ছয়মাহিলী পৰীক্ষাত অৱতীৰ্ণ নোহোৱা শিক্ষাৰ্থীয়ে দিব নোৱাৰিব মেট্ৰিক আৰু হাই মাদ্রাছা পৰীক্ষাৰঃ ছেবা

Pc- Google play

ছয়মাহিলী পৰীক্ষাত অৱতীৰ্ণ নোহোৱা শিক্ষাৰ্থীয়ে দিব নোৱাৰিব মেট্ৰিক আৰু হাই মাদ্রাছা পৰীক্ষাৰঃ ছেবা

ৰঙিলী বাৰ্ত্তাসেৱা– অসম মাধ্যমিক শিক্ষা পৰিষদে (ছেবা) এক নির্দেশনাযোগে সদৰী  কৰে যে ২৫ নৱেম্বৰৰ পৰা মেট্ৰিক আৰু হাই মাদ্রাছা পৰীক্ষাত অৱতীৰ্ণ হ’ব বিচৰা পৰীক্ষাৰ্থীসকলৰ অনলাইন প্র পত্ৰ পূৰণ প্ৰক্ৰিয়া আৰম্ভ হ’ব। অনলাইন পৰীক্ষা প’ৰ্টেলৰ জৰিয়তে শিক্ষার্থীসকলে এই প্ৰ-পত্ৰ পূৰণ কৰিব পাৰিব।তেওঁলোকৰ ইউজাৰ আই ডি আৰু পাছৱৰ্ডসমূহ নৱম শ্রেণীৰ পঞ্জীয়নৰ সৈতে একেই থাকিব।কোনো শিক্ষার্থীয়ে যদি পাছৱৰ্ড আৰু আইডিসমূহ পাহৰিছে, তেনেহ’লে তেওঁলোকে ছেবাৰ আঞ্চলিক কাৰ্যালয়ৰ সদস্য সচিবৰ সৈতে যোগাযোগ কৰিব পাৰিব। এই পৰীক্ষাত অৱতীৰ্ণ হ’ব বিচৰা শিক্ষার্থীসকলে পৰীক্ষাৰ নামত ৬৫০ টকা, পৰীক্ষা কেন্দ্ৰৰ নামত ৩০০ টকা আৰু ব্যৱহাৰিক পৰীক্ষাৰ নামত ১৫০ টকা মাচুল আদায় দিব লাগিব।২ লাখ টকাৰ তলত যিসমূহ পৰিয়ালৰ বাৰ্ষিক উপাৰ্জন সেই পৰিয়ালসমূহৰ শিক্ষাৰ্থীসকলে এই মাচুলসমূহ ৰেহাই পাব। এনে শিক্ষার্থীসকলৰ অভিভাৱক অথবা পিতৃ-মাতৃয়ে সংশ্লিষ্ট বিদ্যালয়ৰ মুৰব্বীক মাচুল ৰেহাইৰ বাবে আবেদন কৰিব পাৰিব আৰু বিদ্যালয়খনৰ মুৰব্বীয়ে অভিভাৱকে দাখিল কৰা আবেদনসমূহ পৰীক্ষা কৰি তেওঁলোকক মাচুল ৰেহাই দিব পাৰে নে নোৱাৰে সেয়া বিচাৰ কৰিব। ছেবাই লগতে প্ৰকাশ কৰে যে যিসকল শিক্ষাৰ্থীয়ে ছয়মাহিলী পৰীক্ষাত অৱতীৰ্ণ হোৱা নাই তেওঁলোকক মেট্ৰিক আৰু হাই মাদ্ৰাছা পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বাবে অযোগ্য হিচাপে বিবেচিত কৰা হ’ব।