জনতা ভৱনত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস পালন
দিছপুৰ, ৰঙিলী বাৰ্ত্তাসেৱা- ভাৰতৰ নিৰ্বাচনী আয়োগৰ নিৰ্দেশনা অনুযায়ী সমগ্ৰ দেশৰ লগতে অসমতো আজি ১৩ সংখ্যক ৰাষ্ট্ৰীয় ভোটাৰ দিৱস পালন কৰা হয়। এই উপলক্ষে আজি অসম সচিবালয়ৰ ব্লক-এ প্ৰাংগনত ৰাষ্ট্ৰীয় ভোটাৰ দিৱসৰ শপত বাক্য পাঠ কৰা হয়। অসম চৰকাৰৰ পৰিবেশ আৰু বন বিভাগৰ অতিৰিক্ত মুখ্য সচিব ৰবি শংকৰ প্ৰসাদে জনতা ভৱনৰ সমূহ বিষয়া কৰ্মচাৰীক শপত বাক্য পাঠ কৰোৱায়। উল্লেখযোগ্য যে, ভাৰতবৰ্ষৰ জনসাধাৰণক বিশেষকৈ যুৱ প্ৰজন্মক দেশৰ গণতান্ত্রিক পৰম্পৰা ৰক্ষা কৰি নিৰ্বাচনী প্ৰক্ৰিয়াৰ জৰিয়তে ভোটাধিকাৰ সাব্যস্ত তথা এই প্ৰক্ৰিয়াৰ প্রতি সজাগতা সৃষ্টিৰ বাবে সমগ্ৰ ভাৰতবৰ্ষতে ২৫ জানুৱাৰীৰ দিনটো ৰাষ্ট্ৰীয় ভোটাৰ দিৱস হিচাপে পালন কৰি অহা হৈছে। ভাৰতীয় নাগৰিকসকলে গণতন্ত্ৰৰ ওপৰত আস্থা ৰাখি সম্পূর্ণ মুক্ত, স্বচ্ছ তথা শাস্তিপূর্ণ নির্বাচনী প্রক্রিয়াৰে প্ৰতিটো নিৰ্বাচনতে নিৰ্ভয়ে জাতি, ধর্ম, বর্ণ, ভাষা নির্বিশেষে ভোটদান কৰিবলৈ এই দিনটোত শপত লোৱা হয় ।