জনশিমলু হাইস্কুলত সজাগতা সভা

জনশিমলু হাইস্কুলত সজাগতা সভা

ৰঙিলী বাৰ্ত্তাসেৱা-মহানগৰীৰ বতাহঘুলিস্থিত জনশিমলু হাইস্কুল প্ৰাংগণত দিছপুৰস্থিত ৰাজধানী চিকিৎসালয়ৰ উদ্যোগত  এখনি সজাগতা সভা অনুষ্ঠিত হয় ৷ বিদ্যালয়ৰ প্ৰধান শিক্ষক কনক কলিতাই পৌৰোহিত্য কৰা সভাত হাস্পতালৰ বিকাশ কলিতাই মেলেৰিয়া, ডেংগু, কলেৰা আদি বেমাৰৰ প্ৰতিৰোধ সম্পৰ্কে বিদ্যালয়ৰ ছাত্ৰ- ছাত্ৰীৰ মাজত কিছু বক্তব্য দাঙি ধৰে ৷ আনহাতে বিদ্যালয়ৰ ছাত্ৰী- ছাত্ৰীৰ মাজত মত বিনিময় অনুষ্ঠান অনুষ্ঠিত হয় ৷ প্ৰশ্নত্তোৰ শিতানত উত্তৰ দিয়া ছাত্ৰী- ছাত্ৰীক পুৰস্কাৰ প্ৰদান কৰে৷সভাত বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী, কৰ্মচাৰী আদি কেইবাজনো লোক উপস্থিত থাকে ৷