ডিব্ৰুগড়ত জন স্বাস্থ্য কাৰিকৰী বিভাগৰ ঠিকাদাৰ সন্থাৰ উত্তাল প্ৰতিবাদ

ডিব্ৰুগড়ত জন স্বাস্থ্য কাৰিকৰী বিভাগৰ ঠিকাদাৰ সন্থাৰ উত্তাল প্ৰতিবাদ:: দুঘণ্টীয়া অৱস্থান ধৰ্মঘট

এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- চৰকাৰী আঁচনিৰ কাম সম্পন্ন কৰি এতিয়া বিপদত পৰিছে ডিব্ৰুগড়ত জন স্বাস্থ্য কাৰিকৰী বিভাগৰ ঠিকাদাৰ সকল। জন স্বাস্থ্য কাৰিকৰী বিভাগৰ পঞ্জীয়নকৃত ঠিকাদাৰ সকলে জল জীৱন মিছনকে কৰি বহু চৰকাৰী আঁচনি কাম আদি সম্পন্ন কৰা পাছত এতিয়া ধনৰ অভাৱত বিপাঙত পৰি এই সকল ঠিকাদাৰৰ পানীত হাঁহ নচৰা অৱস্হা হৈ পৰিছে। কাম কৰি প্ৰাপ্য ধনৰ পৰা বঞ্চিত হৈছে এই সকল ঠিকাদাৰ। বিগত মাৰ্চ মাহৰ পৰা বন্ধ হৈ আছে তেঁওলোকৰ বিলৰ প্ৰাপ্য আবণ্টন হোৱা ধন সমূহ। ডিব্ৰুগড়,নাজিৰা শিৱসাগৰ, তিনিচুকীয়াৰ এই বিভাগত আচঁনিৰ কাম সম্পূৰ্ন কৰা ঠিকাদাৰ সকলে বৰ্তমানে প্ৰায় চাৰিশ কোটিৰো অধিক ধন পাবলৈ বাকী আছে এই বিভাগৰ পৰা। বাৰে বাৰে জিলা আয়ুক্ত কাৰ্যালয়ৰ কাম সম্পূৰ্ণ কৰা বিল জমা কৰা পাছতো গুৰুত্ব নাই বিভাগৰ। ইফালে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ডিব্ৰুগড়ৰ কাৰ্য্যালয়তে দিনৰ পাছত দিন ধৰি এই বিল সমূহ জমা হৈ আছে যদিও গুৰুত্ব নাই বিভাগৰ। নিজৰ পাপ্য ধন বিচাৰি এইদৰে ডিব্ৰুগড়ত জন স্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যালয়ৰ সন্মূখত প্ৰতিবাদ সাব্যস্ত কৰিলে ধন বঞ্চিত এই সকল ঠিকাদাৰে। ঠিকাদাৰ সকলে প্ৰতিবাদৰ জৰিয়তে অতি সোনকালে তেওঁ লোকৰ ধন মুকলি কৰিবলৈ দাবী উত্থাপন কৰে।