জলাতংক ৰোগ- কিছু জানিবলগীয়া কথা- ডা০ যুতিকা ওজা

জলাতংক ৰোগ- কিছু জানিবলগীয়া কথা

ডা০ যুতিকা ওজা

অধ্যাপিকা, কমিউনিটি মেডিচিন বিভাগ

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়

     প্ৰাচীন কালৰ পৰা চলি অহা সংক্ৰামক ৰোগসমূহৰ ভিতৰত জলাতংক ৰোগ (Rabies) উল্লেখযোগ্য। সচৰাচৰ স্তন্যপায়ী জন্তুৰ ভিতৰত আবদ্ধ থকা এই ৰোগ দুৰ্ঘটনাক্ৰমে মানুহলৈ সংক্ৰমিত হয়। সাধাৰণতে বলিয়া কুকুৰ বা অন্য জন্তুৱে কামুৰিলে হোৱা এই ৰোগে মানুহৰ স্নায়ুতন্ত্ৰত আক্ৰমণ কৰে।

     বুৰঞ্জী ফহিয়াই চালে দেখা যায় যে ষোল্লশ শতিকাত ইটালিয়ান চিকিৎসক গিৰোলামো ফ্ৰেকাষ্টোৰো (Girolamo Fracastoro)ই জলাতংক ৰোগে মানুহ আৰু জন্তু উভয়কে আক্ৰমণ কৰে বুলি কৈছিল আৰু এই ৰোগৰ কোনো চিকিৎসা নাই বুলি কৈছিল।

     খ্ৰীষ্টপূৰ্ব ২৩০০ ৰ বেবিলিয়ন সভ্যতাত এই ৰোগৰদ্বাৰা কুকুৰ আৰু মানুহ উভয়ৰে মৃত্যু হোৱাৰ তথ্য পোৱা যায়। সেই সময়ত কুকুৰৰ দ্বাৰা মানুহৰ জলাতংক ৰোগ হ’লে কুকুৰৰ গৰাকীয়ে আৰ্থিক জৰিমনা ভৰিব লাগিছিল।

     প্ৰথম শতিকাৰ ৰোমান বিজ্ঞানী চেলচাচে জলাতংক ৰোগ জন্তুৰ লেলাৱটিৰ সোঁচৰাৰ কথা লিখিছিল। ওঠৰ শতিকাত মেড ষ্টোন(Mad Stone) নামৰ এক বিশেষ ঔষধিৰে জলাতংক ৰোগৰ চিকিৎসা কৰা হৈছিল। এই ঔষধৰ দ্বাৰা শৰীৰৰ বিষাক্ত পদাৰ্থ বাহিৰলৈ ওলাই যায় বুলি বিশ্বাস কৰা হৈছিল।

     বৰ্তমান পৃথিৱীৰ প্ৰায় ১৫০খন দেশত এই ৰোগৰ প্ৰাদুৰ্ভাৱ আছে। বছৰি প্ৰায় ৫৯০০০ মানুহ এই ৰোগৰ বাবে মৃত্যু মুখত পৰে। ভাৰতবৰ্ষত প্ৰায় ৯৯ শতাংশ জলাতংক ৰোগৰ বাবে কুকুৰেই হ’ল মুখ্য বাহক। সেইবাবে জলাতংক ৰোগ বুলিলে আমি কুকৰৰ কথাকে কও। আমেৰিকাত জলাতংক ৰোগীৰ বেছিখিনি বাদুলিৰ দ্বাৰা আক্ৰান্ত হয়।

     যিকোনো স্তন্যপায়ী প্ৰাণীৰে এই ৰোগ হ’ব পাৰে। কুকুৰৰ বাদেও মেকুৰী, গৰু, শিয়াল, বাদুলি, ঘোঁৰা আদিও এই ৰোগৰ দ্বাৰা আক্ৰান্ত হয়। বাদুলিৰ বাহিৰে অন্য চৰাই, সাপ আদি স্তন্যপায়ী নহয় বাবে এই ৰোগত আক্ৰান্ত নহয়। কোনো আক্ৰান্ত বনৰীয়া জন্তুৰ পৰা সাধাৰণতে কুকুৰৰ দেহলৈ এই ৰোগৰ বীজাণু আহে।

     ভাৰতবৰ্ষত জলাতংক ৰোগত বছৰি প্ৰায় ২০০০০ লোকৰ মৃত্যু হয়। সাধাৰণতে কুকুৰে কামুৰিলে বা আচৰিলেই যে এনে ৰোগ হ’ব তেনে নহয়। যদিহে কুকুৰটো ইতিমধ্যে ৰোগৰ দ্বাৰা আক্ৰান্ত হৈছে, তেন্তে তেনে কুকুৰে কামুৰিলে বা আচৰিলে এই ৰোগ হ’ব পাৰে। সাধাৰণতে প্ৰথম অৱস্থাত আক্ৰান্ত কুকুৰৰ কোনো লক্ষণ নাথাকে। গতিকে কুকুৰটো আক্ৰান্ত হয় নে নহয় গম পোৱা নাযায়। আনকি মানুহৰ ক্ষেত্ৰতো ৰোগৰ অৱস্থিতি প্ৰথমে ধৰিব নোৱাৰি। সাধাৰণতে কুকুৰে কামোৰাৰ এমাহৰ পৰা তিনিমাহৰ পিছতহে লক্ষণবোৰে দেখা দিয়ে। কেতিয়াবা অৱশ্যে ৰোগৰ লক্ষণসমূহ কামোৰাৰ সাত দিনৰ পৰা কেইবা বছৰ পিছত দেখা দিব পাৰে। সেইবাবে কুকুৰে কামুৰিলে বা আচুৰিলে যদিহে তেজ ওলাই তেতিয়া সাৱধান হ’ব লাগে। সাধাৰণতে কুকুৰে কামুৰিলে আমি প্ৰায় দহদিন সিহতৰ ওপৰত নজৰ ৰাখিব লাগে আৰু প্ৰতিষেধক বেজী ল’ব লাগে। যদিহে এই দহদিনৰ ভিতৰত কুকুৰৰ কোনো লক্ষণ দেখা নিদিয়ে, তেতিয়া আৰু আমি দহদিনৰ পিছত প্ৰতিষেধক লোৱাৰ প্ৰয়োজন নাই।

     জলাতংক ৰোগ যিকোনো বয়সৰ লোকৰে হ’ব পাৰে। অৱশ্যে আক্ৰান্তৰ ভিতৰত প্ৰায় চল্লিশ শতাংশই হ’ল সৰু ল’ৰা ছোৱালী। সাধাৰণতে খেল ধেমালি কৰি থাকোতে সাধাৰণতে কুকুৰে কামুৰিব বা আচুৰিব পাৰে। কিন্তু বহুক্ষেত্ৰত ল’ৰা ছোৱালীয়ে গুৰুত্ব নিদিয়ে বা কেতিয়াবা ভয়তে ঘৰত নজনায়।

     জলাতংক ৰোগৰ লক্ষণসমূহ-

  • জলাতংক ৰোগৰ আৰম্ভণিতে সাধাৰণতে মূৰৰ বিষ, অলস ভাৱ, ডিঙিৰ চৰচৰণি, সামান্য জ্বৰ আদি লক্ষণে দেখা দিয়ে। এই লক্ষণসমূহ কমেও ৩-৪ দিনলৈকে থাকে। প্ৰায় ৮০ শতাংশ লোকৰে কামোৰা বা আঁচোৰা ঠাইত বিষ অনুভৱ হ’ব পাৰে।
  • লাহে লাহে এই ৰোগ স্নায়ুতন্ত্ৰ লৈকে বিয়পি পৰে। ফলত ৰোগীজনে শব্দ শুনিলেই ভয় কৰিবলৈ আৰম্ভ কৰে। পোহৰ আৰু বতাহলৈকেও ভয় হয়। ক্ৰমাৎ মুখৰ লগতে ডিঙিৰ মাংসপেশীসমূহ সংকুচিত হয়। ৰোগীজন অত্যাধিক ঘামিবলৈ আৰম্ভ কৰাৰ লগতে লেলাৱটি ববলৈ লয়, চকুৰে পানী ববলৈ লয়। খং বেছি হয়, মানসিক চাপ বৃদ্ধি পায়, খিংখিঙীয়া হয়, লগতে মৃত্যুৰ ভয় বৃদ্ধি হয়।
  • লাহে লাহে ৰোগীয়ে পানী পৰ্যন্ত খাব নোৱাৰা হয়। সাধাৰণতে এই পৰ্য্যায় ২-৩ দিন মান থাকে। কিছু কিছু ক্ষেত্ৰত এই পৰ্য্যায় ৫-৬ দিন মানলৈকে থাকিব পাৰে।
  • ক্ৰমাৎ ৰোগীজন পেৰালাইচিচ আৰু ক’মা পৰ্য্যায়লৈকে গৈ মৃত্যু মুখত পৰে।

চিকিৎসা-

          সাধাৰণতে কুকুৰে কামোৰা অংশখিনিত ভাইৰাছ কিছু সময় থাকে, আৰু তাতে ভাইৰাছৰ বৃদ্ধি হয়। তাৰ পিছত শৰীৰৰ স্নায়ুতন্ত্ৰত বিয়পি পৰে আৰু মগজু পায়গৈ। সেইবাবে কামোৰা অংশটো যিমান সোনকালে পৰা যায়, টেপৰ পানীৰে ধুব লাগে। ধুৱাৰ সময়ত চাবোন বা ডিটাৰজেণ্ট বা ফিন’ল ব্যৱহাৰ কৰিব লাগে। কামোৰা অংশটো পুৰিব বা কটেৰাইজেশ্যন কৰিব নালাগে। কামোৰ অংশটো বেছি গভীৰ হ’লে তৎক্ষণাত ডাক্টৰৰ ওচৰলৈ লৈ যাব লাগে।

     প্ৰতিষেধক-

          জলাতংক ৰোগ হৈছে সম্পূৰ্ণৰূপে মাৰাত্মক ৰোগ। কিন্তু এই ৰোগ নিবাৰণ কৰিব পাৰি। এই ৰোগৰ প্ৰতিষেধক বেজী(টিকা) আছে। এই টিকা কুকুৰে কামোৰাৰ আগতেও দিব পাৰি। ফ্ৰান্সৰ বিজ্ঞানী লুই পেষ্টুৰে ১৮৮৫ চনত এই প্ৰতিষেধক বেজী প্ৰস্তুত কৰি উলিয়াইছিল।

     প্ৰতিষেধক কেতিয়া ল’ব লাগে-

  • পোহনীয়া কুকুৰ, মেকুৰীয়ে কামুৰিলে সিহতক ১০ দিনলৈ পৰ্য্যবেক্ষণ কৰিব লাগে। লগতে প্ৰতিষেধক বেজী যিমান সোনকালে পৰা যায় লোৱাৰ ব্যৱস্থা কৰিব লাগে। ১০ দিনৰ পিছতো যদি কুকুৰ বা মেকুৰী সম্পূৰ্ণ সুস্থ অৱস্থাত থাকে, তেন্তে বাকী ৰৈ যোৱা বেজী লোৱাৰ প্ৰয়োজন নাথাকে।
  • কুকুৰ বা মেকুৰী ১০ দিন পৰ্যবেক্ষণ কৰিব নোৱাৰিলে বা বিচাৰি নাপালে সূচীমতে আটাইকেইটা প্ৰতিষেধক বেজী ল’ব লাগে।
  • যদিহে কুকুৰে কোনো কাৰণ নোহোৱাকৈ খেদি আহি কামোৰে।
  • পোহনীয়া কুকুৰ যদিহে প্ৰতিষেধক বেজী দিয়া হোৱা নাই।
  • কুকুৰটোৱে যদিহে কোনো অস্বাভাৱিক আচৰণ দেখুৱায়।

অসমৰ প্ৰায় সকলো চিকিৎসা মহাবিদ্যালয় হস্পিটাল, জিলা চিকিৎসালয়, প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আদিত এই প্ৰতিষেধক বেজী উপলব্ধ।

কুকুৰৰ ক্ষেত্ৰত লবলগীয়া বিধি-

  • ঘৰৰ কুকুৰটোক সময়মতে বেজী দিয়া।
  • পোহনীয়া কুকুৰক ৰাস্তাৰ কুকুৰৰ পৰা আতৰাই ৰখা।
  • গৰাকীবিহীন কুকুৰ মিউনিটিপালিটিৰ দ্বাৰা আঁতৰ কৰা।
  • একোখন ঠাইৰ ক’মেও ৮০% কুকুৰক বছৰি প্ৰতিষেধক বেজী দিয়া।
  • সামাজিক স্থানত কুকুৰৰ প্ৰৱেশ বন্ধ কৰা।
  • বাহিৰৰ পৰা অনা কুকুৰ ছমাহলৈ কোৱাৰেণ্টাইন কৰা।
  • কুকুৰ বা মেকুৰী যদি বলিয়া হয়, তৎক্ষণাত মাৰি পেলেৱা।
  • অস্বাভাৱিক আচৰণ কৰিলে তৎক্ষণাত কৰ্তৃপক্ষক খবৰ কৰা।

সজাগতাই জলাতংক ৰোগৰ পৰা আঁতৰত থকা একমাত্ৰ উপায়। তাৰ পিছতো কেতিয়াবা কুকুৰে বা অন্য জন্তুৱে কামুৰিলে ভীতিগ্ৰস্ত নহৈ অনতিপলমে চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে।