ডিব্ৰুগড়ৰ ৰেডিঅ’ ব্ৰহ্মপুত্ৰলৈ ভাৰত চৰকাৰ তথ্য আৰু সম্প্ৰচাৰণ মন্ত্ৰালয়ৰ দ্বাৰা ৰাষ্ট্ৰীয় বঁটা
এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- যোৱা ২৩ জুলাই তাৰিখে ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ কেবিনেট দপ্তৰৰ মন্ত্ৰী শ্ৰী অশ্বিনী বৈষ্ণবে দশম সংস্কৰণৰ ৰাষ্ট্ৰীয় কমিউনিটি ৰেডিঅ’ বঁটা ঘোষণা কৰে। কমিউনিটি ৰেডিঅ’ক অধিক জনপ্ৰিয় আৰু কাৰ্যকৰী কৰি তোলাৰ অৰ্থে ২০১২ চনৰ পৰা ক্ৰমাগতভাৱে দেশৰ বিভিন্ন ৰাজ্যৰ চুকে-কোণে সামাজিক উত্তৰণৰ ক্ষেত্ৰত কাম কৰি অহা আৰু উৎকৃষ্টতম প্ৰদৰ্শন কৰি অহা কমিউনিটি ৰেডিঅ’সমূহক বিভিন্ন খণ্ডত এই বঁটা প্ৰদান কৰি আহিছে। এইবাৰৰ দশম সংস্কৰণৰ নেচেনেল কমিউনিটি ৰেডিঅ’ বঁটা উত্তৰ-পূব ভাৰতৰ প্ৰথমটো বেচৰকাৰী সংস্থাৰ দ্বাৰা স্থাপিত কমিউনিটি ৰেডিঅ’ কেন্দ্ৰ ডিব্ৰুগড়ত থকা“ব্ৰহ্মপুত্ৰ সমূহীয়া ৰেডিঅ’ কেন্দ্ৰ বা চমুকৈ 90.4 এফ.এম ৰেডিঅ’ ব্ৰহ্মপুত্ৰ”লৈ স্থানীয় সংস্কৃতিৰ সংৰক্ষণ আৰু প্ৰচাৰৰ বাবে কৰি অহা অহৰহ প্ৰয়াসৰ বাবে এই বঁটা প্ৰদান কৰা হৈছে। উল্লেখযোগ্য যে, অতি সীমিত সুবিধা আৰু বিভিন্ন প্ৰত্যাহ্বানৰ মাজেদি, স্বয়ংপৰিচালিত ৰেডিঅ’ ব্ৰহ্মপুত্ৰ ২০০৯ চনত ডিব্ৰুগড় চহৰৰ সমীপৱৰ্তী ঐতিহাসিক মাইজান ঘাটৰ নিচেই কাষতে স্থাপন কৰা হৈছে। ব্ৰহ্মপুত্ৰ নদীৰ দুয়োপাৰে ডিব্ৰুগড় আৰু ধেমাজী জিলাৰ প্ৰায় ৮ লাখৰ অধিক জনসংখ্যাক ইয়াৰ সম্প্ৰচাৰণ ক্ষেত্ৰৰ ভিতৰত সামৰি লোৱা ৰেডিঅ’ ব্ৰহ্মপুত্ৰই, ইয়াৰ স্থাপন কালৰে পৰা জিলা দুয়োখনৰ বিভিন্ন ভাষিক জনগোষ্ঠীসকলৰ ভাষা-উপভাষাত ৰাইজৰ প্ৰত্যক্ষ সহযোগীতাত বিভিন্ন তথ্য-মনোৰঞ্জনমূলক অনুষ্ঠান প্ৰচাৰ কৰি আহিছে। বিশেষকৈ মূল সূঁতিৰ সংবাদ মাধ্যমে ঢুকি নোপোৱা লোকসকলৰ স্বাস্থ্য, কৃষি, জীৱিকা আদি বিষয়ৰ লগতে স্থানীয় কৃষ্টি-সংস্কৃতি, গীত-মাত আদিক প্ৰচাৰ আৰু প্ৰসাৰৰ মূল লক্ষ্য হিচাপে লৈ ৰেডিঅ’ কেন্দ্ৰটোৱে অসমীয়া, চাদ্ৰী, দেউৰী, হাজং, মিচিং আদি ভাষা আৰু উপভাষাত অনুষ্ঠানসমূহ প্ৰচাৰ কৰি আহিছে। ৰেডিঅ’ কেন্দ্ৰটোৰ দ্বাৰা প্ৰচাৰ কৰা বাৰেবৰণীয়া অনুষ্ঠানটোৰ যোগেদি হাজং ভাষাত “ফুলআগন”, দেউৰী ভাষাত “ইগাৰেকুন”, চাদ্ৰী ভাষাত “চাহ বাগানেৰ আৱাজ” ৰ দৰে স্থানীয় ভাষা-উপভাষাত, গ্ৰামাঞ্চলৰ জনগোষ্ঠীয় লোকসকলৰ দ্বাৰাই প্ৰস্তুত কৰা ভিন্নধৰ্মী এই অনুষ্ঠানসমূহে, এই জনগোষ্ঠীয় লোকসকলক নিজৰ ভাৱ আৰু সংস্কৃতিক প্ৰদৰ্শন কৰাৰ এক উমৈহতীয়া মঞ্চ প্ৰদানৰ লগতে, জনগোষ্ঠীয় লোকসকলৰ লগতে মূল ভূখণ্ডত বসবাস কৰা অন্যান্য লোকসকলৰ মাজত এক যুগসূত্ৰ ৰূপে কাম কৰি আহিছে। নেচেনেল কমিউনিটি ৰেডিঅ’ বঁটাৰ দশম সংস্কৰণত ৰেডিঅ’ ব্ৰহ্মপুত্ৰক প্ৰদান কৰা এই বঁটাই ৰেডিঅ’ কেন্দ্ৰটোৱে বিগত এটা দশকতকৈও অধিক সময় কৰি অহা বিভিন্ন কামসমূহক এক স্বীকৃতি প্ৰদান কৰাৰ লগতে ৰেডিঅ’ কেন্দ্ৰটোৰ সৈতে একাত্মভাৱে সেৱা আগবঢ়াই অহা, বিভিন্ন জাতি-জনগোষ্ঠীৰ লোকসকলক তেঁওলোকৰ ভাষা আৰু সাংস্কৃতিক ঐতিহ্যক ধৰি ৰখাৰ বাবে আৰু অধিক আত্মবিশ্বাসী কৰি তুলিব বুলি আশা কৰা হৈছে।