ঢেকীয়াজুলিত পথ দুর্ঘটনা থিতাতে নিহত এজন

pc- onmanorama

ঢেকীয়াজুলিত পথ দুর্ঘটনা থিতাতে নিহত এজন

ৰঙিলী বাৰ্ত্তাসেৱা-  ঢেকীয়াজুলিৰ ২নং নতুন চিৰাজুলিৰ পণ্ডিত চেন্টাৰত গণৰাজ্য দিৱসৰ দিনা সন্ধিয়া XUV 300 আৰু টমটমৰ মুখামুখি সংঘৰ্ষৰ ফলত টমটম চালকজন থিতাতে নিহত হোৱাৰ লগতে ৭জন লোক গুৰুতৰভাৱে আহত হয়।ঘটনাৰ বিৱৰণী অনুসৰি,  এখন তীব্ৰবেগী XUV 300 গাড়ী আৰু এখন টমটমৰ মুখামুখি সংঘৰ্ষৰ ফলত ২নং মেধি চুবুৰি গাঁৱৰ টমটম চালক গোলাপ হুছেইন (৩৫) থিতাতে নিহত হোৱাৰ লগতে টমটম আৰোহী উপেন্দ্র ভকত, বন্ধন তাঁতী, অমৰজ্যোতি তাঁতী গুৰুতৰভাৱে আহত হয়। আনহাতে মহিন্দ্রা XUV গাড়ীখনত অহা চালক বিশ্বজিৎ মালো দাস, সংগীতা মালো দাস, অৰুণ মালো দাস সামান্যভাৱে আহত হয়। ইয়াৰে বিশ্বজিৎ মালো দাস আৰু সংগীতা মালো দাস সম্পর্কত মাতৃ-পুত্র। আনহাতে, দুর্ঘটনাগ্রস্ত টমটমখনে পথচাৰী মনোৰঞ্জন গোৱালাক খুন্দা মৰাত গুৰুতৰভাৱে আহত হয় লোকজন। গুৰুতৰভাৱে আহত লোকসকলক উন্নত চিকিৎসাৰ বাবে তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়।