জিলাই জিলাই প্ৰতিবাদী কাৰ্য্যসূচী, ওলাই আহিল শত-সহস্ৰ নাগৰিক

জিলাই জিলাই প্ৰতিবাদী কাৰ্য্যসূচী, ওলাই আহিল শত-সহস্ৰ নাগৰিক

ৰঙিলী বাৰ্ত্তাসেৱা- পৰ্বতসম, অসহনীয় মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ দাবীত আজি ৰাজ্যজুৰি জাতীয় বিক্ষোভ কাৰ্য্যসূচী ৰূপায়ন কৰে অসম জাতীয় পৰিষদ দলে৷ ‘হয় মূল্য নিয়ন্ত্ৰণ কৰক, নহ’লে চৰকাৰে গাদী এৰক’ – মূলতঃ এই শ্লোগানেৰে ৰাজ্যৰ প্ৰায় আটাইকেইখন জিলাৰ সদৰত শত-সহস্ৰ লোকে আজি চৰকাৰৰ বিৰুদ্ধে শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে৷ গুৱাহাটীত দলৰ কামৰূপ (মহানগৰ) জিলাৰ উদ্য়োগত ৰাজ্যৰ আৰ্থিক ৰাজধানীস্বৰূপ ফাঁচী বজাৰৰ মাজমজিয়াত জাতীয় পৰিষদৰ কেইবাশ প্ৰতিবাদকাৰীয়ে চৰকাৰৰ আৰু মোনাফাখোৰ বনিয়া গোষ্ঠীৰ বিৰুদ্ধে শ্লোগান দিয়ে৷ মূল্যবৃদ্ধিত চৰকাৰে আওপকীয়াকৈ অৰিহনা যোগাই অহাৰ প্ৰতিবাদত তথা মূল্য বৃদ্ধি নিয়ন্ত্ৰণৰ দাবীত জাতীয় পৰিষদে আৰম্ভ কৰা ধাৰাবাহিক প্ৰতিবাদী কাৰ্য্যসূচীৰ দ্বিতীয় লানি কাৰ্য্যসূচী হিচাপে আজি দলে আজি ৰূপায়ন কৰা এই জাতীয় বিক্ষোভ কাৰ্য্যসূচীত দলৰ সদস্য নোহোৱা বহুসংখ্যক সাধাৰণ নাগৰিকেও অংশগ্ৰণ কৰে৷ উল্লেখযোগ্য যে ভাল দিনৰ প্ৰতিশ্ৰুতি দি ক্ষমতালৈ অহা বিজেপি চৰকাৰৰ দিনত সকলো ধৰণৰ সামগ্ৰীৰ অনিয়ন্ত্ৰিত মূল্যবৃদ্ধিয়ে জনসাধাৰণৰ ওপৰত অসনীয় বোজা জাপি দিছে৷ দাৰিদ্ৰতাৰ পীড়া সহিব নোৱাৰি ইতিপূৰ্বে ৰাজ্যত বহুকেইগৰাকী লোকে আত্মহত্যা পৰ্য্যন্ত কৰিবলগীয়া হৈছে৷ এনে পৰিস্থিতিত ৰাইজক সকাহ দিয়াৰ সলনি কেন্দ্ৰ আৰু ৰাজ্য উভয় চৰকাৰে এফালে ধাৰাবাহিক ঋণ গ্ৰহণেৰে জনসাধাৰণৰ ওপৰত থকা বোজাৰ পৰিমাণ বঢ়াইছে আৰু আনফালে মূলতঃ শাসকীয় দলৰ ৰাজনৈতিক স্বাৰ্থত অপ্ৰয়োজনীয় কামত চৰকাৰী ধন খৰচ কৰি স্পষ্টভাৱে জনবিৰোধী স্থিতি গ্ৰহণ কৰিছে৷ চৰকাৰৰ এনে স্বৈৰাচাৰী কাম-কাজৰ বিৰুদ্ধে ৰাজ্যৰ প্ৰায় আটাইকেইটা বিৰিধী দলে বিগত কিছুদিন ধৰি বিভিন্ন ধৰণৰ আন্দোলনৰ কাৰ্য্যসূচী ৰূপায়ন কৰি আহিছে৷ অসম জাতীয় পৰিষদে দুদিন পূৰ্বে দুঘন্টীয় অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ন কৰাৰ পিছত আজি ৰাজ্যজুৰি জাতীই বিক্ষোভ কাৰ্য্যসূচী ৰূপায়ন কৰে৷ গুৱাহাটীৰ ফাঁচী বজাৰত দলৰ কামৰূপ (মহানগৰ) সমিতিৰ উদ্যোগত আয়োজিত কাৰ্যসূচীত দলৰ কেইবাগৰাকী কেন্দ্ৰীয় নেতাই অংশগ্ৰহণ কৰে৷ প্ৰতিবাদী নেতা-কৰ্মীসকলে প্ৰথমে ফাঁচী বজাৰৰ জেইলৰোড পাৰ্কিং এৰিয়াত সমবেত হয় আৰু তাৰ পৰা সমদল কৰি জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ দিশে অগ্ৰসৰ হয়৷ হাতে হাতে মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবীত লিখা বিভিন্ন প্লেকাৰ্ড-বেনাৰ আৰু দলীয় পতাকা লৈ প্ৰতিবাদকাৰীসকল অগ্ৰসৰ হওঁতে জে’ল ৰোড পুলিচ পইন্ট আৰু গোৱেঙ্কা চাৰিআলিত আৰক্ষীয়ে বেৰিকেট স্থাপন কৰি বাধা দিয়ে যদিও বেৰিকেট অতিক্ৰম কৰি তেওঁলোক আগবাঢ়ি যায়৷ এনেদৰে কিছুদূৰ যোৱাৰ পিছত গীৰ্জা চাৰিআলিত এইবাৰ সমদলকাৰীসকলক মহিলা আৰক্ষী আৰু মহিলা চি আৰ পি এফৰ বৃহৎ দল এটাই আগচি ধৰে৷ প্ৰথম অৱস্থাত আৰক্ষীৰ সৈতে কিছু ঠেলা-হেঁচা হয় যদিও মহিলা আৰক্ষীৰ সৈতে পুৰুষ প্ৰতিবাদকাৰীসকলে ঠেলা-হেঁচা কৰিব নিবিচৰাৰ ফলত সেই ঠাইতে প্ৰতিবাদকাৰীসকল ৰৈ দিয়ে আৰু তাতেই চৰকাৰৰ বিৰুদ্ধে শ্লোগান দিয়ে৷ প্ৰতিবাদকাৰীসকলে ‘মূল্যবৃদ্ধি ৰোধ কৰক’, ‘অসহায় জনসাধাৰণৰ মুখলৈ চাওক’, মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে চৰকাৰে গাদী এৰক’, ‘ভাল দিনৰ সপোন ভংগ কৰা বিজেপি প্ৰতাৰকৰ দল’, ‘গণবিৰোধী বিজেপি চৰকাৰ হুচিয়াৰ’, ‘ হিমন্ত বিশ্বৰ কাম নাই’ আদি শ্লোগান দিয়ে৷ প্ৰতিবাদস্থলীত জাতীয় পৰিষদৰ সম্পাদক ৰাজীৱ ভট্টাচাৰ্য্যই কয় যে উক্ত প্ৰতিবাদেৰে দলে চৰকাৰক জনসাধাৰণৰ মনৰ অৱস্থা উপলব্ধি কৰিবলৈ সকীয়াই দিছে৷ চৰকাৰে যদি জনসাধাৰণৰ অৱস্থা উপলব্ধি কৰি মূল্য বৃদ্ধি নিয়ন্ত্ৰণ নকৰে, তেনেহ’লে আগন্তুক দিনত অধিক প্ৰতিবাদী কাৰ্যসূচী হাতত লব৷ ৰাজ্যৰ ডিব্ৰুগড়, তিনিচুকীয়া, শিৱসাগৰ, চৰাইদেও, লখিমপুৰ, ধেমাজি, যোৰহাট, গোলাঘাট, নগাঁও, মৰিগাঁও, দৰং, হোজাই, নলবাৰী, বৰপেটা, বজালী, ধুবুৰী আদি জিলাৰ সদৰতো জাতীয় পৰিষদৰ নেতা-কৰ্মীসকলে মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ প্ৰতিবাদত জাতীয় বিক্ষোভ কাৰ্য্যসূচী ৰূপায়ন কৰে৷