ডিব্ৰুগড়ত বিশিষ্ট সাহিত্যিক- সাহিত্যাচাৰ্য ড০ কৰবী ডেকা হাজৰিকাক অনুষ্ঠান প্ৰতিষ্ঠানৰ সম্বৰ্ধনা 

ডিব্ৰুগড়ত বিশিষ্ট সাহিত্যিক- সাহিত্যাচাৰ্য ড০ কৰবী ডেকা হাজৰিকাক অনুষ্ঠান প্ৰতিষ্ঠানৰ সম্বৰ্ধনা 
এম্ হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা-    ডিব্ৰুগড়ৰ সন্ধানী মহিলা চ’ৰা আৰু উপাসনা কলা কেন্দ্ৰৰ যুটীয়া উদ্যোগত বিশিষ্ট সাহিত্যিক,সাহিত্যাচাৰ্য ড০ কৰবী ডেকা হাজৰিকাক অসম সাহিত্য সভাই সাহিত্যাচাৰ্য সন্মানেৰে বিভূষিত কৰাত তেখেতক সম্বৰ্ধনা জনাবলৈ এখনি গাম্ভীৰ্যপূৰ্ণ সভাৰ আয়োজন কৰা হয় যোৱা ২ ফেব্ৰুৱাৰীত। সভাৰ আৰম্ভণিতে সন্ধানী মহিলা চ’ৰাৰ সভানেত্ৰী নিহাৰীকা শ্ৰুতিকৰে আদৰণি ভাষণ প্ৰদান কৰে।মুখ্য অতিথিৰ দ্বাৰা বন্তি প্ৰজ্বলন আৰু ড০ চুমি‌ ফুকনৰ মঙ্গলাচৰনেৰে  সভাৰ শুভাৰম্ভ কৰা হয়। ইয়াৰ পাছতেই উপাসনা কলা কেন্দ্ৰ, সন্ধানী মহিলা চ’ৰা আৰু বানীপুৰ শাখা সাহিত্য সভাৰ তৰফৰ পৰা একোখনকৈ ফুলাম গামোচা, চেলেং চাদৰ , সম্বৰ্ধনা পত্ৰ আৰু কণমানি শিশুৱে ফুলৰ তৰাৰে ড০ হাজৰিকাক সম্বৰ্ধনা জ্ঞাপন কৰে। ড০ কৰবী ডেকা হাজৰিকাই “সাহিত্য-সুৰ আৰু শক্তি ” -এই বিষয়ৰ ওপৰত এটি সুন্দৰ, হৃদয়স্পৰ্শী বক্তব্যৰে সকলোকে মোহাচন্ন কৰি তোলে। অনুষ্ঠানত চুমি ফুকনৰ গীত, লক্ষহীৰা গগৈৰ কবিতা আবৃত্তিৰ লগতে বিশিষ্ট ব্যক্তি ক্ৰমে উপাসনা কলা কেন্দ্ৰৰ অধ্যক্ষ তৰুণ কুমাৰ গগৈ, ডিব্ৰুগড় সাহিত্য সভাৰ হৈ নোমল চন্দ্ৰ গগৈ, ডিব্ৰুগড় ৰেডক্ৰছ ছছাইটিৰ সম্পাদক ড০ পঙ্কজ কুমাৰ শ্ৰুতিকৰ আৰু ডিব্ৰুগড় জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ইন্দ্ৰ গগৈয়ে ড০  হাজৰিকাক আন্তৰিক অভিনন্দন জ্ঞাপন কৰি তেওঁলোকৰ বক্তব্য আগবঢ়ায়। এই অনুষ্ঠানতে কেইবাগৰাকীও নতুন সদস্যা ক্ৰমে ড০ চুলতানা হাজৰিকা, মিতালী দেউৰী, পূৰবী বৰাই সন্ধানী মহিলা চৰাত অন্তৰ্ভুক্ত হৈ তেওঁলোকৰ পৰিচয় ডাঙি ধৰে। সন্ধানী মহিলা চ’ৰাৰ প্ৰাক্তন সম্পাদিকা নীভা বৰা বৰুৱাই শলাগৰ শৰাই আগবঢ়ায়।