ড°হেমপ্ৰভা শইকীয়ালৈ আদৰ্শ জননী বটা

ড°হেমপ্ৰভা শইকীয়ালৈ আদৰ্শ জননী বটা

ৰঙিলী বাৰ্ত্তাসেৱা-  বিশিষ্ট শিক্ষাবিদ তথা ৰাজ্যৰ প্ৰাক্তন মন্ত্ৰী ড°হেমপ্ৰভা শইকীয়ালৈ ২০২৩ বৰ্ষৰ সন্মানীয় আদৰ্শ জননী শশীপ্ৰভা কলিতা সোৱৰণী ৰাজ্যিক আদৰ্শ জননী বটা আৰু ৰাজ্যৰ বিশিষ্ট সাংবাদিক ৰাজদীপ বাইলুং বৰুৱাক ২০২৩ বৰ্ষৰ সন্মানীয় ৰাজ্যিক অমৃত প্ৰবাহ সাংবাদিকতা বটাৰ বাবে নিৰ্বাচিত হৈছে৷ আদৰ্শ জননী শশীপ্ৰভা কলিতা স্মৃতিৰক্ষা সমিতি,জনপ্ৰিয় অসমীয়া সাপ্তাহিক অমৃত প্ৰবাহ কাকত আৰু নিউজ ৱেব পৰ্টেল অমৃত নিউজে যৌথভাৱে জুৰি সমিতিৰ জৰিয়তে ঘোষণা কৰা এই বটাসমূহ অহা ১৫ আগষ্টত বিয়লি ৪ বজাত কটন কলেজ এলোমনাই হাউচ প্ৰেক্ষাগৃহত অনুষ্ঠিত হবলগীয়া আদৰ্শ জননী শশীপ্ৰভা কলিতাৰ একবিংশ তম স্মৃতি দিৱস আৰু জনপ্ৰিয় অসমীয়া সাপ্তাহিক অমৃত প্ৰবাহ কাকতৰ নৱম বৰ্ষপূৰ্তি উপলক্ষে আনুষ্ঠানিকভাবে অসম সাহিত্য সভাৰ সভাপতি ড°সূৰ্যকান্ত হাজৰিকা, গুৱাহাটীৰ মেয়ৰ মৃগেন শৰণীয়া, সুসাহিত্যিক তথা অমৃত প্ৰবাহ কাকতৰ মুখ্য সম্পাদক মৃনালিনী দেৱী, শিক্ষাবিদ তথা অমৃত নিউজৰ মুখ্য সম্পাদক ড°দয়ানন্দ পাঠক, আৰক্ষী মহাপৰিদৰ্শক অৰবিন্দ কলিতা, তথ্য জনসংযোগৰ প্ৰাক্তন সচিব নীৰা গগৈ সোণোৱাল, গুৱাহাটী পৌৰ নিগমৰ প্ৰাক্তন আয়ুক্ত দেৱজ্যোতি হাজৰিকা, লোকনিৰ্মাণ পথ বিভাগৰ প্ৰাক্তন বিশেষ আয়ুক্ত সচিব ৰাজেশ কেম্প্ৰাইয়ে বটা প্ৰদান কৰিব৷ উক্ত গাম্ভীৰ্যপুৰ্ণ অনুষ্ঠানত ৰাজ্যৰ বিভিন্ন ক্ষেত্ৰৰ লগত জড়িত ১৫ গৰাকী ব্যক্তিক ২০২৩ বৰ্ষৰ বিশেষ ব্যক্তি-বিশেষ সন্মান প্ৰদান কৰা হব৷ নিৰ্বাচিত সকল ক্ৰমে জয়ন্ত কলিতা,ৰিছা আগৰৱালা,দিপালী তামুলী,বিপিন বৈশ্য,বিনয় কলিতা,আব্দুল চাজিদ, অভিলাষা বৰা,ড°অমল কটকী,ডিম্বেশ্বৰ দাস,জয়শ্ৰী হাজৰিকা,মধুচন্দা অধিকাৰী,পণ্ডিত সঞ্জীৱ নাৰায়ণ দাস,মমী দিহিঙীয়া,আদ্ৰিশা শৰ্মা,বিশ্বজিত চৰকাৰ৷ এক প্ৰেছ বিবৃতি যোগে জুৰি সমিতিৰ হৈ সভাপতি কৈলাস শৰ্মা আৰু সম্পাদক ইন্দ্ৰেশ্বৰ হাজৰিকাই ঘোষণা কৰিছে৷৷