ডিব্ৰুগড়ৰ শ্ৰীশ্ৰী অনিৰুদ্ধদেৱ কনিষ্ঠ মহাবিদ্যালয়ত আন্তৰ্জাতিক সাক্ষৰতা সপ্তাহ উপলক্ষে সজাগতা সভা সম্পন্ন
এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড় জিলা সাক্ষৰতা মিছন কৰ্তৃপক্ষ আৰু শ্ৰীশ্ৰীঅনিৰুদ্ধদেৱ কনিষ্ঠ মহাবিদ্যালয়ৰ যৌথ উদ্যোগত আজি (৩ চেপ্টেম্বৰ) শ্ৰীশ্ৰীঅনিৰুদ্ধদেৱ কনিষ্ঠ মহাবিদ্যালয়ত আন্তৰ্জাতিক সাক্ষৰতা সপ্তাহৰ সৈতে সংগতি ৰাখি এখনি সজাগতামূলক সভা অনুষ্ঠিত হৈ যায়৷ এই উপলক্ষে মহাবিদ্যালয়ৰ অধ্যক্ষ ভূষণজ্যোতি সন্দিকৈৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা সজাগতা সভাখনিত জিলা সমন্বয়ক হেমন্ত হাজৰিকা আৰু সমন্বয়ক অনিল প্ৰসাদ সিংহ উপস্থিত থাকি বক্তৃতা প্ৰদান কৰে৷ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলৰ অংশ গ্ৰহণেৰে আয়োজিত সভাখনিত সমল ব্যক্তিৰূপে উপস্থিত থাকি হেমন্ত হাজৰিকাই কয় যে পৃথিৱীত ১২ শতাংশ লোক এতিয়াও অশিক্ষিত হৈ আছে৷ আনহাতে ৬০.৭ নিযুত শিশু এতিয়াও স্কুললৈ নোযোৱাকৈ আছে৷ বৰ্তমান ভাৰতবৰ্ষৰ সাক্ষৰতাৰ হাৰ ৭৭.৭ শতাংশ আৰু অসমৰ শিক্ষিতৰ হাৰ ৭২.১৯ শতাংশ৷ এনে পৰিস্থিতিৰ পৰিপ্ৰেক্ষিততে ভাৰত চৰকাৰে ২০২২ চনৰ এপ্ৰিলৰ পৰা ২০২৭ চনৰ ৩১ মাৰ্চলৈকে পাঁচবছৰৰ বাবে ১০০ শতাংশ সাক্ষৰতা লাভৰ লক্ষ্যৰে নতুন শিক্ষানীতি – ২০২০ অনুসৰি ‘উল্লাস’ নামেৰে এখন আঁচনি প্ৰস্তুত কৰি ‘নৱ ভাৰত সাক্ষৰতা কাৰ্যসূচী’ ৰূপায়ন কৰি আছে৷ অসমৰ সকলো জিলাৰ লগতে ডিব্ৰুগড় জিলাতো ‘নৱ ভাৰত সাক্ষৰতা কাৰ্যসূচী’ৰ যোগেদি এক ছেপ্টেম্বৰৰ পৰা আঠ ছেপ্টেম্বৰলৈকে আন্তৰ্জাতিক সাক্ষৰতা সপ্তাহ পালন কৰি থকা হৈছে৷ সভাত বক্তব্য ৰাখি অনিল প্ৰসাদ সিংহই কয় যে- আমি প্ৰতেক্যেই সাক্ষৰতা কাৰ্যসূচীত প্ৰত্যক্ষ বা পৰোক্ষভাৱে অংশ গ্ৰহণ কৰিব পাৰো৷ নিজৰ প্ৰতিবেশী বা চুবুৰীয়া নিৰক্ষৰ লোকক আমি সাক্ষৰসকলে ব্যস্ততাৰ মাজতো অকণমান সময় উলিয়াই সাক্ষৰতাৰ ক্ষেত্ৰত অৰিহণা যোগাব পাৰো৷ বিশেষকৈ ছাত্ৰ-ছাত্ৰীসকলে এই ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰিব লাগে বুলিও তেখেতে বক্তব্যত উল্লেখ কৰে৷ মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ শিক্ষয়িত্ৰী চাবিনা নাচিফা আহমেদে আঁত ধৰা সভাখনিৰ শেষত অধ্যক্ষ ভূষণজ্যোতি সন্দিকৈয়ে জিলা সমন্বয়ক সমন্বিতে উপস্থিত সকলোকে ধন্যবাদসূচক বক্তব্য ৰাখি শলাগৰ শৰাই আগবঢ়ায়৷