জনতা ভৱনত “লাচিত বৰফুকন এপ্” পৰ্টেল মুকলি

Pc facebook

জনতা ভৱনত “লাচিত বৰফুকন এপ্” পৰ্টেল মুকলি

ৰঙিলী বাৰ্ত্তাসেৱা-  মোগল সাম্ৰাজ্যক পৰাস্ত কৰা বীৰ লাচিত বৰফুকনৰ ৪০০ তম জন্মজয়ন্তী উপলক্ষে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই  জনতা ভৱনত “লাচিত বৰফুকন এপ্” পৰ্টেল মুকলি কৰে। এপ্ মুকলি কৰি মুখ্যমন্ত্রী গৰাকীয়ে কয় যে, “মানুহে কাগজত বীৰ লাচিত বৰফুকনৰ ওপৰত তেওঁলোকৰ মতামত লিখি ভাগ বতৰা কৰাৰ লগতে ইয়াক এপটোত আপলোড কৰিব পাৰিব। পোৰ্টেল আৰু এপত লিখি আপলোড কৰা লোকসকলক ৰাজ্য চৰকাৰে স্বীকৃতিৰ প্ৰমাণপত্ৰ প্ৰদান কৰিব। সমগ্ৰ বিশ্বৰ মানুহে লাচিত বৰফুকনৰ বিষয়ে তেওঁলোকৰ মতামত প্ৰকাশ কৰিব পাৰে।”ইয়াৰোপৰি, মুখ্যমন্ত্ৰী ড° শৰ্মাই ঘোষণা কৰে যে, “১৮ নৱেম্বৰত ৰাজ্যৰ সকলো মহাবিদ্যালয়, বিদ্যালয়সমূহত লাচিত বৰফুকনৰ ওপৰত প্ৰবন্ধ-ৰচনা প্ৰতিযোগিতাৰ আয়োজন কৰা হ’ব৷ সকলো শিক্ষানুষ্ঠানক প্ৰবন্ধ দাখিল কৰিব। পিছত এই প্ৰতিযোগিতা জিলা আৰু ৰাজ্যিক পৰ্যায়ত অনুষ্ঠিত হ’ব।”