ঠিকনা লোৱা নহ’ল
০০০০০০০
মানুহগৰাকীক লগ পাইছিলো আমাৰ দীঘলীয়া ৰে’ল যাত্ৰাৰ সংগী হিচাপে । আমাৰ সন্মুখৰ আসনত পিন্ধন উৰণত পৰিপাটি সাজেৰে মধ্যবয়সীয়া এহাল দম্পত্তী । কিছুদুৰ যোৱাৰ পিছত মানুহগৰাকীয়ে বেগৰ পৰা টিফিন বক্সটো উলিয়াই গিৰীয়েকক কিবা এটা খাবলৈ দিয়া দেখিলো । তেতিয়ালৈকে আমাৰ মাজত কোনো ধৰণৰ কথা বতৰা হোৱা নাছিল । ক্ষন্তেক পিছত ফ্লাক্সৰ পৰা চাহ উলিয়াই গিলাচটো মানুহ জনক দি আমিও চাহ অকণমান খাম নেকি সুধিলে । আমি চাহ নাখালো যদিও সেই সাধাৰণ মানুহ- হালক যাত্ৰা পথৰ সংগী হিচাপে পায় ভালেই লাগিল । প্ৰথম পৰিচয়ৰ সীমাবদ্ধতাৰে দুই এটা কথাৰ জৰিয়তে তেওঁলোকৰো গন্তব্যস্থান কলিকতা বুলি জানিব পাৰিলো । হাওড়ালৈকে যিহেতু একে পথৰে যাত্ৰী গতিকে কিছুদুৰ যোৱাৰ পিছত আমাৰ মাজত কিবা এটা আত্মীয়তা গঢ়ি উঠিছিল । বিভিন্ন ধৰণৰ খুহুতীয়া কথাৰ পৰা আৰম্ভ কৰি সুখ-দুখৰ নানানটা কথাৰ মাজতে মানুহগৰাকীয়ে কৈ যোৱা তেওঁৰ এক অতীত কাহিনীয়ে মোৰ মনত গভীৰ সাঁচ বহুৱাই গ’ল ।
কিছুবছৰৰ আগৰ কথা, চাকৰি সূত্ৰে গুৱাহাটীত থকা একমাত্ৰ পুত্ৰৰ গা-টো অসুস্থ হোৱাৰ বাবে পুত্ৰই মাকক অৰ্থাৎ আমাৰ সন্মুখৰ মানুহগৰাকীক মাতি পঠিয়ালে নিজৰ ওচৰলৈ । দেউতাক যিহেতু খাদ্য-তালিকাৰ বিধি-বিধান মানি চলিব লগিয়াকৈ কিছু অসুস্থ ব্যক্তি সেইবাবে দেউতাকক ঘৰতে থৈ মাকে পুৱাৰ বাছত উঠি গুৱাহাটী পালেগৈ । তাত গৈ জানিব পাৰিলে যে পুতেকৰ গা ভবাত কৈ অলপ বেছিকৈয়ে বেয়া । গুৱাহাটীৰ চিকিৎসকে সাধ্যানুসৰি চিকিৎসা সেৱা আগবঢ়াইছে যদিও উন্নত চিকিৎসাৰ বাবে অসমৰ বাহিৰলৈ যাবলৈ পৰামৰ্শ আগবঢ়াইছে ।
চাকৰিৰ এই মহঙা দিনত একমাত্ৰ পুত্ৰই চাকৰিত সোমাই উপাৰ্জনক্ষম হোৱাৰ পিছত সুখৰ মুখ দেখা পৰিয়ালটোলৈ যেন দোৰ্ঘোৰ অন্ধকাৰ নামি অহাৰ উমান দিলে চিকিৎসকৰ সেই পৰামৰ্শই । এগৰাকী নাৰী হিচাপে, সেই মূহুৰ্তত মানুহগৰাকীয়ে কেনে ধৰণৰ মানসিক যন্ত্ৰণা সহ্য কৰিব লগিয়া হৈছিলে সেইটো মৰ্মে মৰ্মে উপলব্ধি কৰিলো ।
তেখেতে কৈ গ’ল – এফালে পতি- পত্নী আনফালে মাতৃ- পুত্ৰ, দুয়োটাই মূল্যৰে জুখিব নোৱাৰা সম্বন্ধ । এফালে শিৰৰ সেন্দুৰ আনফালে সন্তানৰ প্ৰতি কৰ্তব্য। হৃদয়ত দুয়োটা সম্বন্ধৰ মাজত তুমুল সংঘাত । কাক প্ৰাধান্য দিয়া উচিৎ হ’ব একো ঠিৰাং কৰিব নোৱাৰা অৱস্থা । স্বামীৰ স্বাস্থ্যৰ প্ৰতি সদা সচেতন মানুহগৰাকীয়ে সেই সময়ত স্বামীৰ কথা মনলৈ আনি নিজকে দূৰ্বল কৰিবলৈ ইচ্ছা নকৰিলে । ন’হলেযে তেওঁ ল’ৰাৰ চিকিৎসাৰ বাবে সাহস গোটাব নোৱাৰিব । স্বামী যিহেতু পৰিয়ালৰ লোকৰ আবেষ্টনীত আছে গতিকে ঈশ্বৰে নিশ্চয় ভালেৰেই ৰাখিব । তেওঁ মাত্ৰ ল’ৰাক সুস্থ কৰি তুলিবৰ বাবে অহোপুৰুষাৰ্থ কৰিব লাগিব ।
শুভাকাঙ্খী সকলৰ সহায়- সহযোগিতা, সজ পৰামৰ্শ আৰু আশীৰ্বাদে যেন মানুহগৰাকীক ধৈৰ্য্য আৰু সাহসৰ প্ৰতীক ৰূপে থিয় দিবলৈ শক্তি প্ৰদান কৰিলে । সংগোপনে নিগৰি অহা চকুলোক সাৰথি কৰি পুত্ৰৰ সৈতে মুম্বাইলৈ উৰা মাৰিলে । মানুহ, ঠাই, ভাষা, পৰিৱেশ সকলো অচিনাকী । সেই একেবাৰে অচিনাকী পৰিৱেশতো প্ৰতিকুল পৰিস্থিতি সাহসেৰে চম্ভালি পুতেকক সুস্থ কৰি ঘৰলৈ অনাৰ পিছতহে দেউতাকে সম্পূৰ্ণ ঘটনাটো জানিব পাৰিলে আৰু আজি সেই পো- বোৱাৰীৰ ওচৰলৈকে তেওঁলোক গৈছে তাতে দুদিন মান থাকি ফুৰা- চকা কৰাৰ মানসেৰে ।
কথাখিনি কঁওতে আবেগিক হৈ পৰা মানুহ গৰাকীৰ স্ৰোতা হিচাপে, চলচলীয়া চকুৰে তেওঁক মাত্ৰ এইটোৱেই ক’ব পাৰিলো যে, মাতৃত্ত্বৰ গৌৰৱ কৰিব পৰাকৈ মই অক্ষম যদিও আন এগৰাকী নাৰী অৰ্থাৎ মাতৃৰ ক্ষেত্ৰত সেইটো কিমান আনন্দৰ কথা তাক নিশ্চয় অনুভৱ কৰিব পাৰো । হয়তু শক্তিদায়িনী মা য়ে দশোহাত মেলি আপোনাক শক্তি প্ৰদান কৰাৰ বাবেই আপুনি আপোনাৰ হৃদয়ৰ দুয়ো যোদ্ধাক সাহসেৰে জয় কৰিব পাৰিলে, যাৰ বাবে আপোনাৰ জীৱন ধন্য । আপোনাৰ জীৱন যুদ্ধৰ এনে সফল সমাপ্তিৰ বাবে আন্তৰ্জাতিক নাৰী দিৱসত আপোনাক মনত পেলাব পাৰোনে ? বেয়া নাপায় যদি ফোন নম্বৰটো দিব, নাৰী দিৱসৰ দিনা ফোন এটা কৰি খবৰ ল’ম, শুভেচ্ছা পঠাম ।
ক্ষন্তেকীয়া চিনাকিৰ আন্তৰিকতা ইমানেই গভীৰ হ’ল, যেন কথাৰ অন্তই নপৰিব । আবেগ, হাঁহি-তামাচাৰ মাজেৰে ৰেলখনে কিন্তু আমাক সময়মতেই হাওড়া পোৱালেগৈ ! পুনৰ শুভেচ্ছা বিনিময় কৰি পৰস্পৰে বিদায় ল’লো আৰু ক্ষন্তেক পিছতেই মনত পৰিল ক’তা , আমি দেখোন ফোন নম্বৰ বা স্থায়ী ঠিকনা বিনিময় কৰিবলৈকে পাহৰিলো । আজি আক্ষেপ হয় এনে এগৰাকী জীৱন সংগ্ৰামী মহিলাক কেতিয়াও আৰু অভিনন্দন জনোৱা নহ’ব ।
০০০০০০০০০০
মৃদুস্মিতা শৰ্মা গোস্বামী
যোৰহাট