ড° দেৱদত্ত বৰকটকীৰ আকস্মিক মৃত্যুত ৰাজ্যিক বিজেপিত শােকৰ ছাঁ

ড° দেৱদত্ত বৰকটকীৰ আকস্মিক মৃত্যুত ৰাজ্যিক বিজেপিত শােকৰ ছাঁ

ৰঙিলী বাৰ্ত্তাসেৱা-  বিবৰুৱা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক, বিশিষ্ট শিক্ষাবিদ, জ্ঞান-বিজ্ঞান সমিতি অসমৰ প্ৰতিষ্ঠাপক তথা ভাৰতীয় জনতা পার্টিৰ জ্যেষ্ঠ নেতা ড° দেৱদত্ত বৰকটকীৰ আজি পৰলােকপ্রাপ্তি ঘটে। যােৱা কেইবাদিনাে ধৰি ড° বৰকটকী কৰ’নাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল। বিশিষ্ট শিক্ষাবিদ গৰাকী দীর্ঘদিন ধৰি ভাৰতীয় জনতা পার্টি, অসম প্রদেশৰ মাহেকীয়া মুখপত্র “অসমীয়া বিজেপি বার্তা”ৰ মুখ্য সম্পাদকৰ দায়িত্বত আছিল। আজি তেওঁৰ আকস্মিক মৃতুৱে দলৰ সর্বস্তৰত শােকৰ ছাঁ পেলাইছে। ৰাজ্যিক বিজেপিৰ হেঙেৰাবাৰীস্থিত মুখ্য কার্যালয় অটল বিহাৰী বাজপেয়ী ভৱনৰ পৰা প্ৰেৰণ কৰা এক শােকবার্তাত ড° দেৱদত্ত বৰকটকীৰ মৃত্যুত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা, দলৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া, ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্র নাথ শর্মা, প্রাক্তন ৰাজ্যিক সভাপতি ৰণজিৎ কুমাৰ দাসৰ লগতে ৰাজ্যিক বিজেপিৰ প্ৰতিজন কার্যকর্তাই গভীৰ শােক প্রকাশ কৰিছে। ৰাজ্যিক সভাপতি ভৱেশ কলিতাই কয় যে, প্রয়াত ড° দেৱদত্ত বৰকটকীয়ে ২০১৫ চনৰ পৰা ৰাজ্যিক বিজেপিৰ মুখপত্র “অসমীয়া বিজেপি বার্তা সম্পাদকৰ দৰে গুৰু দায়িত্বত মৃত্যু পর্যন্ত কার্যনির্বাহ কৰিছিল। দলৰ মুখপত্ৰৰ সম্পাদক হিচাপে তেওঁ আগবঢ়োৱা সেৱা অনবদ্য আৰু অতুলনীয় আছিল বুলি সভাপতি কলিতাই মত প্রকাশ কৰে। তেওঁ মৃত্যুত দলে এটি বৌদ্ধিক নেতৃত্ব হেৰুৱালে বুলি উল্লেখ কৰি কলিতাই কয়, দলৰ সংগঠন আৰু ৰাজনৈতিক চিন্তাৰ বিকাশৰ ক্ষেত্ৰত বৰকটকী আগবঢ়োৱা অৱদান দলৰ প্রতিজন কার্যকর্তাই সদায় স্মৰণ কৰাৰ লগতে তেওঁৰ প্রতি চিৰকৃতজ্ঞ হৈ ৰ’ব। উল্লেখযােগ্য যে অসম গণ পৰিষদ দলৰ “গণ বাতৰি” নামৰ পষেকীয়া কাকতৰ নতুন সংস্কাৰ খনৰ ড° বৰকটকী আছিল সম্পাদক ৷ দলৰ কার্যকর্তা সকলে প্রয়াত ড° দেৱদত্ত বৰকটকীৰ পৰা নিষ্ঠা আৰু সততাৰ পাঠ গ্ৰহণ কৰি অনুসৰণ কৰিবলৈ দলৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াই আহ্বান জনায়। আনহাতে দলৰ ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্র নাথ শৰ্মাই ড° বৰকটকীৰ আকস্মিক মৃত্যুত গভীৰ শােক প্রকাশ কৰি কয় -“তেওঁ দলৰ বৌদ্ধিক ক্ষেত্ৰখনৰ নেতৃত্ব বহন কৰি আহিছিল, তেওঁৰ মৃত্যুত ৰিক্ত হােৱা স্থান পুৰণ কৰাটো হয়তাে সম্ভৱপৰ হৈ নুঠিব। তেখেতে সততা আৰু নিষ্ঠাৰে কাম কৰাৰ এক বিৰল উদাহৰণ আমাৰ সন্মুখত থৈ গ’ল। দেৱদত্ত বৰকটকী সঁচা অৰ্থত দলৰ নীতি আদর্শ প্রতি সম্পূর্ণ সমর্পিত অতি সহজ সৰল কার্যকর্তা আছিল।” ৰাজ্যিক বিজেপিৰ প্রাক্তন সভাপতি তথা মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ড° দেৱদত্ত বৰকটকীৰ মৃত্যুত শােক প্রকাশ কৰি কয় যে- সকলাে ধৰণৰ প্ৰত্যাহ্বানক নেওচি তেখেতে “অসমীয়া বিজেপি বার্তা”ক এক অনন্য মাত্রা প্রদান কৰি থৈ গ’ল। তেওঁ নিষ্ঠা আৰু কর্মোদ্যমী ভূমিকাৰ বাবেই ক’ভিডৰ দৰে জটিল পৰিস্থিতিৰ মাজতাে নিৰৱচ্ছিন্নভাৱে প্ৰতিটো মাহৰ প্ৰথমটো দিনত মুখপত্ৰখন নিয়মিত ভাৱে প্রকাশ পাবলৈ সক্ষম হৈছিল।তেওঁ এই আদর্শনীয় ভূমিকাক ৰাজ্যিক বিজেপিয়ে চিৰদিন মনত ৰাখিব বুলিও দাসে কয়।