ডিব্ৰুগড়ৰ কলাখোৱা চাকৈপথাৰৰ বিলত পৰি সলিল সমাধি ৩৪ বছৰীয়া যুৱকৰ
এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড় জিলাৰ লৰুৱা মৌজাৰ পশ্চিম ৰাজহচক্ৰ আৰু বৰবৰুৱা থানাৰ অন্তগৰ্ত চাকৈপথাৰ গাঁৱৰ দিহিং চেঁচা নদীৰ বাঢ়নী পানীত উফন্দি উঠা গৰুধৰিয়া বিলত পৰি এজন যুৱকৰ কৰুণ মৃত্যু হৈছে। চাকৈপথাৰ গাৱৰ প্ৰয়াত দুল দত্তৰ পুত্ৰ মনোজ দত্তই কৰ্ম সূত্ৰে দুলীয়াজানত থাকে আৰু চাকৈপথাৰ গাৱত থকা নিজ গৃহ তথা মাতৃৰ ওচৰলৈ যোৱা ২১ জুলাইত আহিছিল। সন্ধিয়া গাঁৱৰ লগ সমনীয়াক লগ কৰিবলৈ ঘৰৰ পৰা ওলাই গৈছিল মনোজ। লগৰীয়াক লগ কৰিবলৈ যোৱা মনোজ পুনৰ ঘূৰি নাহিল মাতৃ ওচৰলৈ। মনোজে বহু সময়লৈকে ঘৰলৈ উভতি নহাত অকলশৰীয়া মাতৃয়ে গাওঁৰ ঘৰে ঘৰে বিচাৰিলে কিন্তু কোনো শুংসূত্ৰ নাপালে মনোজৰ। ইফালে আজি ২২ জুলাইৰ পুৱা ভাগতে গাঁওৰ গৰুধৰীয়া বিলত উপঙি থকা অৱস্থাত উদ্ধাৰ হয় মনোজৰ মৃত দেহ। সন্দেহ কৰা অনুসৰি দিহিং চেঁচা নদীৰ বাঢ়নী পানীয়ে উফণ্ডি উঠা গৰুধৰীয়া বিলত পিচলি পৰি লতা ঘাঁহৰ মাজত সোমাই পৰাত মনোজে আৰু পুণৰাই উঠি আহিব নোৱাৰিলে । ইতিমধ্যে ঘটনা স্থলিত বৰবৰৱা আৰক্ষী উপস্থিতহৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে।