জ্ঞানদাভিৰাম বৰুৱা আইন মহাবিদ্যালয়ৰ সভা
ৰঙিলী বাৰ্ত্তাসেৱা- জ্ঞানদাভিৰাম বৰুৱা আইন মহাবিদ্যালয়ৰ এডুকেচনেল ছছাইটিৰ এখন সভা অনুষ্ঠিত হয়৷। সভাত ছ’ছাইটিৰ সভাপতি বিশিষ্ট আইনবিদ ফজিৰউদ্দিন আহমেদে সভাপতিত্ব কৰে। উক্ত অনুষ্ঠানত জে বি আইন মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ড° হেমন্ত কুমাৰ শৰ্মাৰ লগতে কলেজৰ অধ্যক্ষা ড° মালবিকা তালুকদাৰ উপস্থিত থাকে। ছ’ছাইটিৰ সম্পাদক অসম সচিবালয়ৰ ভাষা বিষয়া তথা জে বি আইন মহাবিদ্যালয়ৰ প্ৰাক্তন শিক্ষক সুভাশিষ মহন্তৰ লগতে আন আন কাৰ্য্যনিৰ্বাহক সদস্য ক্ৰমে সহকাৰী সম্পাদক ৰঞ্জন কুমাৰ দাস ,ড° কৃষ্ণা শৰ্মা ,কোষাধ্যক্ষ ইৰফান আজিজ ,অসমীয়া প্ৰতিদিন কাকতৰ জ্যেষ্ঠ সংবাদসেৱী ৰবীন শইকীয়া,এডভোকেট মুকলেশ্বৰ ৰহমান , গৌৰৱ সাহাকে আদি কৰি সকলোৱে শপত বাক্য পাঠ কৰি নিজৰ দায়বদ্ধতা প্ৰকাশ কৰে। সভাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ড° নিৰ্মল কুমাৰ চৌধুৰী , অৱসৰী গুৱাহাটী উচ্চ ন্যায়লয়ৰ জাষ্টিচ চিত্তৰঞ্জন শৰ্মা , সাহিত্য অকাডেমীৰ অসমীয়া ভাষাৰ সভাপতি তথা ভাৰতীয় সনাতনী সাহিত্য আৰু মহাঋষি অৰবিন্দৰ একান্ত সাধক দিগন্ত বিশ্ব শৰ্মা , অসম চৰকাৰৰ প্ৰাক্তন মহাধিবক্তা তথা বাৰ কাউঞ্চিল অৱ অসমৰ সভাপতি চিন্ময় চৌধুৰী আৰু অসম আৰক্ষীৰ মহাপৰিদৰ্শক ড° পাৰ্থসাৰথি মহন্তৰ নাম উপদেষ্টা হিচাবে অন্তৰ্ভূত কৰা হয় ।