জিম্বাব’ৱেৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ বাবে ভাৰতৰ দল ঘোষণা

Pc The India Express

জিম্বাব’ৱেৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ বাবে ভাৰতৰ দল ঘোষণা

ৰঙিলী বাৰ্ত্তাসেৱা-  বিচিচিআইয়ে জিম্বাবোৱেৰ বিৰুদ্ধে তিনিখন এদিনীয়া শৃংখলাৰ বাবে ভাৰতৰ ১৫ জনীয়া দল ঘোষণা কৰে। শিখৰ ধাৱানে দলটোৰ নেতৃত্ব দিব। ৱাশ্বিংটন সুন্দৰ আৰু দীপক চাহাৰ দলটোত নতুনকৈ সংযোজন হৈছে। দীপক চাহাৰ আঘাতৰ বাবে দীৰ্ঘদিন ক্ৰিকেটৰ বাহিৰত আছিল। আনহাতে ৰাহুল ত্ৰিপাঠীয়ে তেওঁৰ প্ৰথম এদিনীয়া কল-আপ লাভ কৰিছে। এদিনীয়া খন ১৮, ২০ আৰু ২২ আগষ্টত হাৰাৰে স্পৰ্টছ ক্লাবত অনুষ্ঠিত হ’ব। ঘোষণা কৰা ভাৰতীয় দলটো- শিখৰ ধাৱন (অধিনায়ক), ৰুতুৰাজ গাইকোৱাড, শুভমন গিল, দীপক হুডা, ৰাহুল ত্রিপাঠী, ঈশান কিশন, সঞ্জু ছেমছন, ৱাশ্বিংটন সুন্দৰ, শার্দূল ঠাকুৰ, কুলদ্বীপ যাদৱ, অক্ষৰ পেটেল, আৱেছ খান, প্রসিদ্ধ কৃষ্ণ, মহম্মদ ছিৰাজ, দীপক চাহাৰ ।