ডিব্ৰুগড়ৰ লাহোৱাল আৰু বৰবৰুৱা প্ৰেছ ক্লাবৰ যৌথ উদ্যোগত “গাঁৱলৈ যাওঁ ব’লক” কাৰ্যসূচী

ডিব্ৰুগড়ৰ লাহোৱাল আৰু বৰবৰুৱা প্ৰেছ ক্লাবৰ যৌথ উদ্যোগত “গাঁৱলৈ যাওঁ ব’লক” কাৰ্যসূচী

এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড় জিলাৰ নৱগঠিত খোৱাং সমষ্টিৰ অন্তৰ্গত, ডিব্ৰুগড় পশ্চিম ৰাজহচক্ৰৰ অধীনৰ তথা বৰবৰুৱা উন্নয়ন খণ্ডৰ এলেকাধীন লৰুৱা মৌজাৰ কোটোহা গাওঁ পঞ্চায়তৰ অন্তৰ্গত অনুসূচিত জনজাতি তথা চাহ জনগোষ্ঠী অধ্যুষিত জকাই সংৰক্ষিত বনাঞ্চলৰ দাঁতি কাষৰীয়া অঞ্চল সমূহত সমস্যাৰে জৰ্জৰিত জকাই বৰবাম টঙীয়া গাঁৱত লাহোৱাল আৰু বৰবৰুৱা প্ৰেছ ক্লাবৰ যৌথ উদ্যোগত “গাঁৱলৈ যাওঁ ব’লক”শীৰ্ষক কাৰ্যসূচী দুয়োটা প্ৰেছ ক্লাবৰ সাংবাদিক সকলে উক্ত গাঁৱত উপস্থিত হৈ ৰাইজৰ সৈতে মত বিনিময় কৰে।১৯৫৩ চনতে স্থাপিত জকাই বৰবাম টঙীয়া গাঁও খন প্ৰধানকৈ যাতায়ত, স্বাস্থ্যসেৱা, গ্ৰাম্য উন্নয়ন আদি জ্বলন্ত সমস্যাৰে ভাৰাক্ৰান্ত ।এই উপলক্ষে বৰবৰুৱা প্ৰেছ ক্লাবৰ সভাপতি মনোৰঞ্জন হাজৰিকাৰ সভাপতিত্ব অনুষ্ঠিত” গাঁৱলৈ যাওঁ ব’লক” কাৰ্যসূচীৰ আতঁধৰি লাহোৱাল প্ৰেছ ক্লাবৰ সম্পাদক দিবাকৰ দত্তই বৰবাম টঙীয়া গাঁৱৰ ৰাইজক দুয়োটা প্ৰেছ ক্লাবৰ সন্মিলিত সভাখনত উপস্থিত সাংবাদিক সকলক সহযোগিতা আগবঢ়াই গাওঁ খনৰ সমস্যা বিলাক উত্থাপন কৰিবলৈ আহ্বান জনায়।সভাৰ উদ্দেশ্য ব্যাখ্যা কৰি বৰবৰুৱা প্ৰেছ ক্লাবৰ সম্পাদক মহানন্দ দত্তই কৃষিৰ ওপৰত নিৰ্ভৰশীল বৰবাম টঙীয়া গাঁৱৰ সমস্যাৰ ওপৰত আলোকপাত কৰে। সভাত জকাই বৰবাম টঙীয়া গাঁৱৰ উদীয়মান সমাজকৰ্মী দেবানন্দ সোনোৱালে ১৯৫৩ চনত স্থাপিত জকাই বৰবাম টঙীয়া গাঁওখন প্ৰধানকৈ যাতায়ত, স্বাস্থ্যসেৱা আৰু গ্ৰাম্য উন্নয়নৰ সমস্যাই গাওঁবাসীক অতীষ্ঠ কৰি আহিছে বুলি উল্লেখ কৰাৰ উপৰিও ১৮৪৬.০১হেক্টৰ মাটিত অৱস্থিত জকাই সংৰক্ষিত বনাঞ্চলৰ একমাত্ৰ ৪ কি, মি, দৈৰ্ঘ্যৰ পথটোৱেই যাতায়ত হিচাপে বিবেচিত যদিও পথটো গো বাট সদৃশ, জৰাজীৰ্ণ তথৈবচ হোৱাৰ বাবে বহু কষ্টৰে গাওঁ খনৰ লোক সকলে বেহা-বেপাৰকে আদি কৰি বিভিন্ন কামত অহা-যোৱা কৰিব লগীয়া হোৱাৰ উপৰিও শিক্ষানুষ্ঠানলৈ যোৱা ছাত্ৰ ছাত্ৰী,দিন হাজিৰা কৰা চাহ শ্ৰমিক, অন্যান্য শ্ৰমিক সকল আৰ্থিক উপাৰ্জনৰ বাবে ডিব্ৰুগড় তথা বৰবৰুৱা আদি ঠাইলৈ যাবলগীয়া হয় বুলি লাহোৱাল আৰু বৰবৰুৱা প্ৰেছ ক্লাবৰ সাংবাদিক সকলৰ আগত প্ৰকাশ কৰে । আনহাতে বৰবাম টঙীয়া গাঁৱৰ সমস্যাৰ ওপৰত আলোকপাত কৰি সমাজসেৱক দিলীপ সোনোৱালে লগতে কয় যে বৰবাম টঙীয়া গাঁৱলৈ যোৱা সংযোগী পথটোৰ দুৰৱস্থাৰ বাবেই ৰোগীক ভাৰসাঙি কৰি চিকিৎসাৰ বাবে নিব লগীয়া হয়। পথটোৰ তথৈবচ দুৰৱস্থাৰ পৰিপ্ৰেক্ষিতত অসম চৰকাৰৰ ১০৮ জৰুৰীকালীন মৃত্যুঞ্জয় সেৱাৰ পৰা বঞ্চিত হৈ আহিছে , আনকি জকাই বনাঞ্চলৰ মাজেদি বৰবাম টঙীয়া গাঁৱৰ ৰাইজে অহা-যোৱা যাতায়ত কৰোঁতে বনাঞ্চলৰ মাজত বিচৰণ কৰি ওলাই আহোতে বাঘ,অজগৰ আদি বন্য পশুৰ সম্মুখীন হ’ব লগীয়া হৈছে,যাৰ ফলত শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰী সকলক অহা-যোৱা সময়ত অভিভাৱক সকলে দায়িত্ব বহন কৰিব লগীয়া হৈ আহিছে।বাঘ, অজগৰ আদিৰ প্ৰায়েই মুক্ত বিচৰণৰ আতংকৰ কাৰণে গাঁৱৰ ৰাইজে বৰবাম টঙীয়া গাঁৱৰ পৰা জকাই বনাঞ্চলৰ মাজেদি অহা-যোৱা কৰিব লগীয়া হৈ আহিছে যদিও আজিপৰ্যন্ত পথটো উন্নয়নৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত নহ’ল বুলি অভিযোগ প্ৰকাশ কৰে।আনকি উক্ত পথটোৰ উন্নয়নৰ ক্ষেত্ৰত প্ৰায় ১৬ লাখ টকাৰ অনুমোদন হৈছিল যদিও উক্ত ধনৰাশিৰ সৎ ব্যৱহাৰ হোৱা পৰিলক্ষিত নহ’ল বুলি স্থানীয় ৰাইজে ৰাজহুৱা অভিযোগশ কৰে বৰবৰুৱা- লাহোৱাল প্ৰেছ ক্লাবৰ সাংবাদিক সকলৰ আগত। স্থানীয় ৰাইজে জকাই ফৰেষ্ট গেটৰ পৰা জকাই বনাঞ্চলৰ মাজেদি যোৱা পথটো পকীকৰণৰ সন্দৰ্ভত বন বিভাগৰ ওচৰত পদক্ষেপ গ্ৰহণ কৰিবলৈ অৱগত কৰি আহিছে যদিও বনাঞ্চলৰ মাজেদি যোৱা পথৰ পকীকৰণ চৰকাৰী বাধ্য বাধকতা দোহাই দিয়াৰ কথা চৰ্চিত হৈ আহিছে বুলিও স্থানীয় বৰবাম টঙীয়া গাঁৱৰ ৰাইজে সংবাদ মাধ্যমৰ আগত সজোৰে অভিযোগ উত্থাপন কৰে। উল্লেখযোগ্য যে গ্ৰাম্য উন্নয়নৰ ক্ষেত্ৰতো জকাই বৰবাম টঙীয়া গাঁৱৰ উন্নয়নৰ ছবিখন ধূসৰ হিচাপে পৰিগণিত হৈছে। বিশেষকৈ বৰবাম টঙীয়া গাঁৱৰ বিধৱা মহিলা সকলৰ বাদে বাকী মহিলা সকলে অসম চৰকাৰৰ ” অৰুণোদয়” আচঁনি, প্ৰধানমন্ত্ৰী আবাস যোজনা আঁচনি, সোণোৱাল কছাৰী অধ্যুষিত গাওঁ হিচাপে সোণোৱাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ দ্বাৰা আবন্টিত আঁচনিৰ সুযোগৰ পৰা গাওঁ খনৰ সৰহ সংখ্যক লোক বঞ্চিত হৈ আহিছে বুলি ৰাইজে আক্ষেপ প্ৰকাশ কৰি লাহোৱাল আৰু বৰবৰুৱা প্ৰেছ ক্লাবৰ উপস্থিত সাংবাদিক সকলৰ আগত জানিবলৈ দিয়ে।কোটোহা গাওঁ পঞ্চায়তৰ তৰফৰ পৰা অনুমোদিত আঁচনিত কেৱল বি জে পি দলীয় একাংশ কৰ্মীয়ে স্বজন তোষণ কৰি নিজৰ অঙহী বঙহীক আঁচনিত অন্তৰ্ভুক্ত কৰাৰ ফলত বৰবাম টঙীয়া গাঁৱৰ প্ৰকৃত হিতাধিকাৰী সকল বঞ্চিত হৈ আহিছে বুলি স্থানীয় বৰবাম টঙীয়া গাঁৱৰ ৰাইজে দুয়োটা প্ৰেছ ক্লাবৰ উপস্থিত সাংবাদিক সকলৰ আগত ক্ষোভেৰে ব্যক্ত কৰে।আনকি প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ ডিব্ৰুগড় সাংসদ ও কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মুখ্যমন্ত্ৰী হৈ থকাৰ সময়ত এবাৰো বৰবাম টঙীয়া গাঁৱৰ ৰাইজৰ সমস্যাৰ সমাধান ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ নকৰিলে বুলি বৰবাম টঙীয়া গাঁৱৰ ৰাইজে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে । ইয়াৰ উপৰিও দুবাৰকৈ সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী হোৱা ৰামেশ্বৰ তেলী, দুবাৰকৈ বিধায়ক হোৱা চক্ৰধৰ গগৈয়ে আজি পৰ্যন্ত বৰবাম টঙীয়া গাঁৱৰ পৰা জকাই বনাঞ্চলৰ মাজেদি ফৰেষ্ট গেটলৈ পথটো উন্নয়নৰ ক্ষেত্ৰত একবিন্দু মাত্ৰ পদক্ষেপ গ্ৰহণ নকৰিলে বুলি বৰবাম টঙীয়া গাঁৱৰ ৰাইজে সংবাদ মাধ্যমৰ আগত দুখ আৰু মৰ্মবেদনাৰে প্ৰকাশ কৰে।২০১৯ চনৰ ২৭নৱেম্বৰত সেই সময়ৰ অসমৰ ডিব্ৰুগড় জিলাৰ উপায়ুক্তৰ যোগেদি অসমৰ মুখ্যমন্ত্ৰীলৈ বৰবাম টঙীয়া গাঁৱৰ ৰাইজে কেবাদফীয়া দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰদান কৰিছিল যদিও আজিকোপতি বৰবাম টঙীয়া গাঁৱৰ মূলপথটোকে জকাই বনাঞ্চলৰ মাজেদি যোৱা পথটো উন্নয়নৰ তথা পকীকৰণ, উক্ত পথৰ দাঁতিত ফেঞ্চিংৰ ব্যৱস্থা কৰা পদক্ষেপ গ্ৰহণ নকৰিলে বুলি বৰবাম টঙীয়া গাঁৱৰ ৰাইজে ক্ষোভ প্ৰকাশ কৰা পৰিলক্ষিত হয়। আনকি জকাই বৰবাম টঙীয়া গাঁৱৰ ৰাইজে জকাই সংৰক্ষিত বনাঞ্চলৰ মাজেদি তথৈবচ পথেদি গাঁৱৰ ৰোগী কঢ়িয়াই চিকিৎসাৰ বাবে নিবলৈ ব্যক্তিগত গাড়ী আহিবলৈ অস্বীকাৰ কৰাৰ পৰিপ্ৰেক্ষিতত গাওঁ খনত স্বাস্থ্য সেৱা কেন্দ্ৰ স্থাপন, চিকিৎসা সেৱা পোৱাৰ প্ৰয়োজনীতাৰ ওপৰত গাওঁবাসীয়ে গুৰুত্ব আৰোপ কৰি সংবাদ মাধ্যমৰ জৰিয়তে অসম চৰকাৰৰ প্ৰতি দাবী জনায়। লাহোৱাল আৰু বৰবৰুৱা প্ৰেছ ক্লাবৰ যৌথ উদ্যোগত গাঁৱলৈ যাওঁ ব’লক কাৰ্যসূচীত উপস্থিত থাকি ডিব্ৰুগড় অ বি চি উন্নয়ন বৰ্ডৰ অধ্যক্ষ প্ৰশান্ত গগৈয়ে বৰ্তমানৰ বি জে পি মিত্ৰজোটৰ চৰকাৰৰ মুখ্যমন্ত্ৰী ডঃহিমন্ত বিশ্ব শৰ্মাই উন্নয়নৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে বুলি নিজৰ ভাষণত উল্লেখ কৰি জকাই বৰবাম টঙীয়া গাঁৱৰ সৰ্বাঙ্গীন বিকাশ আৰু উন্নয়নৰ ক্ষেত্ৰত বৰ্তমানৰ চৰকাৰে ভৱিষ্যতৰ দিনত পদক্ষেপ গ্ৰহণ কৰিব বুলি আশ্বাস প্ৰদান কৰি জকাই বৰবাম টঙীয়া গাঁওবাসীক গাওঁ খনৰ সকলো সমস্যাৰ সমাধান ক্ষেত্ৰত অসমৰ মুখ্যমন্ত্ৰীক অৱগত কৰিবলৈ আহ্বান জনায়। সভাত ডিব্ৰুগড় নগৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ অসীম হাজৰিকাই জকাই বৰবাম টঙীয়া গাঁৱৰ সামগ্ৰিক সমস্যাৱলী পৰিকল্পনাৰে সমাধানৰ ক্ষেত্ৰত ৰাইজক চৰকাৰৰ ওপৰত বিশ্বাসেৰে সমন্বয়ৰ মাজেৰে অসমৰ মুখ্যমন্ত্ৰীৰ ওচৰত অৱগত কৰাৰ ক্ষেত্ৰত পৰামৰ্শ আগবঢ়ায় আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে জকাই বৰবাম টঙীয়া গাঁৱৰ সমস্যাৰ সমাধান ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰি উন্নয়নৰ দিশত যোগাত্মক ভাৱে ইতিবাচক সঁহাৰি দিব বুলি নিজৰ ভাষণত ৰাইজৰ প্ৰতি আস্থা প্ৰকাশ কৰে। অনুষ্ঠানত AEGCLসঞ্চালিকা পুণ্য বৰাই জকাই বৰবাম টঙীয়া গাঁও বাসীক গাওঁ খনৰ প্ৰতিটো সমস্যাৰ সমাধান ক্ষেত্ৰত চৰকাৰৰ ওচৰত আবেদন তথা স্মাৰক পত্ৰ প্ৰদান কৰি অৱগত কৰি গাওঁবাসীৰ প্ৰতি চৰকাৰক সহযোগ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।সভাত লাহোৱাল প্ৰেছ ক্লাবৰ সভাপতি হোমেন ফুকনে জকাই বৰবাম টঙীয়া গাঁৱৰ জনসাধাৰণে সম্মুখীন হোৱা প্ৰতিটো সমস্যাৰ সমাধানৰ ক্ষেত্ৰত দীৰ্ঘম্যাদী পৰিকল্পনাৰে গাওঁ খনৰ উন্নয়ন আৰু বিকাশৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ অসমৰ মুখ্যমন্ত্ৰীৰ প্ৰতি দাবী উত্থাপন কৰে। অনুষ্ঠানত জকাই প্ৰভাৱ গোষ্ঠীৰ সম্পাদক তথা জকাই অঞ্চলৰ সমাজহিতৈষী ৰাজু ভৰালীয়ে জকাই বৰবাম টঙীয়া গাঁৱৰ যাতায়ত ব্যৱস্থাৰ সুচলতাৰ উন্নীতকৰণ, জকাই বৰবাম টঙীয়া গাঁৱক লৈ পৰ্যটকৰ ক্ষেত্ৰ হিচাপে গঢ়ি তোলা, জকাই বৰবাম টঙীয়া গাঁৱৰ সামগ্ৰিক সমস্যাৱলী পৰিকল্পনাৰে সমাধানৰ ক্ষেত্ৰত শীঘ্ৰেই পদক্ষেপ গ্ৰহণ কৰিবলৈ অসমৰ মুখ্যমন্ত্ৰী প্ৰতি আহ্বান জনায়। উল্লেখ্য যে লাহোৱাল আৰু বৰবৰুৱা প্ৰেছ ক্লাবৰ হৈ আয়োজিত গাঁৱলৈ যাওঁ ব’লক কাৰ্যসূচীত লাহোৱাল আৰু বৰবৰুৱা প্ৰেছ ক্লাবৰ সাংবাদিক সকল উপস্থিত থাকি সহযোগিতা আগবঢ়ায়।