ডাঃ কলিতাই কয় যে অসমত একমাত্র আঞ্চলিক দল অগপহে আছে। অগপৰ বাহিৰে অসমত আন কোনো আঞ্চলিক দলৰ বিন্দুমাত্রও অস্তিত্ব নাই

pc The Sentinel

ডাঃ কলিতাই কয় যে অসমত একমাত্র আঞ্চলিক দল অগপহে আছে। অগপৰ বাহিৰে অসমত আন কোনো আঞ্চলিক দলৰ বিন্দুমাত্রও অস্তিত্ব নাই

অনলাইন বাৰ্ত্তাসেৱা – অসম গণ পৰিষদ দলৰ অনুষ্ঠিত হোৱা দিছপুৰ বিধান পৰিষদৰ এখন সাংগঠনিক সভাত সভাপতিত্ব কৰে দিছপুৰ বিধান পৰিষদৰ সভাপতি শ্রীকান্ত ডেকাই। সভাত নিমাতীঘাটত সংঘটিত হোৱা দুৰ্ঘটনাটোত মৃতকৰ আত্মাৰ সদ্‌গতিৰ বাবে মৌন প্রার্থনা কৰা হয়। দিছপুৰ বিধান পৰিষদৰ অন্তর্গত ১৫খন আঞ্চলিক পৰিষদ আৰু এখন ৱাৰ্ড সমিতিৰ সভাপতি আৰু সম্পাদকৰ লগতে গুৱাহাটী মহানগৰ সমিতি আৰু দিছপুৰ বিধান পৰিষদৰ বিষয়ববীয়া আৰু সদস্যসকল উপস্থিত থাকে। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সম্পাদক কিশোৰ দেউৰীয়ে আৰু আদৰণি ভাষণ প্রদান কৰে ড০ তপন দাসে। সাংগঠনিক দিশত সম্প্রতি অগপ দল অধিক শক্তিশালী বুলি দাবী কৰি ড০ তপন দাসে কয় যে দিছপুৰ বিধান পৰিষদে যিকোনো প্রত্যাহ্বান নেওচি আগন্তুক পঞ্চায়ত আৰু পৌৰ নিৰ্বাচনত সৱলভাৱে, যুঁজিবলৈ সম্পূর্ণ সাজু। দিছপুৰ বিধান পৰিষদৰ প্ৰতিগৰাকী কৰ্মী-সদস্যই সগৌৰৱেৰে অগপৰ ধ্বজা উৰুৱাই দলীয় সাংগঠনিক ভেটি শক্তিশালী কৰি ৰাখিছে। সভাত উপস্থিত থাকি দলৰ সাধাৰণ সম্পাদক তথা গুৱাহাটী লোকসভা পৰিষদৰ তত্ত্বাবধায়ক ডাঃ কমলাকান্ত কলিতাই দলৰ সংগঠন দিশপুৰ সমষ্টিত অধিক শক্তিশালী কৰাৰ বাবে বহুমূলীয়া পৰামৰ্শ আগবঢ়ায়। ভাষণ প্রসংগত ডাঃ কলিতাই কয় যে অসমত একমাত্র আঞ্চলিক দল অগপহে আছে। অগপৰ বাহিৰে অসমত আন কোনো আঞ্চলিক দলৰ বিন্দুমাত্রও অস্তিত্ব নাই। অগপ শক্তিশালী হৈ থাকিলেহে ৰাজ্যখনৰ জাতীয় জীৱনৰ লগতে ভাষা, কৃষ্টি, সংস্কৃতি, অর্থনীতি আদিও শক্তিশালী হৈ থাকিব। দলৰ আন এগৰাকী সাধাৰণ সম্পাদক নুৰুল হুছেইন, উপ-সভাপতি সুনীল ডেকা প্ৰমুখ্যে বহুকেইগৰাকীয়ে সংগঠন শক্তিশালী কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়ায়।

(UD.)