ডলু চাহ বাগিচা পূৰ্বৰ দৰে পৰিচালনা কৰাৰ দাবী তৃণমূল কংগ্ৰেছৰ

ডলু চাহ বাগিচা পূৰ্বৰ দৰে পৰিচালনা কৰাৰ দাবী তৃণমূল কংগ্ৰেছৰ

ৰঙিলী বাৰ্ত্তাসেৱা- কাছাৰ জিলাৰ ডলু চাহ বাগিচা কৰ্তৃপক্ষ টি কো (ইণ্ডিয়া) লিমিটেডে সমগ্ৰ বাগিচাখন লক-আউট ঘোষণা কৰিছে।-এই মন্তব্য তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ৷আজি এক প্ৰেছ বিবৃতি যোগে পুনৰ ৰিপুন বৰাই কয়- চাহ বাগিচাৰ মালিকে গোপনে চৰকাৰৰ সৈতে মিলি প্ৰথমে চাহ শ্ৰমিকৰ পেটত গোৰ মাৰি কেন্দ্ৰীয় চৰকাৰৰ এয়াৰপৰ্টৰ প্ৰস্তাৱ নথকাকৈ বুলডজাৰ চলাবলৈ অনুমতি দিছিল৷ এইবাৰ লক-আউট ঘোষণা কৰিলে৷ চাহ শ্ৰমিকক হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে এনেদৰে পদাঘাত কৰা কাণ্ডক গৰিহণা দিছো৷ এয়া দুৰ্বল শ্ৰেণীৰ ওপৰত বৰ্বৰতা৷ অসম তৃণমূল কংগ্ৰেছে শীঘ্ৰে সকলো বাধা আঁতৰাই পূৰ্বৰ দৰেই বাগিচা পৰিচালনা কৰিবলৈ দাবী জনাইছো৷চাহ শ্ৰমিক আৰু তেওঁলোকৰ সতি-সন্ততিয়ে ৰাজ্য চৰকাৰ আৰু চাহ বাগিচা কৰ্তৃপক্ষৰ বিৰুদ্ধে দীৰ্ঘ সময় প্ৰতিবাদ কৰিছিল৷ কিন্তু চৰকাৰ নাচোৰ বান্দা৷ চাহ বাগিচাৰ ২৫০০ বিঘা মাটি অধিগ্ৰহণ কৰি ২৫০০ দৰিদ্ৰ শ্ৰমিকক নিগমে হত্যা কৰিব খোজা কাণ্ডক আমি সহজভাৱে লোৱা নাই৷ চৰকাৰে চাহ শ্ৰমিকক ন্যায় প্ৰদান নকৰিলে আমি প্ৰতিবাদ কৰিবলৈ বাধ্য হ’ম৷ চাহ শ্ৰমিক আৰু শ্ৰমিকৰ সতি-সন্ততিৰ আৰ্থিক সুৰক্ষাকে ধৰি সকলো দিশৰ সুৰক্ষাৰ ব্যৱস্থা কৰক৷ ২৩২৮ চাহ শ্ৰমিকে স্বাক্ষৰ কৰা স্মাৰক যোগে চাহ বাগিচা ধ্বংস নকৰি বিমান বন্দৰ স্থাপন নকৰিবলৈ প্ৰতিবাদ কৰি অহাৰ সময়তে প্ৰথমে বুলডজাৰ চলোৱা হ’ল আৰু হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ সেউজ সংকেটত নিৰ্দয়ভাৱে বাগিচাখন বন্ধ কৰা হ’ল৷ আমি বকেয়াসহ শ্ৰমিকক ক্ষতিপূৰণ আদায় দিয়া, শ্ৰমিকৰ সংস্থাপন নিশ্চিত নকৰাকৈ গ্ৰীণফিল্ড এয়াৰপৰ্ট নিৰ্মাণ আৰু লক-আউট নকৰিবলৈ সকীয়নি প্ৰদান কৰিছো চৰকাৰক৷