ছিপাঝাৰ আৰক্ষী থানাৰ অন্তৰ্গত ২নং বৈনাৰা গাঁওৰ যুৱক সন্ধানহীন 

ছিপাঝাৰ আৰক্ষী থানাৰ অন্তৰ্গত ২নং বৈনাৰা গাঁওৰ যুৱক সন্ধানহীন 

কিশোৰ কুমাৰ শৰ্মা, ৰঙিলী বাৰ্ত্তাসেৱা-  কলাইগাওঁ বিধানসভা সমষ্টি এলেকাধীন ছিপাঝাৰ আৰক্ষী থানাৰ অন্তৰ্গত ২নং বৈনাৰা গাঁও নিবাসী তথা ভাৰতীয় জনতা পাৰ্টিৰ কলাইগাওঁ মণ্ডল সমিতিৰ সভাপতি দুৰ্গেশ্বৰ নাথৰ কনিষ্ঠ পুত্ৰ স্বৰ্ণ কমল চৌধুৰী (২৮)যোৱা শনিবাৰৰ পৰা সন্ধানহীন হৈ আছে। পৰিয়াল সূত্ৰে জানিব পৰা মতে তেওঁ নলবাৰী জিলাত এক্সিস বেংকত কৰ্মৰত আছিল ৷ অমায়িক যুৱকজনৰ এতিয়ালৈ কোনো সন্ধান লাভ নকৰাত পৰিয়ালৰ লগতে আত্মীয় স্বজনে উদগ্ৰীৱতাৰে সময় কটাইছে। প্ৰাপ্ত তথ্য অনুসৰি আৰক্ষীৰ অনুসন্ধান মতে যুৱকজনৰ ম’বাইলৰ অন্তিম অৱস্থিতি পশ্চিমবঙ্গৰ মালদাত পোৱা গৈছিল যদিও ফোনৰ চুইছ বন্ধ হৈ থকাত জটিল পৰিস্থিতিৰ সৃষ্টি হৈছে। উক্ত ঘটনা অপহৰন নে অন্য কিবা সূত্ৰ জড়িত হৈ আছে সেয়া আৰক্ষীৰ অধিক তদন্তত হে নিশ্চিত হ’ব বুলি স্হানীয় ৰাইজে প্ৰকাশ কৰিছে। পৰিয়ালৰ লগতে আত্মীয় স্বজনে যুৱক জনক সুস্থ শৰীৰে উদ্ধাৰ কৰিবলৈ অসমৰ মুখ্যমন্ত্ৰী, ৮নং মঙ্গলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়া, ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা ,অসম চৰকাৰৰ মন্ত্ৰী তথা নলবাৰী সমষ্টিৰ বিধায়ক জয়ন্ত মল্ল বৰুৱাৰ লগতে ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধানক বিষয়টো গুৰুত্বসহকাৰে লৈ পৰিয়ালটোক সকাহ দিবলৈ কৰযোৰে প্ৰাৰ্থনা জনাইছে। আনহাতে কোনো সদাশয় ব্যক্তিয়ে যুৱকজনৰ সন্ধান পালে নিম্নোক্ত ঠিকনা আৰু ফোন নম্বৰত জনাবলৈ পৰিয়ালে অনুৰোধ জনাইছে। পিতৃ -দুৰ্গেশ্বৰ নাথ,গাওঁ- ২ নং বৈনাৰা, ডাক-আন্ধেৰীঘাট, থানা-ছিপাঝৰ,জিলা -দৰং। যোগাযোগ নম্বৰ -৯১০১২৯১৩২৬, ৮৪৭৩৮৩৫২৭৪ ।