জলসিঞ্চন বিভাগৰ অৱসৰী কৰ্মচাৰী, সমাজসেৱক ৰাম মোহন চৌধুৰীৰ মৃত্যু

জলসিঞ্চন বিভাগৰ অৱসৰী কৰ্মচাৰী, সমাজসেৱক ৰাম মোহন চৌধুৰীৰ মৃত্যু

এম হাছিম আলী, মুকালমুৱা, ৰঙিলী বাৰ্ত্তাসেৱা- নলবাৰী জিলাৰ মুকালমুৱাৰ মেধিপাৰা গাওঁত জন্ম গ্ৰহণ কৰা বিশিষ্ট সমাজকৰ্মী, জলসিঞ্চন বিভাগৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী ৰাম মোহন চৌধুৰীৰ যোৱা ২৪ ছেপ্টেম্বৰত হৃদ ৰোগত আক্ৰান্ত হৈ মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭০(সত্তৰ) বছৰ। ১৯৫৩ চনৰ এক এপ্ৰিলত জন্ম গ্ৰহণ কৰা চৌধুৰীয়ে ১৯৭৫ চনত ধনশিৰি প্ৰকল্প বান্ধ সংমণ্ডল জলসিঞ্চন, ভৈৰৱকুণ্ডত নিম্ন বৰ্গ সহায়ক হিচাপে চাকৰিত যোগদান কৰে আৰু ২০১২ চনত সেই কাৰ্যালয়ৰ পৰাই মুখ্য সহায়ক হিচাপে অৱসৰ গ্ৰহণ কৰে। এগৰাকী অতি সহজ সৰল অমায়িক ব্যক্তিৰূপে সকলোৰে মাজত জনপ্ৰিয় ৰাম মোহন চৌধুৰীৰ মৃত্যুৰ বাতৰি শুনি তেওঁৰ বন্ধু আৰু অঞ্চলটোত শোকৰ ছাঁ পৰে। উল্লেখযোগ্য যে মাত্ৰ এমাহ দহ দিন পূৰ্বে তেঁওৰ পত্নী গুণদা চৌধুৰীৰো আকস্মিক মৃত্যু হয়। চৌধুৰীৰ মৃত্যুত ধনশিৰি প্ৰকল্প বান্ধ সংমণ্ডল (জলসিঞ্চন) ৰ সমূহ কৰ্মচাৰীয়ে দুখ প্ৰকাশ কৰে আৰু মৃতকৰ আত্মাৰ শান্তি কামনা কৰাৰ লগতে শোক সন্তপ্ত পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰে। চৌধুৰীয়ে ২০১৭ চনৰ পৰা ২০২০ চনলৈ বৰক্ষেত্ৰী সাৰ্বজনীন দুৰ্গা পূজা সমিতিৰ সভাপতি হিচাপে সেৱা আগবঢ়োৱাৰ লগতে মেধিপাৰা গাওঁ উন্নয়ন সমিতি, মুকালমুৱা ড্ৰীমলেণ্ড ইংলিছ স্কুল, প্ৰফুল্ল জ্যোতি শিল্পী সমাজ, মুকালমুৱা সাহিত্য সাহিত্য সভা, বৰক্ষেত্ৰী মহাবিদ্যালয় পৰিচালনা সমিতি, ছন্ডী মেধি বালিকা বিদ্যালয় আদি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান আদিৰ লগত জড়িত হৈ আছিল। মৃত্যুৰ সময়ত প্ৰয়াত ৰাম মোহন চৌধুৰীয়ে তিনি জন পুত্ৰ, তিনি গৰাকী বোৱাৰী আৰু নাতি নাতিনীৰ লগতে পৰিয়ালৰ অনেক আত্মীয়ক ইহ সংসাৰত এৰি যায়।