টুকটুকীত ইন্সাফ ফাউণ্ডেচনৰ কমিটি গঠন

টুকটুকীত ইন্সাফ ফাউণ্ডেচনৰ কমিটি গঠন

আদিলুৰ ৰহমান,টুকটুকী, ৰঙিলী বাৰ্ত্তাসেৱা- নগাঁও জিলাৰ টুকটুকীত আজি ইন্সাফ ফাউণ্ডেচনৰ পৰিচালনা সমিতিখন গঠন কৰা হয়। আজি দিনৰ ১১বজাত জাকিৰ হুছেইনৰ বাসগৃহত সাংবাদিক আবুল হুছেইনৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সাধাৰণ সভা খনত সাংবাদিক জালাল উদ্দিন আহমেদক সভাপতি ,আবুল হুছেইনক কাৰ্যকৰী সভাপতি, জেছমিনা বেগমক উপ- সভাপতি ,সাংবাদিক আদিলুৰ ৰহমানক সম্পাদক, মুকছিদুল নাহাৰক সহ-সম্পাদক, আৰু ফাৰুক আব্দুল্লাক প্ৰচাৰ সম্পাদক হিচাপে লৈ ইন্সাফ ফাউণ্ডেচন নামৰ এন জি অ’ খনৰ পৰিচালনা সমিতিখন গঠন কৰা হয়। অহা ৩১ জুলাইত কটহগুৰি চিনিয়ৰ চেকেণ্ডাৰী স্কুলত ইন্সাফ ফাউণ্ডেচনৰ শুভ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হব বুলি ফাউণ্ডেচনৰ মুখ্য পৰিচালিকা লিলিমা খাতুন আৰু পৰিচালক ৰিজাদুল ইছলামে জানিবলৈ দিয়ে।কটহগুৰি চিনিয়ৰ চেকেণ্ডাৰী স্কুলত অনুষ্ঠিত হবলগীয়া শুভ উদ্বোধনী সভাত সকলো ৰাইজক উপস্থিত থাকিবলৈ ইন্সাফ ফাউণ্ডেচনৰ মুখ্য পৰিচালিকা লিলিমা খাতুনে আহ্বান জনায়।