ডিজিটেল উপনয়ন
পুৱাৰ হাঁহি চেঁচা বতাহজাকে দৰদী দৰদী বুলি এটা সুন্দৰ ৰিংটন বাজি উঠিল।ফোনতো কাণত লৈয়ে জোনটি একপ্ৰকাৰৰ চিন্তাত পৰিল।এতিয়া কি হ’ব?জোনটিৰ কণ্ঠস্বৰৰ দুৰ্বলতা দেখি ঘৰৰ সকলোৰে দৃষ্টি কেৱল জোনটিৰ ওপৰতে নিবদ্ধ।অ’ বাইদেউ,এতিয়া কি হ’ব?হেৰি শুনিছেনে আমাৰ ইটোৰ পাছত সিটো সমস্যা কিয় আহি আছে বাৰু?কি কৰো বাৰু এতিয়া?কি হ’ব এতিয়া? কথাতো কোৱা আগতে বুলি জোনটিৰ স্বামী ৰণে চিঞঁৰি উঠিল।জোনটিয়ে বোলে ৰ’ব মই কৈ আছো আগতে পানী এগিলাচ খাই ল’ব লাগিব।গতিকে পাঠকসকল ইমান সময়ে আপোনালোকেও কি হ’ল ভাবি আছে চাগৈ, জোনটিয়ে পানী গিলাচ খাই মানে মই আপোনালোকক অলপমান কাহিনীটো কৈ লওঁ।
ৰণৰ ঘৰত ৰণ,ৰীত,জোনটি আৰু ৰণৰ বায়েকৰ সৈতে এখন সৰু সুখৰ সংসাৰ।তেওঁলোকৰ ঘৰ গোলাঘাটত।ব্ৰাহ্মণ সম্প্ৰদায়ৰ হোৱাৰ হেতুকে ৰণৰ পুত্ৰক লগুণ দিয়াৰ সময়।এইবাৰ যেনিবা ৰবি,তাৰা সকলোবোৰ মিলিছে।আগৰ বছৰ পাতিম বুলি ভাবিও এটাও দিন নাপালে।এইবাৰ যেনেতেনে এটা দিন মিলিছে।বহুত আশাৰে উপনয়নখন পাতিম বুলি আগবাঢ়োতেই লাগিল লেঠা।যোৱাবছৰৰ দৰে এইবাৰো অতিমাৰী আহি আমাৰ পদুলি পালেহি।চাৰিওফালে হাহাকাৰময় পৰিবেশ।চৰকাৰী নীতি নিৰ্দ্দেশনা কোনো অনুষ্ঠনত দহজনতকৈ অধিক মানুহ থাকিব নোৱাৰিব।কথাষাৰ শুনাৰ পৰা ৰণদীপ ভট্টাচাৰ্য্যৰ ঘৰৰ সকলো চিন্তাতেই পৰি গ’ল।কাৰণ শাহুৱেক শহুৰেক নথকা ঘৰখনত জোনটিৰ একমাত্ৰ ভৰষা আছিল তাইৰ বায়েকৰ ওপৰত।জোনটিৰ মাক,দেউতাকৰো ইতিমধ্যে মৃত্যু হৈছে।গতিকে বায়েকেই কেইদিনমানৰ আগত আহি সকলোবোৰ কাম বন কৰি দিব বুলি জোনটি নিশ্চিন্ত আছিল।কিন্তু হঠাৎ যেন সকলোবোৰ” ভবা কথা নহয় সিদ্ধি বাটত আছে কণাবিধি”ৰ দৰে হৈ পৰিল।কাৰণ বায়েকৰ ঘৰ নগাঁৱত।চৰকাৰী নিৰ্দ্দেশনা আন্তঃজিলা যাতায়ত বন্ধ।হ’ব আৰু উপায় নাই বুলি জোনটিয়ে নিজেই নিজকে সান্তনা দি বায়েক আৰু পুৰুহিতৰ লগত লগ হৈ সকলোবোৰ বস্তু পাতি যোগাৰ কৰিলে।এনেতে নিৰ্দিষ্ট দিনটো আহিল।ৰীতৰ উপনয়ন।ৰাতিপুৱাৰ পৰা কামৰ ব্যস্ততা।সেইদিনা জোনটি আৰু তাইৰ জেশাহুৱেকে চাৰি বজাতেই শোৱাপাটী এৰিছে।জোনটিয়ে লৰা লৰিকৈ ঘৰৰ কোঠালী কেইটা সাৰি মচি গা-ধোৱা ঘৰত সোমাইছেগৈ।গা-ধুই আহি আলমাৰিটো খুলি লওঁতে দুগালে দুধাৰী চকুলো বৈ আহিল।হঠাৎ পিঠিত দিয়া এটা জোকাৰতহে যেন তাইৰ সম্বিত ঘূৰি আহিল।কি হ’ল আহা আকৌ বহুত কাম আছে নহয়।কিয় কান্দিছা তুমি।নহয় অ’বাইদেউ তাৰ উপনয়ন বুলি লোৱা কাপোৰ কেইযোৰ দেখি মনতো সেমেকি উঠিল।এতিয়া আৰু সেইকেইযোৰ নিপিন্ধো বুজিছে বাইদেউ। বাইদেউয়ে বোলে মই যি কেইযোৰ যেনেকৈ পিন্ধিম বুলি ভাবিছিলো তেনেদৰেই পিন্ধিম কাৰণ আমাৰ অনুষ্ঠানতোলে মানুহ আহিবহে নোৱাৰে কিন্তু সকলোৱেতো ঘৰে ঘৰে অনুষ্ঠানটো দেখিবলৈ পাব।মানে বাইদেউ মই বুজা নাই।কেনেকৈ সম্ভৱ সেইটো?কিয় আমিতো উপনয়ৰ সকলো মূৰ্হূত কেমেৰাত বন্দী কৰি চছিয়েল মিডিয়াত দি দিম সেইবাবে মই যেনেকৈ পিন্ধিম বুলি ভাবিছো তেনেদৰেই পিন্ধিম আৰু তুমিও পিন্ধিব লাগিব।অহ বাইদেউ মই তো সেইটো কথা ভবাই নাছিলো বুলি কাপোৰযোৰ উলিয়াই পিন্ধি ল’লে।নিমিষতেই যেন জোনটিৰ মনতো ফৰকাল হৈ গ’ল।তেনেতে পুৰুহিতো আহি পালেহি।সকলোবোৰ কাম নিয়াৰিকৈ হৈ গৈ আছে।পুৰুহিতে ক’লে এতিয়া পানী তুলি আহকগৈ।এতিয়াহে লেঠা লাগিল আয়তি লাগে তিনিগৰাকী।কি হ’ব এতিয়া?বায়েকলৈ ফ’ন লগালে,বা শুনছোন তিনিগৰাকী আয়তি লাগে কি কৰো বাৰু এতিয়া?তই ভিডিঅ’ কলিং কৰ মই সকলো ঠিক কৰি আছো।কোৱামতেই কাম জোনটি,জেশাহুয়েক আৰু ফনত তাইৰ বায়েক।জোনটি মই প্ৰশ্ন কৰি যাম আৰু তই উত্তৰ দি যাবি।
কাক দেখি আহিলা
হৰ গৌৰী ৰ মুখ দেখি আহিলো।
কিয় আহিলা
বতুৰ উপনয়নৰ পানী তুলিবলৈ আহিলো।
কাৰ পানী কাতিছা?
বতুৰ উপনয়নৰ পানী কাটিছো।এইবাৰলৈ যেনিবা ৰক্ষা পৰিল আৰু পিছৰখিনিও ভালদৰেই পাৰ হৈ গ’ল।অহঃ আমাৰ জোনটিও পানী গিলাচ খাই পাইছেহি দেই।পিছৰ খিনি তেওঁৰ মুখেৰেই শুনোছোন আহক।হেৰি আমি আকৌ বিপদত পৰিছো।আজি দৰ পেলোৱা ভোজলৈ বোলে দেউ আহিব নোৱাৰে ,তেখেতৰ ৰাতিপুৱাৰ পৰা অহা যোৱা চলিছে।ৰণে বোলে ধৈৰ্য ধৰা আৰু তোমাৰ বায়েৰালৈ ফ’ন লগোৱা।বায়েকৰ তাত ফ’ন বাজিল।বোলে বাইদেউ আমি আকৌ মহা বিপদত..তুমিয়েই শেষ ভৰষা উদ্ধাৰ কৰা।আমি বৰ চিন্তাত পৰিছো।হয়নিকি ৰ’বাছোন কি কৰিব পৰা যায় চিন্তা কৰো।অলপ সময়ৰ পাছত বায়েকৰ ফ’ন আহিল বোলে মই আমাৰ দেউৰ লগত কথা হ’ল তেখেতে ভিডিঅ’ কলত কৈ যাব নিয়মখিনি ৰীতক কৰি যাবলৈ কৈছে আৰু ৰীতৰ লগত ভাতসাজঁত দেউতাকক বহি দিবলৈ কৈছে।এইদৰেই কথা মতে কাম কৰি ভিডঅ’ কলতে সীমাবদ্ধ হ’ল
ক’ৰনা ডিজিটেল উপনয়ন।