ডাউন-টাউন বিশ্ববিদ্যালয় আৰু হাৰ্টফুলমেছ ইনষ্টিটিউটৰ সৌজন্যত  শান্তি দিৱস উদ্যাপন

pc- Tehran Times

ডাউন-টাউন বিশ্ববিদ্যালয় আৰু হাৰ্টফুলমেছ ইনষ্টিটিউটৰ সৌজন্যত  শান্তি দিৱস উদ্যাপন

অনলাইন বাৰ্ত্তাসেৱা-  অসম ডাউন-টাউন বিশ্ববিদ্যালয় আৰু হাৰ্টফুলমেছ ইনষ্টিটিউটৰ জৰিয়তে  আন্তর্জাতিক শান্তি দিৱস উদ্যাপন কৰা হয়। গছপুলি ৰোপণ কাৰ্যসূচীৰে শুভাৰম্ভ হোৱা এই অনুষ্ঠানতে  বিশ্ববিদ্যালয়ৰ উপাচার্য নাৰায়ণ চন্দ্ৰ চালুকদাৰ, ডীন অৱ ষ্টাডিজ বন্দনা দত্ত, ৰিছাৰ্চ এডভাইজৰ ধৰ্মেশ্বৰ দাসৰ লগতে অন্য কেইবাজনো বিশিষ্ট ব্যক্তিয়ে ১০ জোপা ৰুদ্ৰাক্ষৰ, ৫০ জোপা ৰঙা চন্দন আৰু ৫০ জোপা বগা চন্দনৰ গছপুলি ৰোপণ কৰে । আন্তর্জাতিক শাস্তি দিৱসৰ লাইভ মেডিটেচন কার্যসূচীত বিশ্ববিদ্যালয় কর্তৃপক্ষৰ উপৰি হাৰ্টফুলনেছ গ্ল’বেল শিক্ষক হাজী, পিচ ৱান ডে’ৰ উদ্ভাৱক জেৰেথী গিল, বেডমিণ্টন খেলুবৈ পি ভি সিন্ধু আদি বিশিষ্ট ব্যক্তিসকলে অংশগ্রহণ কৰে।