত্তাসেৱা- প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তামিলনাডুত ৩১,০০০ কোটিতকৈও অধিক মূল্যৰ ২৬২ কিলোমিটাৰ দীঘল বেংগালুৰু-চেন্নাই এক্সপ্ৰেছৱেকে ধৰি ১১টা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। প্ৰকল্পবোৰত ৰাজ্যখনৰ পাঁচটা ৰেল ষ্টেচনৰ পুনৰ্বিকাশো অন্তৰ্ভুক্ত আছে। চেন্নাইৰ জৱাহৰলাল নেহৰু ইণ্ডোৰ ষ্টেডিয়ামত অনুষ্ঠানটোৰ সময়ত মুখ্যমন্ত্ৰী এম কে ষ্টালিনও উপস্থিত আছিল।