জম্মু-কাশ্মীৰৰ কুলগামত সংঘৰ্ষত দুজন উগ্ৰপন্থী নিহত

জম্মু-কাশ্মীৰৰ কুলগামত সংঘৰ্ষত দুজন উগ্ৰপন্থী নিহত

ৰঙিলী বাৰ্ত্তাসেৱা- জম্মু-কাশ্মীৰৰ কুলগামত সংঘটিত এক সংঘৰ্ষত নিৰাপত্তাৰক্ষীৰ গুলিত দুজন অচিনাক্ত উগ্ৰপন্থী নিহত হৈছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। জিলাখনৰ নৌপোৰা-খেৰপোৰাত উগ্ৰপন্থীৰ উপস্থিতিৰ বিষয়ে তথ্য পোৱাৰ পিছত এটা বেষ্টনী আৰু তালাচী অভিযান আৰম্ভ কৰা হৈছিল, এজন আৰক্ষী বিষয়াই কয়। তেওঁ লগতে কয় যে তালাচী অভিযানটো এনকাউণ্টাৰলৈ ৰূপান্তৰিত হৈছিল য’ত উগ্ৰপন্থীকেইজন নিহত হৈছিল।