ডo ফৰিদা আহমেদৰ কাব্য গ্ৰন্থ- “উভতি যাবৰ মন “উন্মোচন কৰে বিশিষ্ট সাহিত্যিক ডo নগেন শইকীয়াই

ডo ফৰিদা আহমেদৰ কাব্য গ্ৰন্থ- “উভতি যাবৰ মন “উন্মোচন কৰে বিশিষ্ট সাহিত্যিক ডo নগেন শইকীয়াই

এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নৃতত্ব বিভাগৰ মূৰব্বী অৱসৰপ্ৰাপ্ত অধ্যাপক , কবি ডo ফৰিদা আহমেদৰ “উভতি যাবৰ মন”- কাব্যগ্ৰন্থ খনি কালি (১১/১২/২৩) উন্মোচন কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, বিশিষ্ট সাহিত্যিক, মিতভাষ স্ৰষ্টা, ডo নগেন শইকীয়াই। ড০ ভাৰতী দত্তৰ পৌৰহিত্যত অনুষ্ঠিত হোৱ সভাখনিত কাব্য গ্ৰন্থখনিৰ প্ৰণেতা ফৰিদা আহমেদ আৰু ড০ মৰমী তালুকদাৰে আৰম্ভণিতে সকলোকে আদৰণি জনায়। ড০ ফৰিদা আহমেদে নিজৰ কবিতা ৰচনা কৰাৰ অনুভৱ ব্যক্ত কৰি বক্তব্য ৰাখে। ডিব্ৰুগড়ৰৰ গাৰ্ডেন ট্ৰীটৰ সভাকক্ষত অনুষ্ঠিত হোৱাঅনুষ্ঠানত অনেক বিশিষ্ট ব্যক্তিৰ উপস্থিতিত ডo ফৰিদা আহমেদৰ কাব্যপুথি খনি উন্মোচন কৰি ড o নগেন শইকীয়াই ফৰিদা আহমেদৰ ৩৩ কবিতাৰ গ্ৰন্থখনিৰ কবিতা কেইটা উচ্চ খাপৰ হোৱা বুলি অভিহিত কৰে আৰু লগতে কয় যে গদ্যও কেতিয়াবা কবিতা হ’ব পাৰে, যদিহে ৰূপান্তৰ কৰা হয়। তেওঁ আৰু কয় যে প্ৰত্যেক মানুহে ভাৱে যে অতীত মোৰ ঘৰ, সেয়েহে অতীতৰ কথা কৈ সকলোৱে ভাল পায়। ডo শইকীয়াই ডo আহমদৰ ” উভতি যাবৰ মন” কাব্যগ্ৰন্থ খনিৰ এটি মনোজ্ঞ বিশ্লেষণ আগবঢ়ায়। অনুষ্ঠানত উপস্থিত থাকি বিশিষ্ট সাহিত্যিক, সমালোচক ডo কৰবী ডেকা হাজৰিকাই ডo ফৰিদা আহমেদৰ লগত একেলগে বহুবছৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ত কাম কৰাৰ অভিজ্ঞাৰ কথা কোৱাৰ লগতে কবিতা সম্পৰ্কে কয় যে অতীত সদায় মধুৰ, কবিতা লিখা সহজ নহয়, ই মনৰ ভিতৰৰ পৰা অহা ভাৱ প্ৰকাশহে । অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে উপস্থিত থাকি বিশিষ্ট সাহিত্যিক, গ্ৰন্থ সমালোচক, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক ডo আনন্দ বৰমুদৈয়ে ইংৰাজ কবিসকলৰ বিভিন্ন কবিতাৰ উদ্ধৃতি ডাঙি ধৰি ভাষণ প্ৰদান কৰে। বিশিষ্ট কবি, চিকিৎসক ডাঃ প্ৰণয় ফুকনে ডo ফৰিদা আহমেদৰ কবিতাৰ গাঢ়তাৰ কথা কোৱাৰ লগতে কবিতা সম্পৰ্কে কয় যে কবিতাই সদায় সঁচা কথা কয়, ইতিহাসে হয়টো মিছা কথা কব পাৰে, কিন্তু কবিতাই সঁচা কয়। বিশিষ্ট বিজ্ঞানী ডo পৰমানন্দ মহন্ত, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য্য ডo কন্দৰ্প কুমাৰ ডেকা, ৰুণুমী শৰ্মা, সৌম্যদ্বীপ দত্ত, প্ৰকল্প ৰঞ্জন ভাগৱতী, প্ৰাতসলতা বুঢ়াগোহাঁই, কানৈ মহাবিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত অধ্যাপিকা সুদক্ষিনা দাস, জ্যোতি বৰগোহাঁই, ডo মিনু দেৱী আদি বিশিষ্ট ব্যক্তি সকলে ভাষণ প্ৰদান কৰে আৰু সকলোৱেই ডo ফৰিদা আহমেদৰ কবিতাবোৰৰ ভূয়সী প্ৰশংসা কৰে। এই অনুষ্ঠনতে ইৰানী বৰপূজাৰীয়ে এটি সৰ সৰস্বতী বন্দনা আৰু ডo ফৰিদা আহমেদৰ কণমানী নাতি আৰোভে দুটি গীত পৰিৱেশন কৰি শ্ৰোতাৰ মৰম বুটলে । সভাপতিৰ ভাষণত বিশিষ্ট সাহিত্যিক, সমাজ সেৱিকা, লেখিকা ডo ভাৰতী দত্তই অনুষ্ঠানটোত ভাগ লৈ ডo ফৰিদা আহমেদৰ কবিতাৰ প্ৰশংসা কৰে আৰু উপস্থিত সকলোকে আৰম্ভণিৰেপৰা শেষলৈ থকাৰ বাবে ধন্যবাদ জনায়। শতাধিক বিশিষ্ট ব্যক্তিৰ উপস্থিতিত অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত কবি ড০ ফৰিদা আহমেদৰ স্বামী ড০ অৰুণ দাস আৰু পুত্ৰ ডা০ ৰাজ্ভী দাস,বোৱাৰী পপী বৰা দাসৰ আদৰ আপ্যায়নে সকলোকে মোহিত কৰে। সভাৰ শেষত শলাগৰ শৰাই আগবঢ়ায় ডo ফৰিদা আহমেদৰ বোৱাৰী পপী বৰা দাসে।