‘ড° প্ৰফুল্ল মহন্ত জীৱন আৰু অন্বেষণ’ গ্ৰন্থ উন্মোচন

‘ড° প্ৰফুল্ল মহন্ত জীৱন আৰু অন্বেষণ’ গ্ৰন্থ উন্মোচন

ৰঙিলী বাৰ্ত্তাসেৱা-  গুৱাহাটীৰ পূৰ্বাঞ্চল প্ৰকাশে প্ৰকাশ কৰা আৰু ৰাজ্যৰ সাংসদ অজিত কুমাৰ ভূঞা,জিতেন্দ্ৰ লাল শৰ্মাই সম্পাদনা কৰা বিশিষ্ট সাহিত্যিক,গৱেষক ড° প্ৰফুল্ল মহন্তৰ জীৱন ভিত্তিক গ্ৰন্থ ’ড° প্ৰফুল্ল মহন্ত জীৱন আৰু অন্বেষণ’ গ্ৰন্থখন  অসম সাহিত্য সভাৰ জয়ন্ত বৰুৱা- লখিমী বৰুৱা সদনত উন্মোচন কৰা হয়৷বিশিষ্ট চিন্তাবিদ,ৰাজনীতিবিদ হেমেন দাসে গ্ৰন্থখন উন্মোচন কৰি কয়-ড° প্ৰফুল্ল মহন্ত হাড়ে হিমজুৱে অসমক ভালপোৱা এজন বুদ্ধিদীপ্ত সমাজ বিজ্ঞানী৷তেওঁ শ্ৰেণী বিভক্ত অসমৰ সমাজখন স্পষ্ট ভাষাত বিশ্লেষণ কৰাত সফল হোৱা বুলি ক’বলৈ মই কুন্ঠাবোধ নকৰো৷মই ভাবো ড° মহন্ত কি ধাতুৰে নিৰ্মিত৷কেতিয়াবা হাস্পতালত৷তাৰ পাছতো ৰুগীয়া দেহেৰে লিখি আছে৷এনে মানুহ জীৱনত লগ পোৱা নাই৷ৰোগে তেওঁক হাৰ মনাব পৰা নাই৷অসমৰ মানুহে তেওঁক ভাল পায়৷জনজাতিৰ উচুপনি তেওঁ শুনিছে৷তেওঁলোকৰ দুখ দুৰ্দশাৰ বিষয়ে গ্ৰন্থত প্ৰকাশ কৰিছে৷জনগোষ্ঠীক শিক্ষিত কৰিব লাগিব৷জনজাতিৰ বিষয়ে চিন্তা কৰা মানুহজন হৈছে ড° মহন্ত৷সাংবাদিক দীপক কুমাৰ বৰ্মনে আঁত ধৰা সভাত ৰাজ্যৰ সাংসদ অজিত কুমাৰ ভূঞাই আদৰণি ভাষণত কয়-ড° মহন্তৰ দৰে ব্যক্তিয়ে যি চিন্তা আৰু অধ্যয়নেৰে অসমীয়া জাতিক সমৃদ্ধ কৰিলে,তাৰ উপযুক্ত স্বীকৃতি আজিও লাভ কৰা নাই৷নতুন প্ৰজন্মকো তেওঁৰ দৰে ব্যক্তিক কৰ্মযজ্ঞৰ বিষয়ে সঠিকভাৱে অৱগত কৰোৱাৰ প্ৰয়োজন আছে৷মহন্তক জীয়াই ৰাখিব গ্ৰন্থই৷মূল্যবান গ্ৰন্হৰ বিক্ৰী কম৷সভাত বড়ো সাহিত্য সভাৰ সভাপতি তৰেন বড়ো,প্ৰাগ নিউজৰ মুখ্য সম্পাদক প্ৰশান্ত ৰাজগুৰু,বিশিষ্ট গণশিল্পী লোকনাথ গোস্বামী,দূৰদৰ্শনৰ প্ৰাক্তন সঞ্চালক দেবেন্দ্ৰ বসুমতাৰী আদি কেইবাজনো বিশিষ্ট ব্যক্তিয়ে ড° প্ৰফুল্ল মহন্তৰ গুণানুকীৰ্তন কৰে৷