জনসংযোগৰ অতিথিগৃহ ‘অজেয় ভৱন’ৰ শুভ উদ্বোধন 

জনসংযোগৰ অতিথিগৃহ ‘অজেয় ভৱন’ৰ শুভ উদ্বোধন 

দিছপুৰ,ৰঙিলী বাৰ্ত্তাসেৱা-  তথ্য আৰু জনসংযোগ সঞ্চালকালয় প্ৰাংগনত অজেয় ভৱন’নামেৰে এটা অতিথি গৃহৰ আজি শুভউদ্বোধন কৰা হয়৷ সদৌ অসম জনসংযোগ কৰ্মচাৰী সন্থাৰ উদ্যোগত এই উপলক্ষে আয়োজিত সভাত জনসংযোগৰ সঞ্চালক মানবেন্দ্ৰ দেৱ ৰয়ে সকলো বিষয়া-কৰ্মচাৰীৰ উপস্থিতিত অতিথি গৃহটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰে । অনুষ্ঠানত ভৱনটো সুচাৰুৰূপে পৰিচালনা কৰাৰ লগতে প্রয়োজনীয় সা-সুবিধা প্ৰদান কৰাৰ বাবে সকলো ধৰণৰ সহায়-সহযোগিতা আগবঢ়াব বুলি সঞ্চালকগৰাকীয়ে আশ্বাস প্ৰদান কৰে ৷  উল্লেখযোগ্য যে অসমৰ বিভিন্ন জিলা-মহকুমাত কৰ্মৰত বিষয়া-কৰ্মচাৰীসকলে কামৰ সংক্ৰান্তত মুখ্য কাৰ্যালয়লৈ আহিলে বেমেজালি নোহোৱাকৈ নিশা কটাব পৰাকৈ এই গৃহটোৰ ব্যৱস্থা কৰা হৈছে। সঞ্চালকালয়ৰ চৌহদতে নিৰ্মাণ কৰা সকলো সাসুবিধাসম্পন্ন এই ‘অজেয় ভৱন’টো সদৌ অসম জনসংযোগ কৰ্মচাৰী সন্থাৰ কাৰ্যনিৰ্বাহক সমিতিৰ যোৱা দুবছৰৰ পৰিকল্পনাৰ ফল।

এই উদ্বোধনৰ অন্তত কৰ্মচাৰী সন্থাৰ বিষয়ববীয়াই ‘অজেয় ভৱনতথ্য আৰু জনসংযোগৰ সকলো বিষয়া-কৰ্মচাৰীৰ বাবে উছৰ্গা কৰে ৷ ভৱনটো কম দিনৰ ভিতৰতে নিৰ্মাণ কৰি উলিওৱাৰ ক্ষেত্ৰত বিভিন্নজনৰ সহায়-সহযোগিতা লাভ কৰাৰ কথা উল্লেখ কৰি সন্থাৰ সভাপতি ৰাচিদুজ জামাল আৰু সম্পাদক নীলমনি দাসে প্রকাশ কৰে যে, উক্ত ভৱনটো সন্থাৰ জমা পুঁজিৰ লগতে জনসংযোগৰ মুখ্য কাৰ্যালয় আৰু জিলা তথা মহকুমাৰ সকলো বিষয়া-কৰ্মচাৰীয়ে আগবঢ়োৱা নগদ ধন তথা বিভিন্ন ধৰণৰ সাহায্যৰ ফলতেই সম্পূৰ্ণ হৈ উঠিছে। এই ক্ষেত্ৰত বিশেষকৈ সদ্য অৱসৰপ্ৰাপ্ত অতিৰিক্ত সঞ্চালক প্রদীপ ব্রহ্ম তথা অসম জনসংযোগ বিষয়া সন্থাৰ বিষয়ববীয়াসকলৰ প্ৰতি দুয়োগৰকীয়ে কৃতজ্ঞতা প্রকাশ কৰে। এই উদ্বোধনী অনুষ্ঠানত সঞ্চালকালয়ৰ অতিৰিক্ত সঞ্চালক শেখৰ ইংতি, যুটীয়া সঞ্চালকদ্বয় দীপক বসুমতাৰী, ৰাজীৱ শ‍ইকীয়াৰ লগতে মুখ্য কাৰ্যালয়ৰ বিষয়া-কৰ্মচাৰীসকল উপস্থিত থাকে