ডিব্ৰুগড়ৰ বকুলৰ ঐতিহাসিক দুৰ্গাপূজা – ৰশ্মি ৰেখা দুৱৰা

ডিব্ৰুগড়ৰ বকুলৰ ঐতিহাসিক দুৰ্গাপূজা
ৰশ্মি ৰেখা দুৱৰা, ডিব্ৰুগড়
বোকা মাটিৰ গোন্ধক সামৰণি পেলায় বৰষুণ,উৎকট গৰম,অসহনীয় পৰিৱেশৰ অৱসান ঘটাই প্ৰকৃতিৰ বুকুত শৰতে ভুমুকি মাৰে।কহুৱাৰ জিকমিকনিত শেৱালিৰ আমোলমোল সুগন্ধিত চৌদিশে দুৰ্গাদেৱীক আদৰণি জনাবলৈ সাজু হৈ পৰে।শৰৎ কালত দুৰ্গাপূজা অনুষ্ঠিত কৰা হয় বাবেই শাৰদীয় দুৰ্গাপূজা বুলি কোৱা হয়।’দুষ্টক দমন শান্তক পালন’ৰ বাবেই দেৱী দুৰ্গাৰ আৱিৰ্ভাৱ হৈছিল।শাস্ত্ৰমতে আহিনৰ শুক্লপক্ষত দুৰ্গাপূজা অনুষ্ঠিত কৰা হয়।সাধাৰণতে ষষ্ঠীৰ পৰা দশমীলৈহে পূজা কৰা হয়।কোনো কোনো ঠাইত দুৰ্গা দেৱীৰ নটা ৰূপৰো পূজা কৰা হয়।দুৰ্গা দেৱীৰ নটা ৰূপক নৱৰাত্ৰি বুলি কোৱা হয়।ডিব্ৰুগড়ৰ বকুল চাহ বাগিচাৰ  দুৰ্গাপূজা মণ্ডপৰ এক সুকীয়া আসন আছে বুলি ক’ব পাৰি।অতীজৰে পৰা এই মহত্ত্বপূৰ্ণ পূজাভাগ প্ৰত্যেকবছৰে পালন কৰি আহিছে।এই পূজাভাগে চলিত বৰ্ষত ১৭৪ তম বৰ্ষত ভৰি দিব।বকুলৰ দুৰ্গাপূজাৰ ইতিহাসলৈ গমি চালে জানিব পৰা যায় যে যি ঠাইত পূজাভাগ অনুষ্ঠিত কৰা হয়; তাৰ কাষতেই এটা কালি মন্দিৰ অতীজৰে পৰা আছিল।কালি মন্দিৰটোক পঞ্চমুণ্ড আসন বুলি কোৱা হয়।অৰ্থাৎ পাঁচটা মূৰ কাটি মন্দিৰটো প্ৰতিষ্ঠা কৰিছিল।সেই মন্দিৰটো জাগ্ৰত মন্দিৰ।আৰু তাৰ কাষতে অনুষ্ঠিত কৰা দুৰ্গাপূজাভাগো জাগ্ৰত পূজা।পোনপ্ৰথমে কালি মন্দিৰত পূজা অৰ্চনা কৰি লোৱা হয়,তাৰ পাছতহে দুৰ্গা দেৱীৰ প্ৰতিমা প্ৰতিষ্ঠা কৰা হয়।বকুলৰ পূজালৈ বহু দূৰ দূৰণিৰ পৰা ভক্তৰ সমাগম ঘটে।শুনামতে বহুলোকে তাত প্ৰাৰ্থনা কৰি প্ৰমাণো পাইছে।নিজে গৈ সেৱা নকৰিলে হয়তো সেই ফলাফলৰ কথা বিশ্বাস কৰিব নোৱাৰি।ষষ্ঠী দিনাখনৰ পৰাই পূজাৰ আৰম্ভণি হয় বুলি ক’ব পাৰি।সন্ধিয়া ৭ বজাৰ পৰাই আলি পূজা অনুষ্ঠিত কৰা হয়।এই পূজা অতীজৰে পৰা চলি আহিছে।আলি পূজাৰ দিনাই দুৰ্গা দেৱীক আদৰণি জনাই মূল স্থানত প্ৰতিমা প্ৰতিষ্ঠা কৰা হয়।বাগানৰ সকলো ৰাইজ মিলিত হৈ নীতি-নিয়মৰ মাজেৰে পূজা অৰ্চনা কৰে,বলি দিয়ে,মা-প্ৰসাদ বিতৰণ কৰে।দুৰ্গাপূজাৰ সকলো নিয়ম আলি পূজাতেই পালন কৰা হয়।বকুলৰ পূজা মণ্ডপৰ ওচৰৰে প্ৰত্যকবছৰে কৰা আলিটোতে নীতি-নিয়মবোৰ কৰি আহিছে।নীতি-নিয়মৰ মাজেৰেই আলিটোৰ পৰাই আদৰি আনি দুৰ্গা দেৱীৰ প্ৰতিমা মূল স্থানত প্ৰতিষ্ঠা কৰি বেলবোধন কৰা হয়।দুৰ্গা দেৱীৰ মুখখন ঢাকি ৰখা হয়,ৰাইজক দেখুওৱা নহয়।দেৱীয়ে অসুৰক মৰা ঠাইত কাৰিকৰে তেজ অৰ্থাৎ ৰঙা ৰং লগাই দিয়াৰ পাছতহে মুখখন উলিয়াই দিয়া হয়।তাৰপাছৰে পৰা দুৰ্গা দেৱীক দৰ্শন কৰিব পাৰে।সপ্তমী দিনা পুৱাৰে পৰা পূজাভাগত ভক্তপ্ৰাণ ৰাইজৰ সমাগম ঘটে।ৰাজহুৱা বলি উক্ত দিনটোত গ্ৰহণ কৰা নহয়।বাগানৰ ৬ টা সংমণ্ডলৰ বলি গ্ৰহণ কৰা হয়।বিশেষকৈ ছাগলী আৰু হাঁহ বলি দিয়া হয়।পাৰ বলি দিয়া নহয়।সপ্তমী দিনাৰ পৰা নৱমী দিনালৈকে পাৰ উৰুৱাবলৈ দিয়া হয়।আৰু আটাইকেউটা সংমণ্ডলত প্ৰসাদ বিতৰণ কৰা হয়।বলি দিয়া ব্যক্তিকেইজনো বহুবছৰ ধৰি ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে পূজাভাগৰ লগত।সপ্তমী দিনা ৰাতিলৈ অৰ্দ্ধৰাতি পূজা এভাগো অনুষ্ঠিত কৰা হয়।অষ্টমী দিনাৰ পুৱাৰে পৰাও ভক্তপ্ৰাণ ৰাইজৰ সমাগম ঘটে।এই দিনটোতো বলি উৎসৰ্গা কৰা হয়।বলি দিয়াৰ উপৰিও সপ্তমী দিনাৰ পৰা নৱমী দিনালৈ মাহ-প্ৰসাদ,ফলমূলৰ শৰাই আগবঢ়াই ভক্তসকলে সেৱা গ্ৰহণ কৰে।মহাষ্টমী দিনা কুমাৰী পূজা এভাগ পালন কৰা হয়।ধৰ্মীয় পৰম্পৰাত কমবয়সীয়া ছোৱালীক উপাসনা কৰাৰ পৰম্পৰা আছে।সংস্কৃত ভাষাত কুমাৰী শব্দৰ অৰ্থ হৈছে,”ঋতুমতী নোহোৱা সৰু ছোৱালী”।বয়সৰ ওপৰত ভিত্তি কৰিয়ো কুমাৰী ছোৱালীক ভিন্ন নাম দিয়া হয়।কুমাৰী পূজাৰ লগত বহুতো বিশ্বাস জড়িত হৈ আছে।নৱমী দিনাও পুৱাৰে পৰা পূজা আৰম্ভ কৰা হয়।আৰু ১০-১১ বজাৰ পৰা ৰাজহুৱা বলি উৎসৰ্গা কৰা হয়।আটাইকেইদিনে পূজাস্থলীত ভক্তপ্ৰাণ ৰাইজৰ সমাগম ঘটে।মা দুৰ্গাৰ আশিস বিচাৰি প্ৰাৰ্থনা কৰে,যাতে অপায় অমঙ্গল দূৰ হৈ নিজৰ লগতে সমাজখনত শান্তি প্ৰতিষ্ঠিত হয়।দশমী দিনা মা দুৰ্গাক বিসৰ্জন দিয়া হয়।সকলো ভক্তপ্ৰাণ ৰাইজ একেলগ হৈ দেৱী বন্দনা আৰু আৰাধনাৰে সকলো কাম শেষ কৰি নানা বাদ্যযন্ত্ৰৰে শোভাযাত্ৰা কৰি ব্ৰক্ষ্মপুত্ৰ নদীত দেৱীৰ প্ৰতিমা বিসৰ্জন দিয়া হয়।বকুলৰ পূজাভাগ ঐতিহাসিক পূজা।ভক্তসকলে বহুত বিশ্বাস কৰে,সেই অনুপাতে প্ৰমাণ পোৱাও দেখা যায়।প্ৰবাদ আছে বকুলৰ পূজাভাগ বহুত মহত্ত্বপূৰ্ণ।তাহানিতে ম’হ বলি দিয়া হৈছিল।অতীতত ম’হ বলি দিয়া হৈছিল বুলি শুনা যায় যদিও বৰ্তমানে বকুলৰ পূজাস্থলীত ম’হ বলি দিয়া কোনো স্থান দেখা পোৱা নাযায়।বৰ্তমান জীৱিত বয়োজ্যেষ্ঠ লোকসকলৰ পৰা জানিব পৰা মতে তেখেতসকলেও শুনাহে পাইছিল; ম’হ বলি দিয়া দেখা পোৱা নাছিল।সেয়েহে বকুলৰ পূজাত ম’হ বলি দিয়া হৈছিল নে নাই সঠিককৈ কোৱা টান।দুৰ্গা দেৱীৰ প্ৰতিমা নিৰ্মাণ কৰিবলৈ কলকাতাৰ পৰা কাৰিকৰ অনা হয়।আগতে পিতৃয়ে প্ৰতিমা নিৰ্মাণ কৰিছিল,বৰ্তমান পুত্ৰই প্ৰতিমা নিৰ্মাণ কৰিবলৈ আহে।পিতৃয়ে মৃত্যুৰ আগত পুত্ৰৰ আগত ব্যক্ত কৰি গৈছিল,বকুলৰ প্ৰতিমা যাতে পুত্ৰই নিৰ্মাণ কৰে।কাৰিকৰজনৰো পূজাখনৰ প্ৰতি অগাধ বিশ্বাস আছিল।পুত্ৰক কৈছিল দুৰ্গা দেৱীৰ প্ৰতিমা নিৰ্মাণ কৰোঁতে বকুলৰ পূজা কমিটিয়ে যি মাননি দিয়ে তাতে সন্তুষ্টি থাকিবা।আৰু সেই পূজাখন এৰি নিদিবা।সেয়েহে পুত্ৰই দেউতাকৰ কথা ৰাখি বকুলৰ প্ৰতিমা নিৰ্মাণ কৰি আহিছে।জানিব পৰা মতে কাৰিকৰজনৰ মাতৃ ঢুকাওঁতে প্ৰতিমা নিৰ্মাণ কৰিবলৈ আহিব নোৱাৰাত বেলেগ কাৰিকৰৰ হতোৱাই প্ৰতিমা নিৰ্মাণ কৰোৱা হৈছিল,তেতিয়া বকুল চাহ বাগিচাৰ লোকসকলৰ মাজত কিছু অথন্তৰ ঘটিছিল বুলিও জানিব পৰা যায়।পূজাৰীজন যোৰহাটৰ পৰা অনা হয়।আগতে পিতৃ আহিছিল,বৰ্তমান পুত্ৰই আহি পূজাভাগ প্ৰত্যেক বছৰে নিয়াৰিকৈ চলাই নিয়ে।পূজাখনৰ লগত বকুলৰ বহু ব্যক্তি ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে।সেই ব্যক্তিসকলৰ কৰ্মৰাজী সঁচায়ে শলাগিবলগীয়া।ভক্তপ্ৰাণ ৰাইজৰ বিশাল সমাগমৰ মাজতো প্ৰতিটো নীতি-নিয়ম পালন কৰি পূজাভাগ আগবঢ়াই নিয়ে। উক্ত পূজা মণ্ডপৰ প্ৰতিমাগৰাকী বহু উচ্চতাত নিৰ্মাণ কৰা হয়, নূন্যতম ১৫ ফুট উচ্চতা বুলি ক’ব পাৰি। এই পূজাভাগত পুৱাৰে পৰা ৰাতি লৈ আটাইকেইদিনে বহু দূৰ-দূৰণিৰ ভক্তই ভিৰ কৰে।দুৰ্গা দেৱীক ভক্তসকলে পবিত্ৰ মনেৰে ষোড়শোপচাৰেৰে পূজা কৰি ভক্তি অঞ্জলি প্ৰদান কৰে।দুৰ্গা দেৱীক শক্তিৰ অধিষ্ঠাত্ৰী দেৱী ৰূপে ভক্তসকলে পূজি আহিছে।চাহ জনগোষ্ঠীৰ লগতে সকলো ভাৰতীয়লোকে ভাগ লৈ দুৰ্গোৎসৱ পালন কৰি আহিছে।এই উৎসৱে হিংসা,কপটতা, কু-চিন্তাবোৰ আঁতৰাই সমাজত শান্তি প্ৰতিষ্ঠিত কৰে।আৰু অন্ধকাৰ নাশ কৰি জগতখনক পোহৰাই তোলে।