জনপ্ৰিয় অভিনেতা জয়ন্ত দাস অসুস্থ

জনপ্ৰিয় অভিনেতা জয়ন্ত দাস অসুস্থ

ৰঙিলী বাৰ্ত্তাসেৱা- অসমীয়া চলচ্চিত্ৰজগতৰ জনপ্ৰিয় অভিনেতা জয়ন্ত দাস অসুস্থ হৈ পৰিছে। বৰ্তমান সংকটজনক অৱস্থাত মহানগৰীৰ খ্ৰীষ্টানবস্তিৰ এপ’ল’ হস্পিতালত চিকিৎসাধীন হৈ আছে অভিনেতাজন। শনিবাৰে নিশা হস্পিতালত ভৰ্তি কৰোৱা হৈছে বুলি জানিব পৰা গৈছে।জানিব পৰা মতে, বৰ্তমান ভেন্টিলেচনত ৰখা হৈছে অভিনেতা জয়ন্ত দাসক। যকৃৎজনিত বেমাৰত আক্ৰান্ত হৈছে অভিনেতাগৰাকী।  অভিনেতাজনৰ আশু আৰোগ্য কামনা কৰিছে ৰাজ্যবাসীয়ে।