ড° পুষ্প গগৈৰ আধুনিক শিল্পকলা : প্ৰজ্ঞা আৰু দৰ্শন পশ্চিমৰ পৰা পূৰ্বলৈ উন্মোচন

ড° পুষ্প গগৈৰ আধুনিক শিল্পকলা : প্ৰজ্ঞা আৰু দৰ্শন পশ্চিমৰ পৰা পূৰ্বলৈ উন্মোচন

ৰঙিলী বাৰ্ত্তাসেৱা- আন্তৰ্জাতিক খ্যাতি সম্পন্ন টাই ভাষাৰ গৱেষক তথা বিশিষ্ট চিত্ৰশিল্পী ড° পুষ্প গগৈৰ আধুনিক শিল্পকলা বিষয়ক গ্ৰন্থ “আধুনিক শিল্পকলা : প্ৰজ্ঞা আৰু দৰ্শন পশ্চিমৰ পৰা পূবলৈ” আনুষ্ঠানিকভাৱে গুৱাহাটীৰ চানমাৰিস্থিত আৰ্ষ্টিছ গীল্ডত উন্মোচন কৰা হয়। আগশাৰীৰ প্ৰকাশন পূৰ্বায়ন প্ৰকাশনে প্ৰকাশ কৰি উলিওৱা গ্ৰন্থখন এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত উন্মোচন কৰে সাহিত্য অকাডেমি বঁটা প্ৰাপক ঔপন্যাসিক অনুৰাধা শৰ্মা পূজাৰীয়ে। ইপিনে নিজৰ উন্মোচনী ভাষণত খ্যাতি সম্পন্ন লেখক তথা সাংবাদিক গৰাকীয়ে কয় যে “আধুনিক শিল্পকলা সম্পৰ্কে গভীৰবোধ আৰু প্ৰজ্ঞাৰে ৰচনা কৰা বৃহৎ কলেবৰৰ এনে গ্ৰন্থ অসমীয়া ভাষাত মই আজিলৈ দেখা নাই”।উল্লেখযোগ্য যে এই গ্ৰন্থ উন্মোচনী সভাত বিশেষ ভাবে উপস্থিত থাকে প্ৰশাসনিক বিষয়া থানেশ্বৰ মালাকাৰ, বিশিষ্ট চিত্ৰ শিল্পী ননী বৰপূজাৰী, আৰ্টিষ্ট গ্লীল্ডৰ সম্পাদক কিশোৰ দাসৰ লগতে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সঞ্চালক দেৱজিত খনিকৰ। আনহাতে অনুষ্ঠানত দাদুল চলিহা, মিনাক্ষী বৰগোঁহাই, চম্পক বৰবৰা, আমুনিল হক, মুনিন ভট্টাচাৰ্যৰ আদি কৰি কেইবাগৰাকীও বিশিষ্ট চিত্ৰশিল্পী উপস্থিত থাকে । পূৰ্বায়ন প্ৰকাশনৰ স্বত্বাধিকাৰ ড° অমৃত কুমাৰ উপাধ্যায়ে আঁত ধৰা আজিৰ উন্মোচনী সভাত শতাধিক শিল্পানুৰাগী ৰাইজ উপস্থিত থাকে।