জম্মু-কাশ্মীৰৰ বাৰামুলাত সংঘৰ্ষত লস্কৰ-ই-তৈবাৰ শীৰ্ষ কমাণ্ডাৰ নিহত
ৰঙিলী বাৰ্ত্তাসেৱা- আৰক্ষীয়ে জনোৱা অনুসৰি জম্মু-কাশ্মীৰৰ বাৰামুলা জিলাত সংঘটিত এক সংঘৰ্ষত লস্কৰ-ই-তৈবাৰ শীৰ্ষ কমাণ্ডাৰ ইউছুফ কন্ট্ৰু নিহত হৈছে। তেওঁ সাধাৰণ লোক আৰু নিৰাপত্তাকৰ্মীৰ কেইবাটাও হত্যাকাণ্ডত জড়িত আছিল, যাৰ ভিতৰত আছে শেহতীয়াকৈ বুদগাম জিলাত জম্মু-কাশ্মীৰৰ এছ পি অ’ আৰু তেওঁৰ ভায়েক আৰু এজন সৈনিক আৰু এজন অসামৰিক লোকৰ হত্যা। তেওঁৰ ওচৰৰ পৰা আপত্তিজনক সামগ্ৰীও উদ্ধাৰ কৰা হৈছে।