ডিব্ৰুগড়ৰ পৌৰনিগম অন্তৰ্গত ২১ নম্বৰ ৱাৰ্ড জ্যোতি নগৰত ঘৰৰ ভিতৰত একঁকাল পানী

ডিব্ৰুগড়ৰ পৌৰনিগম অন্তৰ্গত ২১ নম্বৰ ৱাৰ্ড জ্যোতি নগৰত ঘৰৰ ভিতৰত একঁকাল পানী : ৰাইজৰ পথ অৱৰোধ:তীব্ৰ ক্ষোভ

এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড় ২১ নম্বৰ ৱাৰ্ডত কৃত্ৰিম বান পানীয়ে মানুহৰ জীৱন লৈ দুৰ্যোগ নমাই আনিছে।ঘৰৰ চাৰিও ফালে পানী আৰু পানী।চাইকেল আছে ৰাস্তা নাই, মটৰ চাইকেল আছে কিন্ত উপযুক্ত পথ নাই। আছে মাথো সাগৰ দৃশ্য ,নাই কোনো খোৱা পানী আৰু নাই বিদুৎ যোগান। এতিয়া ৰাইজৰ একমাত্ৰ যাতায়তৰ আহিলা হৈছে নাও। ডিব্ৰুগড় পৌৰনিগমৰ ২১ নম্বৰ ৱাৰ্ডৰ জ্যোতিনগৰত ,ৰাইজে এতিয়া পানীৰ মাজত জীয়াতু ভুগিব লগীয়া হৈছে।এই সকলৰ দুখ বেদনা শুনিবলৈ যেন নাই কোনো বিভাগ।ডিব্ৰুগড়ৰ ২১ নম্বৰৰ ৱাৰ্ড সদস্যৰ ৰাইজৰ বিননি শুনিবলৈ আজৰিয়েই নাই। নামত ৱাৰ্ড কমিচন কিন্ত্ত কাম নাই। ৱাৰ্ডৰ সদস্যৰ ফোন নম্বৰ বোৰ ব্লক কৰি দিয়াৰ অভিযোগ ৰাইজৰ। কংগ্ৰেছৰ দিনত মূল্য বৃদ্ধিক লৈ গৰুৰ গাড়ীত উঠি, গেছ চিলিণ্ডাৰ, পিয়াঁজৰ মালা পিন্ধি প্ৰতিবাদ সাব্যস্ত কৰা ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকন এতিয়া নিমাত । নিৰ্বাচনৰ সময়ত ডাঙৰ ডাঙৰ কৈ দীঘল নমস্কাৰ দিয়ে। এতিয়া ৰাইজে ওলোটাকৈ ডাঙৰ ডাঙৰকৈ নমস্কাৰ দিছে।কৃত্ৰিম বান পৰিস্থিতিক পিঠি দিয়াৰ অভিযোগ ৰাইজৰ। নিৰ্বাচনৰ সময়ত বৰকৈ আশ্বাস আৰু বিশ্বাস দিয়ে ইটো কৰি দিব সিটো কৰি দিম,সেই বিশ্বাস আৰু আশ্বাস ক’ত হেৰাল।সব ফুটুকাৰ ফেনত পৰিণত। এতিয়া জনপ্ৰতিনিধি কত হেৰাল, ৰাইজ এই কৃত্ৰিম বানত ক’কবকাই আছে, খবৰ ল’বলৈ আহৰি নাই এই মন্তব্য কৰে ২১ নম্বৰ ৱাৰ্ডৰ ৰাইজৰ। ডিব্ৰুগড়ৰ অৰুণাচল গেষ্ট হাউচ, জ্যোতি নগৰৰ সমীপত পথ অৱৰোধ স্থানীয় ৰাইজৰ । তেওঁলোকে উপাইহীনহৈ পথৰ ওপৰত ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰে। ডিব্ৰুগড়ৰ জ্যোতি নগৰৰ পুৰুষ মহিলাই পৌৰনিগম হায়, হায়, পৌৰনিগম মুৰ্দাবাদ, বিজেপি চৰকাৰৰ কাম নাই, কৃত্ৰিম বাঢ়নী পানীৰ সমস্যা সমাধান কৰক আদি বিভিন্ন প্ৰতিবাদী শ্ল’গানৰে পথ অৱৰোধ ৰূপায়ন কৰি উত্তাল কৰে।