ডিব্ৰুগড় জিলাত “মিছন শক্তি” আঁচনিৰ অধীনত মহিলাকেন্দ্রিক আইনৰ সজাগতা কাৰ্যসূচী ৰূপায়ন
ডিব্ৰুগড় ২৬ জুলাইঃ ষ্টাফ ৰিপ’ৰ্টাৰ
ডিব্ৰুগড় জিলাৰ মহিলা আৰু শিশু উন্নয়ন বিভাগৰ জিলা সংকল্প আৰু মহিলা সবলীকৰন কেন্দ্রৰ উদ্যোগত ডিব্ৰুগড় জিলা প্রশাসন, জিলা আইনী সেৱা প্ৰাধিকৰণ, ডিব্ৰুগড় আৰু বিভিন্ন সংহত শিশু উন্নয়ন প্রকল্পৰ সহযোগত জিলাখনৰ বিভিন্ন অঞ্চলত “মিছন শক্তি” আঁচনিৰ ১০০ দিনীয়া বিশেষ সজাগতা অভিযানৰ অধীনত কিশোৰী আৰু মহিলা সকলৰ মাজত ” মহিলাকেন্দ্রিক বিভিন্ন আইন” যেনে বাল্য বিবাহ বিৰোধী আইন, ঘৰুৱা হিংসা আইন, পকচ’ আইন, পিচিপিএনডিটি আইন ইত্যাদি বোৰৰ ওপৰত যৌথভাবে সপ্তাহ যোৰা সজাগতা কাৰ্যসূচী ৰূপায়ন কৰা হয়। এই কাৰ্যসূচীৰ যোগেদি চলিত সপ্তাহত টেঙাখাত, টিংখং আৰু পানীতোলাৰ বিভিন্ন অঞ্চলত সব্মুঠ ২৮৫ গৰাকী কিশোৰী-মহিলাক সামৰি লোৱা হয়।
@@@@
এম হাছিম আলী
ডিব্ৰুগড়