তথ্য আৰু জনসংযােগ সঞ্চলকালয়ত বিষ্ণু ৰাভা দিৱস উদ্যাপন 

Pc- Sentinel assam

তথ্য আৰু জনসংযােগ সঞ্চলকালয়ত বিষ্ণু ৰাভা দিৱস উদ্যাপন 

দিছপুৰ,ৰঙিলী বাৰ্ত্তাসেৱা- সমগ্র অসমৰ লগতে অসম চৰকাৰৰ তথ্য আৰু জনসংযােগ সঞ্চালকালয়ৰ উদ্যোগতাে ৰাভা দিৱস উদ্যাপন কৰা হয়। সঞ্চালকালয়ৰ সাংস্কৃতিক শাখাৰ সহযােগত অনুষ্ঠিত এই দিৱসৰ কাৰ্যসূচীত প্রথমে বন্তি প্রজ্জ্বলন কৰি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ প্রতিচ্ছবিত পুস্পাঞ্জলি অর্পনেৰে শিল্পীগৰাকীলৈ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। সাংস্কৃতিক শাখাৰ দায়িত্বত থকা উপ-সঞ্চালক দেৱপ্ৰসাদ দেউৰীয়ে আদৰণি ভাষণ প্রদান কৰে। অনুষ্ঠানৰ মুখ্য অতিথিৰ আসন অলংকৃত কৰি তথ্য জীৱনকালত অসমীয়া জাতীয় জীৱনৰ প্রায় সকলাে ক্ষেত্ৰলৈ অৰিহণা আগবঢ়াই গৈছে। এগৰাকী গীতিকাৰ, সুৰকাৰ, অভিনেতা, পৰিচালক, চিত্রশিল্পী, গায়ক, সুবক্তা হিচাপে খ্যাত ৰাভাৰ জীৱন আৰু কৰ্মৰাজিৰ বিষয়ে নতুন প্রজন্মক বিশদভাৱে অৱগত কৰাৰ ওপৰত তেওঁ গুৰুত্ব আৰােপ কৰে। 

জ্যেষ্ঠ তথ্য আৰু জনসংযােগ বিষয়া মঞ্জু ৰাণী ডেকাই আঁত ধৰা অনুষ্ঠানত সাংস্কৃতিক শাখাৰ শিল্পীসকলৰ লগতে সঞ্চালকালয়ৰ অন্যান্য কর্মচাৰীসকলে বিষ্ণুপ্ৰসাদ ৰাভা সংগীত পৰিৱেশন কৰাৰ উপৰি তেওঁৰ গীতত নৃত্যও প্রদর্শন কৰে। সাংস্কৃতিক শাখাৰ অৱসৰী সহকাৰী প্রযােজক তথা প্ৰৱন্ধক নৰেন দাসে বিষ্ণু ৰাভা সম্পর্কে লিখা কবিতা আৰু বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ বিষ্ণু ৰাভা এতিয়া কিমান ৰাতিৰ আবৃত্তি আছিল আজিৰ সাংস্কৃতিক কার্যসূচীৰ আন দুটি আকর্ষণীয় অনুষ্ঠান। 

আজিৰ অনুষ্ঠানত অতিৰিক্ত সঞ্চালক প্রদীপ ব্রহ্মা, যুটীয়া সঞ্চালক দীননাথ লয়িং, উপসঞ্চালক প্রমােদ দত্তকে ধৰি সঞ্চালকালয়ৰ বিষয়া-কর্মচাৰীসকল উপস্থিত থাকে।