ডিব্ৰুগড়ত কৃত্ৰিম বান ৰোধৰ বাব ৫ খন মিনি চুপাৰ ছাকাৰৰ শুভ উদ্বোধন কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

ডিব্ৰুগড়ত কৃত্ৰিম বান ৰোধৰ বাব ৫ খন মিনি চুপাৰ ছাকাৰৰ শুভ উদ্বোধন কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা– ডিব্ৰুগড় চহৰৰ ভয়াবহ কৃত্ৰিম বান ৰোধ কৰিবলৈ ডিব্ৰুগড় পৌৰনিগমে নতুন প্ৰদক্ষেপ গ্ৰহণ কৰি ৫ খন নতুন চুপাৰ ছাকাৰ গাড়ী ক্ৰয় কৰে। চহৰখনৰ বিভিন্ন ঠাইত নলা নৰ্দমা চফা ৰখাৰ বাবে পৌৰনিগমৰ এই পদক্ষেপ প্ৰশংসনীয়। ডিব্ৰুগড়ৰ মহানগৰৰ সৰু সৰু পথৰ ভিতৰৰ থকা নলা নৰ্দমা ছফা ৰখাৰ বাবে পৌৰসভাই ক্ৰয় কৰিছে ৫ খন এই মিনি চুপাৰ ছাকাৰ গাড়ী।প্ৰতিখন চুপাৰ চাকাৰৰ সৈতে থাকিব তিনিটাকৈ টেংক।বেটাৰী চালিত এই গাড়ীৰ টেংকীৰ ক্ষমতা ১২ শ লিটাৰ। ডিব্ৰুগড় পৌৰ নিগমে ক্ৰয় কৰা এই মিনি চুপাৰ চাকাৰ মুকলি কৰে ডিব্ৰুগড়ৰ সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালে। অনুষ্ঠানত উপস্থিত থাকে পৌৰনিগমৰ মেয়ৰ সৈকত পাত্ৰ ,সাংসদ ৰামেশ্বৰ তেলী, বিধায়ক প্ৰশান্ত ফুকন, ডিব্ৰুগড়ৰ জিলাৰ আয়ুক্ত বিক্ৰম কৈৰী, উপ মেয়ৰ উজ্জ্বল ফুকন প্ৰমূখ্যে অন্যান্য বিষয়া সকল।