ডিব্ৰুগড়ৰ টেঙাখাট সংহত শিশু উন্নয়ন প্ৰকল্পৰ উদ্যোগত টেঙাখাত খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ সহযোগত সপ্তম ৰাষ্ট্ৰীয় পোষণ মাহ উপলক্ষে বালিজান চাহ বাগিচা আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ত কাৰ্যসূচী
এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড় জিলাৰ টেঙাখাট সংহত শিশু উন্নয়ন প্ৰকল্পৰ দ্বাৰা টেঙাখাত খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ সহযোগত ‘বালিজান চাহ বাগিচা আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়’ত পোষণ অভিযানৰ অন্তৰ্গত সপ্তম ৰাষ্ট্ৰীয় পোষণ মাহ উপলক্ষে বিভিন্ন কাৰ্য্যসূচী যেনে- গৰ্ভৱতী মহিলাৰ বাবে পঞ্চামৃত , ছয়মাহৰ উৰ্দ্ধতম শিশুৰ বাবে অন্নপ্ৰশন, কিশোৰীসকলৰ বাবে এনিমিয়া পৰীক্ষা আৰু সজাগতা শিবিৰ, ০-৬ বছৰ বয়সৰ শিশুৰ বৃদ্ধি নিৰীক্ষণ, প্ৰধানমন্ত্ৰী মাত্ৰু বন্দনা যোজনাৰ হিতাধিকাৰীসকলৰ দ্বাৰা অভিজ্ঞতাৰ ভাগ বতৰা তথা যোগ্য গৰ্ভৱতী হিতাধিকাৰীসকলৰ সৈতে বাৰ্তালাপৰ লগতে হিতাধিকাৰীসকলৰ আধাৰ চিডিঙৰ কাম সম্পন্ন কৰা হয়। এই কাৰ্য্যসূচীত উপস্থিত থাকে- ৰাষ্ট্ৰীয় বাল স্বাস্থ্য কাৰ্য্যক্ৰম আৰু মোবাইল মেডিকেল ইউনিটৰ স্বাস্থ্যকৰ্মীসকল, বালিজান চাহ বাগিচা আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক-শিক্ষয়ত্ৰীসকল, টেঙাখাট শিশু সংহত উন্নয়ন প্ৰকল্পৰ মুখ্য সেৱিকা তথা অন্যান্য বিষয়ববীয়াসকল, পোষণ অভিযানৰ জিলা তথা খণ্ড প্ৰকল্প সমন্বয়ক, পোষণ অভিযানৰ জিলা প্ৰকল্প সহায়ক, জিলা সংকল্প: মহিলা সৱলীকৰণ কেন্দ্ৰৰ বিষয়ববীয়া, এবিটাৰ চক্ৰ তথা চাহ বাগিছা সমন্বয়ক, ইণ্ডিয়ান পোষ্ট পেমেণ্ট বেঙ্কৰ বিষয়ববীয়া, অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকল।