ডিব্ৰুগড়ত সুধাকণ্ঠ ডo ভূপেন হাজৰিকাক স্মৰণ

ডিব্ৰুগড়ত সুধাকণ্ঠ ডo ভূপেন হাজৰিকাক স্মৰণ

 এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড়ত ৫-১১-২৩ তাৰিখে এক ব্যতিক্ৰমধৰ্মী কাৰ্যসূচীৰে সুধাকণ্ঠ ডo ভূপেন হাজৰিকাৰ পুণ্যতিথিত এটি গণ সংগীতৰ অনুষ্ঠান “আমি একেখন নাৱৰে যাত্ৰী” অনুষ্ঠানটি ডিব্ৰুগড় জিলা প্ৰশাসন আৰু মঞ্চৰূপাৰ উদ্যোগৰ লগতে গণনাট্য সংঘ (ডিব্ৰুগড় জিলা), সদৌ অসম ছাত্ৰ সন্থা, ডিব্ৰুগড় শিল্পী সমাজ, আকাংক্ষা, শ্ৰুতিশিল্পী সমাজ, সুৰীয়া শিল্পী সমাজৰ লগতে সুধাকন্ঠৰ অনুৰাগী সমূহ ৰাইজৰ সহযোগত স্থানীয় জিলা আয়ুক্ত কাৰ্য্যালয়ত অতি গাম্ভিৰ্যপূৰ্ণ অথচ আকৰ্ষণীয় পৰিবেশৰ মাজত উদযাপন কৰা হয়।সুধাকন্ঠৰ তিনিটা অমৰ গীত গণ সংগীত ৰূপে পৰিৱেশন কৰি ডিব্ৰুগড়ত ব্যতিক্রমী ৰূপত পালন কৰা হয় ভাৰতৰত্ন ডo ভূপেন হাজৰিকাৰ পুণ্য তিথি। সুধাকণ্ঠৰ এই ১২সংখ্যক পুণ্য তিথিত ডিব্ৰুগড় জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত থকা বিশ্ববৰেণ্য শিল্পী গৰাকীৰ সু-উচ্চ প্ৰতিমূৰ্তিৰ সন্মূখত জিলা প্ৰশাসন আৰু ‘মঞ্চৰূপা’ৰ উদ্যোগত দিৱসটি পালন কৰা হয় ৷ সুধাকণ্ঠৰ দেশাত্মবোধ, মানৱতাবোধ আৰু সম্প্ৰীতিৰ বাৰ্তা ৰূপে ”অসম আমাৰ ৰূপহী” ”মানুহে মানুহৰ বাবে’ আৰু ” “আমি একেখন নাৱৰে যাত্ৰী” গীত কেইটি পৰিৱেশন কৰে ডিব্ৰুগড়ৰ শিল্পী সমাজ, বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয়, অসম চিকিৎসা মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী, ডিব্ৰুগড় শাখাৰ সদৌ অসম মহিলা কৰ্মচাৰী সন্থা আৰু বিভিন্ন সংগঠনৰ প্ৰতিনিধিকে ধৰি সুধাকণ্ঠৰ প্ৰায় তিনি শতাধিক গুণমুগ্ধই৷ কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, জিলা আয়ুক্ত বিক্ৰম কৈৰী, জিলা উন্নয়ন আয়ুক্ত জিতু কুমাৰ দাস, জিলা আৰক্ষী অধীক্ষক স্বেতাং মিশ্ৰ সহ ভালে সংখ্যক বিশিষ্ট ব্যক্তিয়ে অনুষ্ঠানৰ শুভ উদ্বোধন কৰে। অনুষ্ঠানত প্ৰবীন শিল্পী সৰ্বশ্ৰী প্ৰশান্ত বৰদলৈ, ৰাম চাচনী, ৰঞ্জনা শৰ্মা বৰদলৈ,পদ্ম দাস, মীৰা কলিতা,চেহিৰ আহমেদ আৰু জ্যোতি শংকৰ চলিহাক সম্বৰ্দ্ধনা জনোৱা হয়৷ ‘মঞ্চৰূপা’ৰ সভাপতি শিল্পী চন্দন পাঠক, প্ৰবীন শিল্পী বকুল দাসৰ পৰিচালনাত আজিৰ ‘গণ সঙ্গীত’ৰ অনুষ্ঠানটিৰ আঁত ধৰে হাচান ইকবাল আৰু লতা বৰুৱা হাজৰিকাই৷