চৰাইদেউ নাহৰতলিত জাতীয় পৰিষদৰ কেন্দ্ৰীয় মে ডাম মে ফি উৎযাপন

চৰাইদেউ নাহৰতলিত জাতীয় পৰিষদৰ কেন্দ্ৰীয় মে ডাম মে ফি উৎযাপন

ৰঙিলী বাৰ্ত্তাসেৱা-  অসম জাতীয় পৰিষদ দলে চৰাইদেউ জিলাৰ মাহমৰা বিধানসভা সমষ্টিৰ নাহৰতলি ম’ডাম ফুকন ক্ষেত্ৰত কেন্দ্ৰীয়ভাৱে মে ডাম মে ফি উৎযাপন কৰে৷ দলৰ চৰাইদেউ জিলা সমিতিৰ উদ্যোগত তথা নিজখালৈঘোগুৰা আৰু ডবা আঞ্চলিক সমিতিৰ সহযোগত আয়োজিত উক্ত অনুষ্ঠানত দলৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে৷ পুৱা পতাকা উত্তোলন কৰে উদ্‌যাপন সমিতিৰ সভাপতি বীৰেন বৰুৱাই৷ মৈদাম তৰ্পন কৰে দলৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু প্ৰচাৰ সম্পাদক তথা মুখপাত্ৰ জিয়াউৰ ৰহমানে৷ আহোম জনগোষ্ঠীৰ পৰম্পৰা অনুসৰি উপৰিপুৰুষৰ স্মৃতিত মাংগলিক অনুষ্ঠান সম্পাদনৰ পাছত জনগোষ্ঠীয় নৃত্য আদি প্ৰদৰ্শন কৰা হয় আৰু তাৰ পাছত মুকলি সভা অনুষ্ঠিত হয়৷ মুকলি সভাত দলৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে আহোম স্বৰ্গদেউ চুকাফাই বৰ অসমৰ ভেটি প্ৰতিষ্ঠাৰে অসমীয়া জাতিক এটা জাকত জিলিকা জাতি হিচাপে প্ৰতিষ্ঠাৰ কেনেদৰে গুৰি ধৰিছিল সেই কথা স্মৰণ কৰি কয় যে আহোম স্বৰ্গদেউসকলে ধৰ্ম-বৰ্ণ নিৰ্বিশেষে সকলোকে আপোন কৰি লৈ এখন বহল সমাজ গঢ়ি গৈছিল যাৰ পৰম্পৰা আজিও অব্যাহত আছে৷ কিন্তু মোঘলে যি দিল্লীৰ পৰা বহি অসম দখল কৰিবলৈ কূট-কৌশল ৰচনা কৰিছিল, আজিও সেই দিল্লীৰ মচনদত বহি থকাসকলে অসমৰ মানুহক ধৰ্ম-বৰ্ণৰ ভিত্তিত ভাগ ভাগ কৰি অসমৰ ওপৰত মোঘলৰ আৰ্হিতে প্ৰভূত্ব খটুৱাই থাকিব বিচাৰিছে৷ এই প্ৰয়াস আহোম স্বৰ্গদেউসকলৰ সপোন আৰু অসমীয়া জাতিৰ ঐতিহাসিক পৰম্পৰাৰ পৰিপন্থী৷ এনে প্ৰয়াসক বাধা দিব পাৰিলেহে আহোম ৰাজশাসনৰ ঐতিহ্যক শ্ৰদ্ধা সহকাৰে আগবঢ়াই নিব পৰা হ’ব৷ অসমত সাম্প্ৰদায়িক আৰু দিল্লীৰ কেন্দ্ৰীভূত শাসন ব্যৱস্থাৰ অধীন কৰি পেলালে আহোম স্বৰ্গদেউসকলৰ আত্মাৰ প্ৰতি অন্যায় কৰা হ’ব বুলি গগৈয়ে মত প্ৰকাশ কৰে৷