জৰ্ডানৰ আমানত চিত্ৰ প্ৰদৰ্শনী,অসমৰ শিল্পী অংশগ্ৰহণ

জৰ্ডানৰ আমানত চিত্ৰ প্ৰদৰ্শনী,অসমৰ শিল্পী অংশগ্ৰহণ

ৰঙিলী বাৰ্ত্তাসেৱা-  জৰ্ডানৰ আমানত ৫ মাৰ্চৰ পৰা আৰম্ভ হৈছে এখন চিত্ৰ প্ৰদৰ্শনী ৷ উল্লেখযোগ্য যে আমান মিউনিচিপেলিটি আৰু ভাৰতৰ এছ্‌ এম্‌ ডি  আৰ্ট  ফাউণ্ডেচন পৃষ্ঠপোষকতাত ‘ৰছ্‌ – এ- লাইন’ আৰ্ট গেলাৰীত অনুষ্ঠিত এই শিল্প  প্ৰদৰ্শনীখন উদ্বোধন কৰে ভাৰতৰ ৰাষ্ট্ৰদূত মিষ্টাৰ আনোৱাৰ হালিমে ৷ অসমকে ধৰি ভাৰতৰ কেইবাজনো শিল্পীৰ লগতে জাপান , জৰ্ডান,ইউএছএ , কানাডা , আলবেনিয়া , টাইৱান , পেলেষ্টাইন আদি কেইবাখনো দেশৰ চিত্ৰশিল্পীয়ে ইয়াত অংশগ্ৰহণ কৰে ৷ উক্ত প্ৰদৰ্শনীখনৰ উদ্বোধনী অনুষ্ঠানত জৰ্ডান চৰকাৰৰ সাংস্কৃতিক বিভাগৰ মুখ্য বিষয়া সকলৰ লগতে আমান সাংস্কৃতিক কেন্দ্ৰৰ মুখ্য প্ৰৱন্ধক তথা কলাসমালোচক গৰাকীয়ো উপস্থিত থাকে৷ ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতেৰে আৰম্ভ হোৱা সভাত ৰাষ্ট্ৰদূত আনোৱাৰ হালিমে এছ্‌ এম্‌ আৰ্ট ফাউণ্ডেচনৰ সভানেত্ৰী জৰ্ডানৰ জেনেৰিতা আম্‌ৰতি আৰু প্ৰতিষ্ঠাপক মিন্টু ডেকাক ধন্যবাদ জনোৱাৰ লগতে উক্ত প্ৰদৰ্শনীখনত অংশগ্ৰহণ কৰা সকলো শিল্পীকে তেওঁৰ সুললিত ভাষণেৰে উৎসাহিত কৰে ৷ এই আন্তঃৰাষ্ট্ৰীয় প্ৰদৰ্শনীখনত অসমৰ হৈ উপস্থিত থকাৰ লগতে অংশগ্ৰহণ কৰে মিন্টু ডেকা , মুকুল দুৱৰা আৰু দেৱব্ৰত মহন্তই ৷  ইয়াত প্ৰদৰ্শিত হয় অসমৰ আন এজন শিল্পী জোনমণি বড়াৰো ছবিৰ প্ৰিণ্ট ৷  মিন্টু ডেকাৰ ইন্সটলেশ্বন কলাৰ লগতে মুকুল দুৱৰা আৰু দেৱব্ৰত মহন্তৰ শিল্পকলাইয়ো চিত্ৰ অনুৰাগী সকলৰ মন আকৰ্ষণ কৰিবলৈ সক্ষম হোৱা বুলি জানিব পৰা গৈছে ৷