ডিব্ৰুগড়ত আয়োজিত যোগ দিৱসত অংশগ্ৰহণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

Pc Facebook

ডিব্ৰুগড়ত আয়োজিত যোগ দিৱসত অংশগ্ৰহণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  সমগ্ৰ বিশ্বতে অষ্টম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰা হৈছে। বিভিন্ন ঠাইত বহুতো যোগ কাৰ্যসূচী আয়োজন কৰা হৈছে।ডিব্ৰুগড়ত আয়োজিত যোগ দিৱসত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।উল্লেখযোগ্য যে মুখ্যমন্ত্ৰীৰ সৈতে সতীৰ্থ মন্ত্ৰী কেশৱ মহন্ত, বিমল বড়া, বিধায়ক প্ৰশান্ত ফুকন, চক্ৰধৰ গগৈ, তৰংগ গগৈ, পোনাকণ বৰুৱাৰ লগতে বহু গণ্য-মান্য ব্যক্তি আৰু স্থানীয় ৰাইজে অংশগ্ৰহণ কৰে।অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চচিয়েল মিডিয়াত ফটো শ্বেয়াৰ কৰি কয় যে,”গীতাত ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক কৈছিল– যদি চিত্ত স্থিৰ কৰিব নোৱৰা তেন্তে অভ্যাস যোগৰ দ্বাৰা মোক লাভ কৰিবলৈ ইচ্ছা কৰিবা৷যোগ হৈছে ভাৰতীয় প্ৰাচীনতম সংস্কৃতিৰ এক অবিচ্ছেদ্য অংগ৷ আজি ডিব্ৰুগড় জিলাৰ চৌকিডিংগী খেলপথাৰত আয়োজিত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসত অংশগ্ৰহণ কৰি মই পৰম কৃতাৰ্থ অনুভৱ কৰিছোঁ।আজি দিৱস উদযাপনৰ আৰম্ভণিতে সেইসকলক মনত ৰাখিছোঁ যিসকল ব্যক্তিয়ে সাম্প্ৰতিক বানৰ কবলত পৰি বিভিন্ন আশ্ৰয় শিবিৰত আশ্ৰয় লৈ আছে, আমি তেখেতসকলৰ কাষত সদায় থিয় হৈ আছোঁ।যোগ হ’ল শৰীৰ আৰু আত্মাৰ মিলন সাধনেৰে প্ৰাকৃতিকভাৱে সকলো দিশতে উৎকৰ্ষ লাভ কৰা এক সবল প্ৰক্ৰিয়া৷ যোগে প্ৰাণৰ সঞ্চাৰ কৰে, মন আৰু শৰীৰ সন্তুলিত কৰি সকলোকে আধ্যাত্মিকভাৱে সবল কৰি সকলো দিশতে ইতিবাচক দৃষ্টিভংগীৰ উন্মেষ ঘটায়৷ নতুন প্ৰজন্মক সুস্থভাৱে গঢ় দিব নোৱাৰিলে এখন শক্তিশালী ৰাষ্ট্ৰ আৰু এখন শক্তিশালী ৰাজ্য গঠন কৰিব নোৱাৰি৷ ইয়াৰ বাবে যুৱপ্ৰজন্মৰ মানসিক আৰু শাৰীৰিক বিকাশ সাধন কৰিব লাগিব৷তেতিয়াহে উন্নয়ন প্ৰক্ৰিয়াটো অধিক ত্বৰান্বিত হ’ব৷সাম্প্ৰতিক সময়ত ৰাজ্য চৰকাৰে ড্ৰাগছৰ বিৰুদ্ধে যি যুঁজ দি আছে সেই যুঁজত চামিল হৈ এখন ড্ৰাগছমুক্ত সমাজ গঢ়াৰ বাবে অভিভাৱকসকলে নিজৰ সন্তানৰ সন্মুখত নিয়মিতভাৱে যোগৰ অনুশীলনৰ অভ্যাস গঢ়ি তোলাৰ আদৰ্শ স্থাপন কৰিব লাগিব৷”