ডিব্ৰুগড়ৰ লৰুৱা জামিৰা জাতীয় বিদ্যালয়ত বিজ্ঞান সমিতিৰ অন্ধবিশ্বাস বিৰোধী দিৱস পালন

ডিব্ৰুগড়ৰ লৰুৱা জামিৰা জাতীয় বিদ্যালয়ত বিজ্ঞান সমিতিৰ অন্ধবিশ্বাস বিৰোধী দিৱস পালন

এম হাছিম আলী,ডিব্ৰুগড়, ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড়ৰ লৰুৱা জামিৰা জাতীয় বিদ্যালয়ত ডিব্ৰুগড় বিজ্ঞান সমিতিয়ে অন্ধবিশ্বাস বিৰোধী দিৱসটি আজি (১৩ ছেপ্টেম্বৰ তাৰিখে) দিনজোৰা কাৰ্যসূচীৰে পালন কৰে।বিদ্যালয়খনি আৰু ফুলেশ্বৰ চেতিয়া ফাউণ্ডেচনৰ যুটিয়া সহযোগত অনুষ্ঠিত হোৱা অনুষ্ঠানটিত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে প্ৰস্তুত কৰা প্ৰাচীৰ পত্ৰিকা উন্মোচন আৰু বিজ্ঞান প্ৰদৰ্শনীৰ দ্বাৰ উদ্বোধন কৰে যথাক্ৰমে ডিব্ৰুগড় বিজ্ঞান সমিতিৰ সভাপতি ড০ ভাৰতী দত্ত আৰু সম্পাদক নাছিৰ চুলতানে। বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে ডাইনী সম্পৰ্কীয় নাট আৰু যোগাসনো প্ৰদৰ্শন কৰাৰ লগতে এই অনুষ্ঠানতে ডিব্ৰুগড় জিলা বিদ্যালয় সমূহৰ পৰিদৰ্শক বিন্তি শৰ্মাক সম্বৰ্ধনা জনোৱা হয়। ভাষণ প্ৰসঙ্গত তেওঁ অন্ধ বিশ্বাসৰ বলি নহৈ যুক্তিসহ কথাবোৰ বিচাৰ বিবেচনা কৰিবলৈ সকলোৰে প্ৰতি আহ্বান জনায়। বিদ্যালয়ৰ সঞ্চালক ৰোহিণী চেতিয়া আৰু বিজ্ঞান সমিতিৰ সম্পাদক নাছিৰ চুলতানে আঁত ধৰা অনুষ্ঠানত মুখ্য বক্তাৰ ভাষণ আগবঢ়াই সমিতিৰ উপসভাপতি ড০ ৰঞ্জিত সিংহই সমাজত প্ৰচলিত বিভিন্ন ধৰণৰ অন্ধ বিশ্বাসৰ উদাহৰণ যেনে বলি বিধান,আঙুলিত পাথৰৰ আঙঠি ,ৰজস্বলা হোৱাৰ সময়ত প্ৰচলিত অযুক্তিকৰ নিয়ম আদিৰ সম্পৰ্কত বিস্তৃত ব্যাখ্যা দাঙি ধৰে। আনএগৰাকী আলোচক ড০ ভাৰতী দত্তই গ্ৰহণ এক প্ৰাকৃতিক পৰিঘটনা বুলি কৈ এই সম্পৰ্কে বিজ্ঞান ভিত্তিক ব্যাখ্যা আগবঢ়ায় লগতে তেওঁ ৰজ:স্বলাৰ প্ৰসংগৰো উল্লেখ কৰে। সমিতিৰ কাৰ্যকৰী সভানেত্ৰী সুদক্ষিণা দাসে আলোচক হিচাপে অন্ধ বিশ্বাস আৰু ইয়াৰ কু-পৰিণতিৰ কথা কয় লগত ইয়ে সমাজৰ উন্নতিত বাধাৰ সৃষ্টি কৰিছে বুলিও তেওঁ কয়। বিদ্যালয়খনিলৈ বিজ্ঞান সমিতিৰ সভাপতি ড০ ভাৰতী দত্তই স্বৰচিত গ্ৰন্থৰ টোপোলা এটি সমিতিৰ হৈ আগবঢ়ায়। অনুষ্ঠানৰ আৰম্ভণিতে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকল গায়ন -বায়নে অতিথি সকলক আদৰণি জনায়। এই অনুষ্ঠানত ডিব্ৰুগড় বিজ্ঞান সমিতিৰ তৰফৰ পৰা উপস্থিত থকা অন্যান্য সদস্যসকল আছিল ড০ ফৰিদা আহমেদ,অজিত শৰ্মা আৰু ডo চুলতানা হাজৰিকা । ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী আৰু অভিভাৱককে ধৰি প্ৰায় তিনি শতাধিক দৰ্শক এই অনুষ্ঠানত উপস্থিত থাকে। অনুষ্ঠানৰ শেষত জাতীয় সংগীত পৰিবেশন কৰা হয়।